পদুমী এজনী দুখীয়া ঘৰৰ ছোৱালী আছিল।তাই কামে কাজে সকলোতে পাৰ্গত আছিল। আৰু তাইক যিয়ে কাম কৰিবলৈ দিয়া নাযাওক নোৱাৰো বুলি কেতিয়াও নকয়। তথাপিও তাইৰ মাক দেউতাকে তাইক ভাল ব্যৱহাৰ মিঠা মাতেৰে মতা নাছিল।কি কৰিব উপায়ন্তৰ হৈ পদুমী মৌন হৈ ঘৰৰ চুকত বহি থাকে। এনেতে এদিন ধনী ঘৰৰ মানুহে কাম কৰা মানুহ বিচাৰি আহিছিল।মনত বহুত কথা চিন্তা ভাৱনা কৰি তাই ঘৰৰ অৱস্থা দেখি বেয়া লাগি তাই আনৰ ঘৰত কামত ধৰিলে।তাইৰ মাক দেউতাক ভাই ভনী সকলো আছিল, আছিল যদিও মৰম চেনেহ পোৱা নাছিল। পদুমীক মাৰধৰ শাস্তি অত্যাচাৰ বহু কৰিছিল । মনৰ দুখত বেদনা সহ্য কৰিব নোৱাৰি ঘৰৰ পৰা ওলাই গ'ল।এনেকৈ চাৰি পাঁচ বছৰ গ'ল তথাপিও পদুমীৰ খবৰ ঘৰৰ মানুহে এদিনও ন'ললে।এদিন তাইক কাম কৰা ঘৰৰ মানুহে সোধে, শুনাচোন পদুমী তোমাৰ ঘৰত কোন কোন আছে?তাই একো নোকোৱাকৈ মৌন হৈ বহি থাকিল ।
✍️নয়ন মণি ৰাভা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ