শুধৰণি-নিজৰা বৰ্মন ডেকা

Rinku Rajowar
0
আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষ্যে গাঁৱৰ ডেকা, গাভৰুৰ লগতে বয়োজ্যেষ্ঠ সকলে ডাঙৰকৈ ৰাজহুৱা সভা আহ্বান কৰে আৰু সভাত নিৰ্দিষ্ট বক্তা হিচাপে নিমন্ত্ৰণ পাই বন বিষয়া কমল চলিহাই বৰ আনন্দিত হৈছে । উদ্বিগ্নতাৰে ৰাতিপুৱাৰ সময় পাৰ কৰি চলিহাই নিৰ্দিষ্ট সময়ত সভাত উপস্থিত হয়। সভাত পৰিৱেশ সজাগতা আৰু সংৰক্ষণৰ বিষয়ে দিয়া বক্তৃতাত ৰাইজৰ হাত তালিৰ বৰষুণ আহিছিল। স্থানীয় অনুষ্ঠানত ৰুবলৈ তেওঁ ভাল ভাল গছৰ পুলি ভগাইছিল । এনেকুৱা কাম কৰি সৌ কালিলৈকে চোৰাং চিকাৰীক সহায় কৰা বনবিষয়া কমল চলিহাৰ নিজৰ কৰ্মৰ ওপৰত ঘৃণা উপজিলা । আৰু সভাৰ পৰা ঘৰলৈ গৈ গা মুৰ ধুই পত্নীৰ আগত সকলো বেয়া কাম এৰিব বুলি ক'লে। লগতে গোসাঁইৰ থাপনাত সেৱা জনাই গছ -গছনি ৰক্ষা কৰিবলৈ মনস্থ কৰিলে।নিশা Forest লৈ গৈ চোৰাং চিকাৰীক ধৰি পুলিচক গোটাই দিলে। আজি তেওঁৰ কৰ্মই ঘৰৰ লগতে সমাজলৈ শান্তিৰ বাতাৱৰণ সৃষ্টি কৰিলে।

     ✍ নিজৰা বৰ্মন ডেকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)