বনভোজৰ আনন্দ-ৰুমী কলিতা দত্ত

আজি বনভোজ খাবলৈ যাম দেই মা ।
বা-হঁতে আমাৰ লিহিৰি বনতে খাম বুলি কৈছে ।  এজনী সমন্ধীয় বায়েকে ৰিণিক মাতি পথালে ।
সঁচাকৈ বনভোজ বুলি ক'লে আনন্দ লাগে সমনীয়াৰ স'তে হাঁহি-ধেমালি কৰি এসাঁজ খোৱাৰ আনন্দই সুকীয়া ।
ৰিণিয়ে সাজি-কাছি বায়েকৰ ঘৰলৈ বুলি ওলাই গ'ল ।
পিছে বনভোজৰ নামত কি চলিল জানেনে--?
 মদ-আৰু মাংসৰ জুতি । ফুলকুমলীয়া ৰিণিয়ে ভবাই নাছিল তায়ো যে সিহঁতৰ স'তে এইবোৰ খাব লাগিব ।
তাই খাবলৈ বহিল --মিঠা সাঁজ এবাটি লৈ ।
সকলোৱে দেখোন খাইয়ে আছে মিঠা পাই, তাই তিনিবাতি খাই দিলে ।পিছে যেতিয়া নিচা লাগিল তাই ঘৰলৈ কেনেকৈ আহে সেয়ে বায়েকৰ ঘৰলৈকে গ'ল।
গধূলি মতা-মাইকী সকলোৱে মতলীয়া হৈ পৰিল ।  তেনেতে ওচৰৰ ডেকা এজনে মদ খাই সিহঁতৰ স'তে চুপতি মাৰিবলৈ আহিল -- তাইৰ সৈ'তে চা-চিনাকি হৈ কথাৰ মহলা মেলিলে । তাইৰ নিচা লাগি আছিল --দুয়োটাই চুপতি মাৰোঁতে মাৰোঁতে বিয়াৰ প্ৰস্তাৱ আহিল , একে ৰাতিৰ ভিতৰতে বিয়া হৈ গ'ল।
পিছে সময় বাগৰিল ন-কইনা পুৰণি হ'ল ।
লাহে লাহে মদৰ আড্ডা বাঢ়ি কাজিয়াৰ সৃষ্টি হ'ল ।
এজনী ফুলকুমলীয়া ছোৱালীৰ জীৱন এনেদৰে ধংস হ'ল , শেষত এটি সন্তানৰ স'তে ৰিণিয়ে মাকৰ ঘৰতে আশ্ৰয় ল'লে --এতিয়া তাইৰ জীৱনত সন্তানটোৱেই একমাত্ৰ সুখ-দুখৰ চাবি-কাঠি। 

✍️ৰুমী কলিতা দত্ত

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send