মিছ কাব্যশ্রী দুৱৰা-বিকাশ শৰ্মা

অসমীয়া সাহিত্যৰ চানেকি
0
মিছ কাব্যশ্ৰী দুৱৰা 
তুমি জানানে?
দুৱৰিৰ দেশত হাঁহি এজাক লৈ
তুমি যে মোক চাইছিলা!
তোমাৰ মনত আছেনে?


পাণবজাৰত সন্ধিয়া জোনাকৰ পোহৰত আমি যে ফুচকা খাইছিলো...
তোমাৰ মনত আছেনে?
তুমি মোলৈ চাইছিলা আৰু যে মই তোমালৈ চাইছিলো
হয়টো সেইদিনা গোটেই প্ৰেমৰ তৰাবোৰে আমালৈ ৰ' লাগি চাইছিল...
তুমি জানানে?
তেতিয়া মই তোমাৰ প্ৰেমত পৰিছিলো...
হয়টো তুমিও মোৰ প্ৰেমত পৰিছিলা


তোমাৰ কাজলসনা দুচকুৰ মাজত
এজাক গাভৰু পখিলাই নিতৌ খেলিছিল...
তোমাৰ মনত আছেনে?


তুমি এখন প্ৰেমৰ নদী হোৱানা 
আৰু মই তোমাৰ ঢৌ...
তোমাৰ ভাৱনাই মোক বহু দূৰলৈ লৈ যায়
হয়টো মই কবিতাৰে বুজাব নোৱাৰিম...
তোমাৰ ওঁঠৰ পৰশত সেই তৰাটোও যেন তোমাৰ প্ৰেমত পৰিছিল...
তোমাৰ মনত আছেনে?


তুমি এজাক বৰষুণ হোৱা
আৰু মই সেই বৰষুণজাকৰ পাগল প্ৰেমিক হ'ম
তোমাৰ অভিমানী চকুপানীবোৰো আজি মোৰ বুকুত বৈ যায়
এখন প্ৰেমৰ নৈ হৈ...
তোমাৰ মনত আছেনে?


কাঁচি জোনটোৱে মাজনিশা আহি 
মোৰ ওচৰত থিতাপি লৈছে 
কেৱল তোমাক নেদেখি...
আজি সকলোবোৰ মাথোঁ তোমাৰ বাবে মুক্ত হয় ...
হয়টো মুক্তও এক সত্য!
তোমাৰ উত্তেজনাৰ চৰাইটো ভালকৈ ৰাখিবা
কেতিয়াবা মন গ'লে কথা পাতিব পাৰিম...
কেতিয়াবা যদি পাণবজাৰৰ গলিটোলৈ আহা
সুধিবা, ইয়াত প্ৰেমিক চৰাইটো থাকে নেকি?
মিছ কাব্যশ্ৰী দুৱৰা।।


             ✍️বিকাশ শৰ্মা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)