"কি বিচাৰিছে ইমানকৈ?"
"আজি ৫ জুন নহয় জানো ? বিশ্ব পৰিৱেশ দিৱস। গছপুলিৰ সৈতে ফটো এখন দিব লাগে।"
"সেইটোনো কি ডাঙৰ কথা ? আপুনি গছ পুলিটো লৈ থিয় দিয়ক , মই ফটোখন..."
"ৰ'বা হে...সিঁহতে যোৱাবছৰ ৰোপণ কৰা পুলিটোৰ ফটো বিচাৰিছে ।"
কথাষাৰ শুনি মিচেচ কাকতি আৰু সেই ঠাইত ৰৈ নাথাকিল।
✍অৰুণিমা ভট্টাচাৰ্য্য।
বৰপেটা।