জীৱনৰ প্ৰথম লেখা প্ৰকাশৰ দিনটো-মিন্টু হাজৰিকা

Rinku Rajowar
0
জীৱনৰ প্ৰথম লেখা প্ৰকাশৰ দিনটো বুলি ক'লে মোৰ স্মৃতি পটত সুপ্তহৈ থকা স্মৃতি বোৰলৈ উলটি যাব লাগিব। মোৰ মগজুৱে নিৰ্দেশ কৰামতে মই পঢ়ি থকা কালতে স্কুল- কলেজ আৰু স্থানীয় স্মৃতিগ্ৰন্থত ওলোৱা কাব্য সাহিত্য বোৰই আছিল জীৱনৰ প্ৰথম লেখা সিকাৰুৰ আদিপাঠ। মোৰ ভালদৰেই মনত আছে সেইবোৰ লিখিছিলো সমনীয়াই দিয়া লেখাবোৰ প্ৰকাশ পায় মোৰ লেখা প্ৰকাশ নাপাই নামটো উকাহৈ থাকিলে সমনীয়াৰ পৰা লাজ পোৱাৰ ভয়তহে অথবা নিজৰ নামটো সেই গ্ৰন্থ সমূহৰ কোনোবা একোণত খুদিত হ'বলৈহে। সেয়ে সেই বোৰ লেখাই মোক কোনোদিন তৃপ্তি দিয়া নাছিল আৰু পৰিপক্ক লেখা নোহোৱা বাবে সংৰক্ষণ কৰাৰো পৰিকল্পনা কৰা নাছিলো। পিছত যেতিয়া মগজুৰ তাৰণাত কিবা-কিবি আঁক-বাক কৰি লিখিবলৈ ল'লো সেইবোৰ লেখাইহে মোক পাছলৈ তৃপ্তি দিবলৈ ল'লে। তেনেধৰণৰ মোৰ জীৱনৰ প্ৰথম লেখা প্ৰকাশৰ দিনটো বুলি ক'লে মই একে আখৰতে - "নদীৰ পাৰত বাসস্থানঃ ভৈয়ামৰ মিচিং সমাজ" শীৰ্ষক নিবন্ধটোৰ কথাকে ক'ব বিচাৰো। যিটো প্ৰকাশ পাইছিল অসমীয়া ভাষা-সাহিত্য, সংস্কৃতিৰ পূৰ্ণাঙ্গ আলোচনী "মাহেকীয়া বাৰ্তাপখিলী"(ISSN 2249-9865)ৰ ২০১৭চনৰ ছেপ্তেম্বৰ মাহৰ দ্বাদশ সংখ্যাৰ শাৰদীয় সাহিত্য সম্ভাৰ সংখ্যাত।

সেই দিনটোৰ মাদকতাই সুকীয়া আছিল। যাক সোঁৱৰাৰ প্ৰয়োজনেই নাই। সি মোৰ মানসপটট সদাই দেওঁ দি দি ধৰে আৰু সেই প্ৰেৰণাতে আন এটা সৃষ্টিৰ ফচল কলমৰ আগেৰে উকা কাগজত সৃষ্টি হয়। সেই দিনা  প্ৰাপ্তিত হৃদয়ত যি অনুৰণ আনি দিছিল হয়তো জীৱনত বহু লাগতিয়াল বস্তু প্ৰাপ্তিটো সেই সুখৰ অনুৰণবোৰ আনিদিব পৰা নাছিল। সেয়ে মই মোৰ প্ৰথম লেখা বুলি ক'লে ইয়াকেই আঙুলিয়াই দিয়া নহয় নিজৰ হৃদয়ে শান্তি আৰু তৃপ্তি দুয়োতাই লাভ কৰো।
-------------সমাপ্ত--------

     ✍️মিন্টু হাজৰিকা (জ্ঞানকমল) 
পেচাঃ- অসম আৰক্ষী অনাতাঁৰ বিভাগ, বৰঘাট আউত পোষ্ট, তেজপুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)