অবিহনে তুমি
সদায় আৰম্ভ কৰিছিলা
কথা লাভ ইউ বুলি।
ভবা নাছিলোঁ
আঁতৰি যাবাএদিন
মোৰ জীৱনৰ পৰা।
কৈছিলা বহুতো কথা
দেখুৱাইছিলা বহুতো সপোন কথা দিছিলা থাকিবা , লগত
ওৰেটো জীৱন।
ময়ো জনাইছিলোঁ সহাঁৰি
কৰিছিলোঁ সমৰ্থন তোমাক
কিন্তু নুবুজিলা তুমি
মোৰ হিয়াৰ বিননি।
গুচি গলা মোৰ জীৱনৰ পৰা
শেষ হ'ল সকলো
থাকি গ'ল যন্ত্ৰনাবোৰ এতিয়া।
হৈ পৰিল ৰাতি বোৰ দীঘল
পাৰ নোহোৱা হ'ল দিন
ভবা নাছিলোঁ হেৰাই পেলাম
তোমাক এদিন।
এৰি গৈছা যেতিয়া
সুখত থাকা,
অহা জনমত লগ পাম
অপেক্ষা কৰা।
✍️সুৰুজ আলী
সৰুপথাৰ গোলাঘাট