১.কলিংগ যুদ্ধই অশোকক বৌদ্ধ ধৰ্মৰ প্ৰতি অনুপ্ৰাণিত কৰিছিল।কোনজন ব্যক্তিয়ে অশোকক বৌদ্ধ ধৰ্মত অন্তৰ্ভুক্ত কৰিছিল?
উঃ উপগুপ্ত।
২.ভাৰতীয় ইতিহাসত কোনজন শাসকক অমিত্ৰঘাত অৰ্থাৎ 'শত্ৰুনিধক' হিচাপে জনা যায়?
উঃবিন্দুসাৰ।
৩.চোৰাত গছৰ পাতে ডাকিলে ছালৰ ভিতৰলৈ এবিধ এচিড সোমাই যায়।সেই এচিড বিধৰ নাম কি?
উঃ ফৰমিক এচিড।
৪.আহাৰ বিচাৰি নাপালে আত্মহত্যা কৰা চৰাইবিধৰ নাম কি?
উঃ গুৱাটেমালাত থকা ৰবিন আৰকাড।
৫.দিলৱাৰ জৈন মন্দিৰ আৰু পুলিচ স্কুলৰ বাবে বিখ্যাত ৰাজস্থানৰ একমাত্ৰ পাৰ্বত্য ঠাইডোখৰৰ নাম কি?
উঃ মাউণ্ট আবু।
৬.শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে ফিল্মফেয়াৰ বঁটা লাভ কৰা প্ৰথমখন চলচ্চিত্ৰ কোনখন?
উঃ দো বিঘা জমিন।
৭.'মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ' নামৰ আত্মজীৱনী খন কোনজন প্ৰসিদ্ধ ভাৰতীয় ব্যক্তিৰ?
উঃ মহাত্মা গান্ধী।
৮.অজিত তেণ্ডুলকাৰে ভ্ৰাতৃ শচীন তেণ্ডুলকাৰৰ ওপৰত লিখা জীৱনীমূলক গ্ৰন্থখনৰ নাম কি?
উঃ দ্য মেকিং অৱ এ ক্ৰিকেটাৰ।
৯.সামৰিক অভিযানকাৰী আৰু বিজেতা হিচাপে খ্যাত গুপ্ত বংশৰ ৰজাজনৰ নাম কি?
উঃ সমুদ্ৰগুপ্ত।
১০.বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষ কোন?
উঃ বিশ্বজিৎ দৈমাৰী।