আবদ্ধ- পুলকেশ বৰুৱা

©Admin
0
কাৰাগাৰ ৰুদ্ধ , 
নীৰৱতা , পিঞ্জৰা
বৰ অসহনীয় শব্দ...
কিন্তু বৰ্তমান পৰিস্থিতিৰ এক জনসাধাৰণৰ জব্দ শব্দ ।
আকাশ ক'লা , বতাহ ক'লা
যেন অমাৱস্যাই আৱৰি ধৰিছে
ৰূপোৱালী ধৰণীখনক...
এইয়া জানো আৱদ্ধ ?
এইয়া হয়তো পৰমপিতাৰ
অগ্নিপৰীক্ষা...
আৰু আমি একো একোজন
অগ্নিপৰীক্ষাৰ পৰীক্ষাৰ্থী
আগুৱাই যাব লাগিব দৃঢ়তাৰে ,
আন্ধাৰ পৃথিৱীখনলৈ
'মুখা' নামৰ পোহৰলৈ
অগ্নিপৰীক্ষাৰ প্ৰস্তুতিৰ বাবে
হাত ধুব লাগিব ,
এইয়াই হয়তো ধ্ৰুৱসত্য ।
ভুল বুজিছে বহুতে এইয়া কোনো আৱদ্ধ নহয়...
এইয়া মাথোঁ পৰীক্ষাৰ আগত
অনুশীলন কৰিবলৈ দিয়া দুটামান মূহুৰ্ত ।

                  
✍️শ্ৰী পুলকেশ বৰুৱা
দশম শ্ৰেণী,
ঢকুৱাখানা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)