সূৰ্য্যোদয় চতুৰ্থ খণ্ড- ধাৰাবাহিকখন উপন্যাস- ৰাজেন দাস

Rinku Rajowar
0
(১)
দেৰগাঁও হায়াৰ চেকেণ্ডেৰীত দ্বিতীয় বিশ্বযুদ্ধৰ স্মাৰক এটা আছে। এই হায়াৰ চেকেণ্ডেৰীৰে ক্লাছবোৰ সেৰেঙাকৈ হৈ আছে। নতুন বন্ধু-বান্ধৱী। পৰিৱেশ সুকীয়া। তথাপি এডজাষ্ট হৈ লৈছোঁ। অংক, ইংৰাজীত দুৰ্বল বাবে অলপ অলপ সমস্যা হৈছে। বুলু বাইদেউ,প্ৰাৰ্থনা বাইদেউ,মধুচন্দা(মধুছন্দা বাইদেৱে মোৰ দুৰৱস্থাৰ কথা গম পাই মাইক্ৰ আৰু মেক্ৰ ইকনমিকৰ দুখন কিতাপ মোক পঢ়িবলৈ দিছিল) বাইদেউহঁতে বহুত পঢ়াই,কষ্ট কৰে। মই জকাইচুকীয়াই গিলিবই নোৱাৰোঁ। কাক যে দোষ দিম !"ওপৰলৈ থূ পেলালে দেখোন নিজৰ গা-তে পৰে"।মা-দেউতায়েও বহু গুৰুত্ব দিয়ে।মোৰ বাৰু কোনখিনিত কেনাটো লাগিল?(অসমৰ চাৰি সত্ৰ গৰমূড়,আউনিআটি, দক্ষিণপাটৰ লগতে ঠাই পোৱা অন্যতম সত্ৰ কুৰুৱাবাহী সত্ৰৰ ফালৰ মাহীদেউহঁতৰ গাঁৱত "কেনা" শব্দটি কথাই প্ৰতি কৈ ৰস দিয়ে) প্ৰাইমাৰী লেভেলতে মজবুত নকৰি মই এতিয়া ভাবি থাকিলেও নহ'ব- "কাকনো বুলিম ককা সকলোৰে দাঢ়ি চুলি পকা"। 
  ছাৰ-বাইদেউসকলে বহুত শিকায়, কষ্ট কৰে। নাজানিলে,নুবুজিলে এবাৰ নহয়,দুবাৰ নহয়,...এশবাৰ শিকাই। মই যে কিয় নহলো‌ঁ-"গুৰুতকৈ শিচ শিয়ান,খুচৰি খুচৰি লয় জ্ঞান।"
পঢ়া-শুনাত দু্ৰ্বল। কিন্তু নিৰুৎসাহী নহয়।মোৰ দুৰ্বলতাত সৰলতা নাই। মিত্যব্যয়ীতা অলপকৈ শিকিছোঁ। তপিনাত দিয়া বেটৰ কোব আজিও পাহৰিব পৰা নাই। আখৰ লেটেৰা, বেয়া, বেকাঁ হওঁতে ৰামধন ছাৰৰ এচাৰিৰে আঙুলিত দিয়া কোবকেইটা এতিয়াও ফৰফৰাই থাকে, ৰাতুলছাৰে বেতেৰে ভৰিৰ কলাফুলত দিয়াটো সাঁচ ৰৈয়েই আছে,পকাত দুই আঁঠু থৈ কাণত ধৰা কথা কোনোবাই পাহৰিব? অল্প বিদ্যা যদিও ভয়ংকৰ চেকনিৰ আগত বিদ্যাই ঠিকনা লগাই দিবই । বাৰাণ্ডাত জিৰণিৰ পিছত থিয়হৈ নেওতা মতা কথাটোৱে জীৱনত বহু শিকায়।এনে বহু কথা মোৰ মনলৈ অগা-ডেৱা কৰে। মনহে এবাৰ উৰি আহিছিল স্বাধীন আকৌ এদিন যাবগৈ স্বাধীনকৈ । কাকো নোসোধাকৈ...
(২)
ভাড়াঘৰৰ বৰবৌ ভাল। দুই এগচ কূটা কৰি দিলে চাহ, দাইল,ভাত,মাছ,মাংস সকলো দিয়ে।ঘৰখনৰ দুটাকৈ ডাঙৰ চাকৰি। সৰু ল'ৰাটোৰো শিক্ষা আছে। পিচে  চাকৰি বাবে যুঁজিলে যদিও ফল নধৰিলে। বৰদেউতাৰো ভায়েক এজন আছে। শাৰীৰিকভাৱে অক্ষম। কথা ক'ব নোৱাৰে। কামত হ'লে 'বাঘে লগা'দি লাগে।চিজিলকৈ কৰে। শৰীৰৰ বিভিন্ন অংগৰে অংগি-ভংগীৰে বুজায়। মুখত দুই এটা ধ্বনি ওলায়। স্পষ্ট নহয়। তেওঁৰ পৃথিৱীখন তেওঁৰ মতে ধুনীয়া, সহজ-সুলভ। তেওঁৰ নিজা পৃথিৱীত নিজেই নিপুণ খনিকৰ। তেওঁৰ কোনো গপ নাই,ভেম নাই,লোভ নাই, আশা-নিৰাশা নাই,চিন্তা নাই,বেজাৰ নাই,কাৰোৰে প্ৰতি বেয়া ভাৱ নাই...। প্ৰকৃতিৰ সকলোৰে সৈতে তেওঁৰো চলা-ফিৰা,আহ-যাহ। গছে পাত সলাইছে কোনো প্ৰতিক্ৰিয়া নাই,পূৱত সূৰ্য উদয় হৈ পশ্চিমে মাৰ গৈছে তথাপি তেওঁ কাকো প্ৰশ্ন কৰা নাই। কবিও শব্দৰ কম খনিকৰ নে--
"...মই মৰিলেও দিন গ'লে ৰাতি হ'ব, জোন বেলি ওলায়েই থাকিব,গছত ফুলিব ফুল,বতাহ বলিব,নিজবাটে নক্ষত্ৰ ঘূৰিব.."

(৩)
সেই খুৰাৰ ভায়েকৰ নাম ভাইকণ। সামান্য দাড়ি, উচ্চতা মধ্যমীয়া ,খোজ-কাটল সাধাৰণ..। ঘৰখনৰ ক'ত, কি, কেনেকৈ আছে,নাই নখ দৰ্পণত। গাঁৱৰ সকলোৰে লগতে ভাড়াতীয়াসকলৰ লগতে মিলি থাকিব পৰাটো তেওঁৰ আন এক গুণ।
"নাকলৈ হাতখন‌ নি দাঢ়ি-গোফ থকা অৰ্থাৎ দেউতা,কপাললৈ হাতখন নি মূৰলৈ ফণিয়াই অৰ্থাৎ শিৰত সেন্দূৰ থকা মানে মা ৰ কথা,হাতেৰে কিবা লিখাদি পঢ়া-শুনা কৰা কথাটো বুজাইছে..." । এনেকৈ ভাইকণ খুৰাই ববীতা ভাবীক কৈ আছে। মই ভাবীৰ বেতা আদিক টিউশ্যন কৰি থাকোঁতে মন কৰিছিলোঁ।ইও যে কি বিচিত্ৰ কলা। সৌন্দৰ্য্য আছে, চিন্তাকৰ্ষকো।
আমাৰ গাঁৱত এনে মানুহ আছে। পেহীৰ ছোৱালীজনী জন্মৰ পৰাই কথা ক'ব নেজানে,ল'ৰাটোও একে।জেঠাইদেউৰ জী কথা-বতৰা কয় যদিও সেইয়া নিজেই হৰ্তাকৰ্তা। কামত হ'লে নোৱাৰিব আপুনি। পৰিৱেশ চাফ-চিকুণ কৰি আটোম-টোকাৰীকৈ ৰাখে।জিভাই চেলেক মাৰি দিলেও অলপো সচ লৈ বোকা-বালি নাহিব।এইয়া আকৰী বাইৰ সুকীয়া গুণ। তেওঁৰ এই পৃথিৱীখনৰ প্ৰতি পুতৌ কৰা মানুহ আঙুলি মূৰত লেখিব পৰা।ঘৰৰ দহোবন,পথাৰৰো দহোবন, গাঁৱত কিবা সকাম,সবাহ, শ্ৰাদ্ধানুষ্ঠান,বিবাহনুষ্ঠান...হলে বৰ সততাৰে কাম কৰে।অংগী-ভংগীৰে সকলো বুজায়। কথাখিনি কণপিটৌ এ কৃষ্ণা দীদীক কৈয়েই  ওলাই আহে।
আন এদিনা মই দীদীমাৰ ঘৰত। ছোৱালী দুজনীক অলপ চাই দিছোঁ।তেনেতে মোৰ জিভাইভ(Gfive) ফোনটো বাজি উঠিল-"নৈ কাণে ,নৈ কাৰণে,চৰে ক'লাগৰু নলৰে গজালি খাই..."।
 জিফাইভ ফোন টো ধৰিলোঁ।হেল্লৌ,--সৰুল'ৰা--।ক---অ'।"খবৰ সুধিলে। মইয়ো একে প্ৰশ্ন-তোৰ ক। ভাল।ভাল। নাহৰণিৰ মানুহঘৰতে আছোঁ। ছাছীৰ কামটো যে।তেল ওলায়। বাহিৰলৈ চালান দিয়ে। ভাল বজাৰ আছে বুজিছ।মোৰ অসুবিধা ইমান নহয়। মই কামত কামচোৰ নহও।সেইয়া মালিকে হেনো বুজি পাইছে। মাত্ৰ তেলখিনি ডেগত বাকিব নোৱাৰোঁ।হাতখনৰ কথা জানই নহয়।লগৰটোৱে সেইয়া কৰে। সি যেনিবা মোতকৈ এহেজাৰ বকেয়া বেছিকৈ পায়।"মই মোৰ ওখ কামত সুখী । এই টো কি কয়। মালিক ভাল। মুছলিম মানুহ। বহুত ভাল। মানুহৰ মোল বুজে। মোৰ এখন হাত অকৰা কথাটোত আনৰ নিচিনাকৈ নিৰুসাৎহিত কথা নকয়। সদায় উৎসাহিত কৰে। দেৰগাঁও টাউনৰ এছ বি আই(SBI)ত একাউণ্ট খুলি দিছে। অলপ অলপ থৈ যাব পৰাকৈ। মোৰ ফোন কাট খালে। দীদীমাই কথাবোৰ শুনি তধা লাগিল। লাহে লাহে ময়ো কোঠালৈ ওলাই আহিলোঁ। দীদীক শাৰীৰিক ভাৱে অক্ষম মানুহ হৈও স্বাবলম্বী হ'ব পাৰে সেইয়াও কৈ আহিছোঁ। বহুত উদাহৰণ আছে। চৰকাৰী আঁচনি এই ঢুকিও পাইছে। তথাপিও ধনেই ধৰ্মৰ মূল, ধন নহলে যায় জাতিকূল। অৰ্থোপাৰ্জন কৰিবই লাগিব, আগতকৈ পৰিয়ালো বাঢ়িল। 
(৪)
কৃষ্ণাদীদী মানুহজনৰ চাকৰিৰ সূত্ৰে দেৰগাঁৱৰ জেলেহুৱাত আছে।পুলিচৰ চাকৰি। বেছ পাহুৱাল ভিনি।তীৰ্থনাথ বৰুৱা। শ্ৰদ্ধাৰ হিতেশ্বৰ শইকীয়াৰ দিনৰে পৰা কৰি অহা চাকৰিয়াল। বাঁহশিল্পৰ আন আন কামৰ ভিতৰত মূঢ়াৰ কাম তেওঁৰ প্ৰিয়। বহাৰ সুবিধাকৈ বহুত মূঢ়াৰ প্ৰস্তুত কৰিছে। ই ভিনিৰ সুকীয়া প্ৰতিভা। প্ৰায় বিছ বছৰেই হ'ল। শকত-আবত দীদী। সাহীয়াল।এবাৰ হেনো ভায়েকক গাড়ীত কোনোবাই দম দিয়াত দীদীৰ অগ্নি শৰ্মাৰ ৰূপ দেখি ভয়ত থৰহৰি কম্পমান হৈছিল। ভাল গৃহিণী। ছোৱালী দুজনীৰ বাবে পৰিমৰি কষ্ট কৰে। হাঁহ, মুৰ্গীও  পুহি দুপইচা গোটায়।হস্কিলে মস্কিলে কামত আহে।আমাকো , আনকো যথেষ্ঠ সহায় কৰে। মূলঘৰ শিৱসাগৰৰ শিমলুগুৰিত। এক সম্ভ্ৰান্ত পৰিয়াল। আহোম মানুহ। ঐতিহাসিক শিৱসাগৰৰ নাম সকলোৰে জিভাৰ আগত।আমি কিতাপত পঢ়িবলৈ পাইছোঁ-"শিৱসাগৰ শিৱদৌল, চীনা যুদ্ধ লাগি গ'ল।টোৱাঙলৈ যাবলৈ পাহাৰেদি ৰাস্তা হ'ল"।
দীদীমাৰ ঘৰত এখন ফুলৰ নাৰ্ছাৰী আছে। আনন্দবন। কি বিতোপন ।চাহৰ বাগানো আছে। ভায়েকটো বেছ কামতী। মিঠাবৰণীয়া মুখ। সামান্য ওখ।সহজ-সৰল।ঘৰুৱা কাম সম্পাদন কৰি বিভিন্ন অনুষ্ঠানলৈ ফুলৰ যোগান ধৰে।

(৫)
নাৰ্ছাৰীত পুৰণি,নতুন ফুলে জাতিষ্কাৰ হৈ আছে ।ঘৰৰ ডিআইখনত গুৱাহাটী পৰা আমদানি কৰোঁতে লগ পাইছোঁ। নানা ফুলে ঘৰখন ফুলাম। বিভিন্ন প্ৰজাতিৰ ফুলো আছে।ৰংঘৰৰ বাকৰিত বিহু চাবলৈ বৰুৱানী পৰিয়ালৰ লগত গৈছিলোঁ।কিতাপত পঢ়িবলৈ পোৱা কথাবোৰ চকুৰ আগত দেখি ধন্য মানিলোঁ। ৰংঘৰৰ বাকৰি ,শিৱসাগৰ পুখুৰী, জয়সাগৰ, ৰংঘৰ,তলাতল ঘৰ, শিৱদৌল, মৈদাম...। ইতিমধ্যে অলপকৈ চাইছিলোঁ। সেইদিনা ভালকৈ চালো‌ঁ। আহোম ৰজাসকলৰ এনে ঐতিহাসিক ঐতিহ্যপূৰ্ণ অৱদান। শিৱসাগৰবাসী সৌভাগ্য। ঈৰ্ষাভাৱ এটা নহা নহয়। দীদীৰ ভায়েক সোণদাক ধেমেলীয়া কৈ কৈয়েই দিছিলোঁ-" শিৱসাগৰত বহুত কিবাকিবি  আছে, আপোনালোক শিৱসাগৰ বাসী হিচাপে সৌভাগ্য।"সোণদাদাই চাহপাতৰ বাগিছাখন দেখুৱাই সেইদিনা সৰলকৈ হা‌ঁহি পেলালে।
(৬)
সোণদাদাই,সবাহ,বিহু অনুষ্ঠান ইত্যাদি ত ডেকোৰেছনৰ ফুল  যোগান ধৰে। মই নিজেও ৰংঘৰৰ বাকৰিলৈ ফুল আনোতে আছোঁ।বৰ ধুনীয়া ধুনীয়া ফুল। দেখিলেই মন প্ৰাণ ভাল লাগি যায়।ছীজনফুলসূহৰ ভিতৰত আছে-দালিয়া,ডাইনছাৰ্চ,নাৰ্জী,,পিটুনীয়া,তেলভিয়া,পিকলীলী,ভূমিলেট,ভাৰবেনা,জেৰিমিয়াম,পাৰমেন্ট ফুলৰভিতৰতআছে-এন্ঠুৰিয়াম,কালাপিয়া... ইত্যাদি ফুলে ঠাহ খাই আছে। বহু মানুহ তালৈ আহে। ফুলৰ বিভিন্ন দিশৰ কথা জানিবলৈ,নিজেও সোণদাই বহু কথা তেনেকৈ শিকিছেও।
মই সেইদিনা গড়গাঁও কলেজৰ মেধাৱী ছাত্ৰ অনুপম দাদাক লগ পাইছিলোঁ। তেওঁৰ বিষয়ে অলপ-অচৰপ কিবাকৈ গম পাই আছিলোঁ।লগ পাই অনুপ্ৰেৰণা পালোঁ।ইমান মেধাৱী অথচ ইমান অমায়িক। দাদা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষণা কৰি আছে। ভাৰছিটি উইকৰ একেখন বিশ্ববিদ্যালয়ৰ'শ্ৰেষ্ঠ সাহিত্যিক" হৈছিল। "দেৱদাসীপ্ৰথা, উৎপত্তি সূত্ৰ আৰু ইতিহাস" সম্পৰ্কে অতি গুৰুত্বপূৰ্ণ তথা গৱেষণালব্ধ গ্ৰন্থ খনো প্ৰনয়ণ কৰিছে।
আমি দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ত অধ্যয়ন কৰি থাকোঁতে গড়গাঁওৰ কথা শুনিছোঁ। ধ্বনি কবিগৰাকীয়ে কৈ গৈছে-
"গড়গাঁও, গড়গাঁও,কথা শুনি তল যাঁও,..."
মহাবিদ্যালয়খনৰ বহু মেধাৱী আছে।  ফলাফল বাতৰি-কাকতত পাঁও। অসমৰ ভিতৰতে প্ৰথম, দ্বিতীয়...এনে স্থানসমূহ পাবলৈ অহৰহ কষ্ট কৰিব লগা হয়। নিশ্চিতকৈ তেওঁলোকৰ সকলোৰে একক আৰু সামূহিক ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ।
(৭)
(মাজুলিৰ কাঁচিয়লি ৰ'দ)
আমি তিনি বন্ধুৱে ৰাওনা হৈছোঁ। পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলীলৈ। শ্ৰীকৃষ্ণৰ ৰাসলীলা চাবলৈ।প্ৰদীপ আৰু প্ৰশান্ত। দুয়ো মোতকৈ বয়সত ডাঙৰ। তথাপি আমি লগৰ।দুখন চাইকেলত তিনিজন জকাইচুকৰ জপৰা।গম পালোঁ ৰংচেনেলত সম্প্ৰচাৰিত জনপ্ৰিয় ধাৰাবাহিক ছিৰিয়েল'বেহাৰবাৰী আউটপোষ্ট'ৰ অভিনেতা, অভিনেত্ৰী মোহন,(গুৱাহাটীত "গুড মৰ্নিং" নামৰ এখন হোটেল আছে বুলি ইউটিউব চেনেলত গম পাইছিলোঁ) কে.কে,নয়না আমন্ত্ৰিত শিল্পী। আন আন চিৰিয়েল ,চিনেমাৰ দৰে বেহাৰবাৰী আউটপোষ্ট চিৰিয়েলখনে বহু তথ্যৰ লগতে হাঁহিৰ যথেষ্ট খোৰাক দি আহিছে। নামী-দামী শিল্পীৰ আগমন ঘটে। যথেষ্ট দৰ্শক আহে। বিদেশৰ পৰাও আহে। বেলেগ ভাষাত ৰাস হোৱা কথাটো শুনিলোঁ। অ' হ'ল, যোৰহাটেদি যাম, নিমাতীয়েদি ফেৰি পাম,' চিনাকি যোৰহাটৰ মানুহৰ লগত মাজুলীৰ মানুহৰ ঘৰুৱা সম্পৰ্ক। সেইমানুহঘৰতে থাকিব পাৰিম। কঢ়াল গাঁও।১নং কঢ়াল গাঁও..."। প্ৰশান্তৰ উৎসাহত আমি দুয়ো চমু পালোঁ। চুঙাটোত যি এপইচা আছিল তাকো লৈ ল'লো।শুকান শিলিখা দুটিমানো ল'লো-"নাই মোমাইতকৈ কণা মোমাই ভাল "বুলি ভাবি।পানী-দুনীৰ বাদে যদি একোকে খাবলৈ নেখাও শিলিখাকে চোবাই চোবাই খাম...।
(৮)
যোৰহাটত প্ৰশান্তই কাম কৰিছিল। খেতি-খোলা পাতে।হাল-কোৰ বাই।কঠিয়া পাৰে।গৰু চৰাই। বাহিবনো দুই এপদ দাঙি ধৰে। বৰমুকলিৰ লাখেৰাজ স্কুলৰ গণিতৰ শিক্ষক পাৰ্থবিজয় ছাৰৰ শহুৰেকৰ ঘৰ।শহুৰদেউতা,ল'ৰা-বোৱাৰী ৰ চাকৰি। বেছ ধনৱন্ত।শিক্ষিত পৰিয়াল।

চাৰে মানুহ ঘৰৰ কামটোত সুমুৱাই দিছে। বেছ কৰ্মঠ ডেকা। সামান্য ওখ। আপডাল চুলি। হাইস্কুলীয়া জীৱন শেষ কৰিব নোৱাৰিলে। ঘৰৰ মানুহে পঢ়ুৱাব নোৱাৰিলে। মেধাৱী প্ৰশান্তই তীক্ষ্ণতাৰ পৰিচয় দিব পাৰিছিল। কিন্তু কি হ'ব আমি এজন মেধাৱী হেৰুৱালোঁ। ইমান ধুনীয়াকৈ গান-বিহুনাম, বৰগীত,আইনাম,বিয়ানাম, লোক গীত, বনগীত ইত্যাদি গাব পাৰে। ঘৰৰ বাহিৰে-ভিতৰে,ৰাস্তাৰ অলিয়ে-গলিয়ে,গৰু চৰাই থাকোঁতে,হাল বাই থাকোঁতে,মৰণা মাৰি থাকোঁতে, আঘোণ ৰ ডাঙৰী বান্ধিবলৈ টঙাল তুলি থাকোঁতে...গুণগুণায় থাকে।গালি-শপনিও খায়।দৈব্যদুৰ্বিপাকত মৰম এচেলেকো পায়...।প্ৰশিক্ষণ নাই। বিখ্যাত যোৰহাটৰ "মঘাই ওজা"ৰ ঘৰৰ পৰিৱেশ ওচৰৰ পৰা পাইছে।নিজৰ সংগীতৰ যাত্ৰা কিয় মন মেলা নাই নেজানো। "অভাৱেই স্বভাৱ নষ্ট কৰা" কথাষাৰ মোৰ কাণত বাজিব ধৰে। যোৰহাট খন তাৰ ভাতঘৰ।মনৰ ভিতৰলৈ গৈ জুমি চাব জানে...।
"...গৰু চৰাইছিলোঁ,তুলিকা অ' তুলিকা,আন্ডাৰ পেনৰ কোছনিতে ভৰাই থোৱা শিলিখা...গানটো তাৰ প্ৰিয়। সেইটো গাই গাই গৰুহাল বান্ধি অলপ ওলাই আহে।মানুহঘৰে তাক একাষৰীয়া কোঠা এটা দিছে। যিটো মূল ঘৰৰ পৰা সামান্য বিচ্ছিন্ন।তাৰ কোনো আপত্তি নাই।তাতে সুখী। বছৰ বছৰ পাৰ কৰিছে। "খাব জানিলে চাউলেই চিৰা,বহিব জানিলে মাটিয়েই পীৰা"। কথাফাঁকি তাৰ ক্ষেত্ৰত খাপ খাই পৰিছে।
(৯)
তাৰ সৈতে মোৰ বন্ধুত্ব বহুদিনৰ । সিও মাছ বিক্ৰী কৰিছিল। দেউতাকে মাছ মাৰে। নিজে ধাম বৰশী,বাৰিষাত ছিটিকা পাতে,ছেপা, উভটী পাতে,জাল পাতে...। ঘৰখনৰ সামান্য খৰচ ওলায়। দুয়ো অঞ্চলটোতে থকা মিছিং,কলিতা,নেপালী " গাঁৱত বিক্ৰীৰ বাবে যাঁও।দুই-এপইচা ছানা-ভূজিয়া খাবলৈ থওঁ।খাই খাই সুখ-দুখৰ কথা পাতি আহোঁ।মোৰ মনত অদ্ভূত হেঁপাহ এই সংগ্ৰাম অন্ত পেলাবলৈ।
"অই' প্ৰশান্ত মোৰ টিউশ্যন আছে কোবা-কোবিকৈ ব'ল।" মাহে দুশ। ল'ৰা-দামৰিবোৰ সিমান চোকা নহয়। উৎসাহ কম। মাক-দেউতাকৰ গুৰুত্ব কমো নহয়। টাউনৰ ল'ৰা-ছোৱালীক দেখিলে ঈৰ্ষা জাগে তথাপি গঞাভকতো এলা-পেছাবিধৰ নহয়। মোৰ দিউতি এদিন-দুদিন খতি নোহোৱা নহয়। কলেজৰ পৰা চিধা টিউশ্যন কৰি আহোঁ।ভাগৰো লাগে।পইচাকেইটামান পাঁও।তাকে কিমান যে ঘেকেটিয়াই-মেকেটিয়াই থাকিব লাগে। কেতিয়াবা খং উঠিলে দুই-এসাজ ভাতকে খাই দিও..." অ ব'ল। প্ৰশান্তই চুটিকৈ কৈ পেলায়।
(১০)
এদিনাখনৰ কথা। মেট্ৰিকৰ দেওনা পাৰ হোৱাই নাই।প্ৰশান্ত আৰু মই আমগুৰিৰ (আমাৰ বেলগুৰি পৰা প্ৰায় ৩কি.মি.) পৰা কেইবাকিলো গৰৈ মাছ কিনি বেছিবলৈ লৈ গ'লো। চতীজালৰ মাছ আছিল। দেৰগাঁৱলৈ। দুই-এপোৱাকৈ নি থাকি সৰহকৈও নিও বুলিলো‍ঁ। দেৰগাঁৱৰ বজাৰলৈ চাইকেলতে গৈ ঘূৰি অহাত পলম হৈছিল। মোৰ ইমান দেৰি হোৱাৰ বাবে দেউতাৰ গালি-"বাপেৰটোক বজাৰলৈ পঠাইছ,তাকো ইমান দূৰত,ইমান দেৰিলৈকে অহা নাই,অজলা ল'ৰা, চুটি চাপৰো..."মই গৰৈচিৰিকা নিচিনা যে দেউতাই ভয় খাইছে। মায়েও নোখোৱা নহয়। তথাপি বিশ্বাস এটা বুকুত আছে। যিমানেই সন্ধিয়া হৈ আহিছে আমাৰো ভয় লাগিল। ইফালে হাতত টৰ্চ নাই। সেইদিনা দেৱালী বাবে ৰাস্তাটো পোহৰ হৈছিল।তাকো ঠাই বিশেষে।অলপ পোহৰ পালেও মাজে মাজে গছৰ ছাঁ পৰি থকা ঠাইখিনিত ভয়ো লাগিছে।
(১১)
মা-দেউতাই প্ৰায় ডেৰ কিলো মিটাৰ মান খোজ কাঢ়ি আহিছে। এই খবৰ পাই মোৰ কাণ-মূৰ গৰম হৈ আহিছে। চকুৰে সৰিয়হ ফুল দেখিছোঁ।আমাক বিচাৰি আহি আহি মাহঁত জেঠাইটিৰ ঘৰত চাহ খোৱা-অই অই পসান। পেডেল প্সীড দে ।ব'ল-----ব'ল। ঘৰৰ ওপৰৰ চাঙতে লুকাই থাকিম। হাল বাই আহোঁতে যি খঙত আহে তেনে অনুমান পাইছোঁ। অ ব'ল,যি হ'ল ,হ'ল,লোভেই পাপ..." হ'ল। পসানৰ শুকান মাত বতাহুৰ হো হো ৱনীত লুকাই পৰিল। গাঁৱৰ তিনিআলিতে লাভ-লোকচান পিছত হিচাপ হ'ব কৈ ঘৰাঘৰি হ'লোঁ। মই পোনে পোনে ওপৰৰ চাঙতে উঠিলোঁ। ভাইটিহঁতে টলকিবই নোৱাৰিলে। পিছত যেনিবা ঘৰত দেউতাক মাক বুজাই-বঢ়াই ঠিক কৰিলে। 
 ৰক্ষা। শতকোটি ধন্যবাদ প্ৰভূ। মই জীৱনত খোৱা এইটো ডাঙৰ ভয়। বনৰ বাঘে নেখালেও মনৰ বাঘে খাই বুলি আমি বিহুত পাই আহিছোঁৱেই... 

      ১২) 
   বহু কথা মনলৈ আহে। তাৰে ভিতৰত মেট্ৰিকৰ দেওনা । বৰ ভয় অনবৰতে। তাতে ঘৰৰ বৰ। মা-দেউতা,ভাইটি ভন্টিহঁতৰ ওচৰত লাজত নপৰিলেই হয়। কয় নহয় বোলে "আগৰ গৰু যিফালে পিছৰ গৰুও সেইফালে"। বহুত পঢ়িছোঁ। ভয়ত, দায়বদ্ধতাত, সন্মানৰ বাবে। নিৰ্দিষ্ট টাইম টেবুল মাফিক বুলি নহয়। যি মন যায় টেটুঁফালি পঢ়োঁ। শব্দবোৰ ভালকৈ জোৰকৈ মাতিলে মনলৈ ঘূৰি আহি জমা হোৱা যেন লাগে, ভালকৈ মনত ৰৈ বৈ যোৱা অনুভৱ অনুভূত হয়। ঘৰৰ সকলোৰে অশান্তি। ৰাতি তিনিপৰলৈ পঢ়ি থাকোঁ। চাকিৰ পোহৰত। বিজুলীৰ ব্যৱস্থা নাছিল। ওচৰৰ মানুহখিনিৰো অশান্তি। মুঠতে মই ভাল ফল নেদেখুওৱালে সকলো সৰ্বনাশ। ক্লাচ টেনৰ টেষ্ট হওঁতে দিলিপ ছাৰে মোক সুধিছিল-"ৰাজেন তই প্ৰথম বিভাগত পাচ কৰিব পাৰিবি নে ? মই একো নভবাকৈয়ে কৈ পেলালোঁ। পাৰিম। পাৰিম চাৰ। ৰাতি বহু পৰ হৈ যায়। চাকিৰ সেই উজ্জ্বলতাই গা-টোত তাপ দি দিছে। বাহিৰলৈ ওলাই চাঁও। কি শান্ত সমাহিত পৃথিৱী। ইমান নিচ্ছূপ হৈ আছে। এই নিৰৱতাই বহু কিবা কিবি কৈ যায়। মাজে মাজে জোনাকী পৰুৱাই ইফালে-সিফালে উৰি পৰে। হাতত পৰিলে শৌচ লাগে বুলিও কয়। জোনাকী সেই জোনাকে মনটো জোনাকলৈ লৈ লৈ যায়। কোনোবা এপৰত সেই জোনাকী ক কোনোবাই বাঁহৰ জোৰ লৈ মাছ কাটিবলৈ অহা মানুহৰ দল যেন লাগে। অৱশ্যে গাত পখিলা পৰিলে বিয়াৰ দিন চাপিছে বুলি কয়। এনেধৰণৰ বহু কথা আছে। 
 মাজে-সময়ে মোৰ জ্বৰ কাঁহ ইত্যাদি হৈ থাকে। সৰুতে হেনো মষ্ট বেমাৰী আছিলো। দেউতাই নাৱত উঠি বোকোচাত লৈ দেৱাইখানলৈ লৈ যায়। মা হতে মই যে থাকিম আশাই বাদ দিছিল। কেনেবাকৈ তেৰাৰ আশীষত ভাল হ'ল। দেখিবলৈ খাবলৈ অনা সেই কলপুলিটোৱেই। তাতকৈয়ো সৰু হ'লেও ডাঙৰ নহয়। কলপাতত মেৰিয়াই থয়। গোটেই গাত বসন্ত। চবকা চবক,গুটি গুটি, ঠায়ে ঠায়ে ৰঙা ৰঙা। পকা হেলচৰ গুটিৰ নিচিনা। মুঠতে মই আছোঁ নে আছোঁ আৰু... 
  পৰীক্ষা আৰম্ভ নৌ হঁতেই বহু ভাৱনা আহে। আকৌ যায়। পৰীক্ষা দি হ'লেই অলৈ যাম, তলৈ যাম...। মনৰ জোখাৰে ঘূৰিম , ফুৰিম। অলপ পইচাও গোটাম।পৰীক্ষা যদি কণা ফৰ্মুটিত লাগেইবা । মায়েটো কৈয়েই থাকে। কেতিয়া  যে ভেকুলীৰ পিঠিত নোম গজিব। পইচা গোটোৱাৰ ৰাস্তা আছে। হাজিৰা কৰিম। দেৰগাঁও চহৰলৈ গৈ মানুহৰ ঘৰলৈ কাম কৰিম। সৰুকৈ বজাৰ-হাট কৰিম। গাঁৱতে ঘৰে ঘৰে গৈ টিউশ্যন কৰিম। এনে বহু ভাৱে জুমুৰি পাতেহি। যেন ওচৰৰ সৰু ল'ৰা-ছোৱালীয়ে ভাত খাবৰ পৰত আতৌ পিতৌকৈ দেউতাৰ ভাতখোৱা চাই আছে। অলপতে সিহঁতকো এগৰাহ দুগৰাহ খোৱাই ৰান্ধনিলৈ চকুৰে ইংগিত দিব সিহঁতক সৰু সৰু বাতিত অলপ ভাত দিবলৈ...। 

২০১১ চনত মই মেট্ৰিকত উত্তীর্ণ হলোঁ প্ৰথম বিভাগত । মই মোৰ কাণকে বিশ্বাস কৰিব পৰা নাই। ৰাজেন তই প্ৰথম বিভাগ, লগতে বিজ্ঞান বিষয়ত লেটাৰ লৈ উত্তীর্ণ। ৰাতুল চাৰে নেঘেৰিটিং চেন্টাৰৰ পৰা মোক এনেকৈ খবৰ দিছিল। মনত কিমান আনন্দ লাগিল ভাষাৰে বুজাব নোৱাৰি। মই চাইকেলেৰে তীব্ৰ গতিত স্কুললৈ গৈছোঁ। যেন তৰা নৰা চিঙি ঢেঁকীয়াপতীয়া বাঘে হৰিণাৰ পিছে পিছে দৌৰিছে। সকলোৰে অভিনন্দন গ্ৰহণ কৰিলোঁ।ছাৰ-বাইদেৱে মৰম দিছে। বহুবছৰ প্ৰথম বিভাগত উত্তীর্ণ হোৱা নাছিল হেনো। আৰম্ভণি হেনো ময়েই কৰিলোঁ বুলি শ্ৰদ্ধাৰ প্ৰধান শিক্ষক দুলাল চাৰে  (মোক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে দহদিস্তা বহী কিনি দিছিল) জনাইছিল। ইমান ডাঙৰ কাম এটা নহয় যদিও গাঁৱৰ কাৰণে সিয়েই বিশেষ যে সেয়ে অঞ্চলটোৰ মানুহৰ মৰমৰ সীমা নাছিল। আমাৰ ঘৰলৈ মানুহৰ সোঁত ববলৈ ধৰিলে। স্কুলৰ পৰা কেইবাহাজাৰো পইচা, অঞ্চলৰ মানুহে দিছে, নামভৰ্তি ৰ বাবে বহু সকাহ পালোঁ। অসম চৰকাৰে প্ৰদান কৰা আনন্দৰাম বৰুৱা বঁটা- Acer laptop লাভ কৰিলোঁ। গাঁৱৰ মানুহক ছাগলী কাটি ভাত খোৱালে । বহু মানুহ হৈছিল। বিৰাট ভাল লাগিল। চন্দ্ৰকুমাৰ আগৰৱালাই কোৱা শাৰীকেইটালৈ মনত পৰে-"মানুহেই দেৱ, মানুহেই সেৱ... "। 

 আমাৰ গান্ধী(ঘৰত মাতে এই নামেৰে) মানে ৰাজীৱে ডিকেডিত পঢ়ি শুনি পকামিস্ত্ৰি কামতে লাগিল। বুটু দাদা, চিৰাফ কা ৰ সৈতে। পাকৈত হৈ পৰিছে। যোগালীৰ পৰা মিস্ত্রি লৈ এক দীঘলীয়া হিচাপ-নিকাচৰ পৰিক্ৰমা। তাৰ লগতে মই যোগালীৰ কাম কৰিছোঁ। চিমেন্ট মিহলোৱা,নিৰ্দিষ্ট পৰিমাণৰ পানী দিয়া, বিট লগোৱা, টক্টাৰ পৰা গজাল উলিওৱা,বেলচাৰে বালি ভৰোৱা, বাঁহৰ খুটা কটা, গাঁত খন্দা, ছাং বনোৱা, কৰতেৰে হেস্কুৰে ৰদ কটা, কৰণীয়ে মিলোৱা,জেক লগোৱা, প্লাষ্টাৰ কৰা পকীত পানী ঢলা, শিলগুটি ধোৱা, হাতুৰী,বটালী,কোৰ, টেগাৰী,বাল্টি... আদি ধোৱা-পখলা ইত্যাদি কামখিনি কৰিব লাগে। 
  আমাৰ গাঁৱৰ বহু মানুহ দেৰগাঁৱতে কাম কৰে। যোৰহাট, চেন্নাই ইত্যাদি ঠাইতো কাম কৰি পৰিয়াল পোহ-পাল দি আছে । কোনোবাই জাৰ্চিগাইৰ বাবে খাদ্য যোগান, কোনোবাই , কোনোবাই খেতি-পথাৰৰ কাম, কোনোবাই ঘৰৰ বনকৰা হিচাপে। অঞ্চলটোৰ বহু মানুহে এনেকৈয়ে বছৰৰ পিছত বছৰ পাৰ কৰি আহিছে। খেতি খোলা কৰাসকলে খেতি -বাতি, চাকৰিয়ালে চাকৰি, দোকানীয়ে দোকান, ম'হ ৰখীয়াই ম'হ ইত্যাদি। 
 কিছুমানৰ ঘৰত ভালকৈ খুৱাবও  পইচাও উচিত দিব, আচাৰ-ব্যৱহাৰো ভাল। কিছু কিছু ৰ ঘৰত তাৰ ওলোটা ছবিহে দেখা যায়। নৈ উটি অহা গেলা-পচা জাহি জাবৰ বুলিও ধাৰণা কৰে।

    ১৩) 
এবাৰ মই চকিয়াল চুকৰ ৰমা বৰা বৰদেউতাৰ ঘৰত কাম কৰিছোঁ। হাবি বন কাটিছোঁ,তাৰ আগতে পকা কামৰ যোগালীও বুটু দাদা(বুটু দাদাই মোক বহু সহায় কৰিছিল এসময়ত) হঁতৰ সৈতে কৰিছোঁ। বুটু দাদা হেল্পফুল মানুহ। কাম সুন্দৰ কৰে। দেৰগাঁৱত বহু সুন্দৰ সুন্দৰ বিল্ডিং বনাই দিছে। কাম কৰি থাকিলে বহু কম কথা কয়, জোখৰ কথা কয়। সেইটো কাৰণে মোৰ কাম কৰি ভাল লাগে। অ'ই ল'ৰা , এই যে আমাৰ ঘৰৰ ওৱালৰ কাষৰতে থকা জাৱৰখিনি চাফা কৰিবি,প্ৰশ্বাৱৰ নলীৰ ওচৰটোৰ বনখিনি কাটি পেলাবি, তামোলপুলি আৰু কলপুলি এটা ৰুই দিবি, ঘৰটোৰ মুখতে থকা সা-সৰঞ্জাম, সামগ্ৰী (কোৰ,দা, লেহেতী,বেলচা, লাটুম,জোখ-মাপ কৰা টেপ, টিনপাত, তাঁৰ, চাবুল,কৰত,হেস্কো, বালি,বালিচলা চালনি,ৰদ,বাঁহ, তক্তা, চিপৰাং...) থকা ঘৰটোৰ আগফালৰ সেই পুখুৰীটো চাফা কৰিবি, বহু ঘাঁহ, বন, গজিল,ৰঙলাও জোপাৰ আগকেইটাও তালৈকে হালি পৰিছে। ৰমা বুঢ়াৰ  মানুহজনীয়ে দিহা দিলে। মই কামত ধৰিলোঁ। বৰ ধুনীয়া কৈ বুজাই-বঢ়াই দিছে। কামৰ মাজে মাজে ধুনীয়া মিঠাইৰ সৈতে চাহ একাপ দি গৈছে, ভাতমুঠিও খাবা বুলি কৈ। আচাৰ-ব্যৱহাৰখিনি ভাল লাগিল। কাম কৰি ভাল পাইছোঁ। নিৰ্দিষ্ট জোখত গাঁত খান্দি কলপুলি, তামোলপুলি(মূৰত জাপি লৈ) "জালুকত গোবৰ পানত মাটি কল পুলি ৰুবা তিনিবাৰ কাটি" কথাষাৰ কোনোবাই কোৱা চিৰিংকৈ মনত পৰি গৈছে। ৰুইছোঁ,বননিখিনিও চাফা কৰিছোঁ। বেলি মূৰৰ ওপৰ পালেহি। পুখুৰীটোৰ কাম আছেই। এনেতে বৰমাই ভাত খাবলৈ মাতিলে,সুন্দৰকৈ দিলে, ঘৰত কোন কেনেকৈ, ক'ত,কি কৰি আছে? বৰতাৰ মাতষাৰ পুলিচে জেৰাকৰাদি কৰা যেন লাগিল। পাঁচোটা ল'ৰা,মই বৰ, ভন্টিও এজনী আছে, সকলোৱে ভাগে ভাগে পঢ়ি আছে, দেউতাৰ ছয় মাহ খেতি-বাটি,ছয় মাহ মাছ-পুঠি,হাজিৰাও কৰে, মা ই ঘৰৰ কাম চম্ভালে, মই দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা দি শেষ কৰিছোঁ। অলপতে স্নাতকত নাম লিখাইছোঁ । ডিকেডিতে । দুই এপইচা নালাগিব জানো। সেয়েহে এনেকৈয়ে...। এইদৰে সকলো কথা মই বিৱৰি ক'লোঁ।


  ✒️ৰাজেন দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)