ৰমেনৰ অৱসৰৰ বিনোদন-উজ্বল বৰঠাকুৰ

©Admin
0
ৰমেন অৱসৰৰ পিছত গুৱাহাটীৰ ঘৰ খনত মন নবহা হ'ল। ঘৰখনতো বিশেষ একো কাম নাথাকে।কিমান আৰু ৰাতিপুৱাৰ পৰা ৰাতি শোৱালৈকে মোৱাইলটো লৈ ব্যস্ত হব সেয়ে এক সিদ্ধান্তু ল'লে আৰু সেইমৰ্মে পাহাৰৰ দাঁ‌তি কাষৰত মাতিৰ খোজ ল'লে ।ঠিক তেনেকুৱাত এটুকুৰা মাতিৰ সম্ভেদ পালে আৰু তাক ক্ৰয় কৰাৰ যাৱতীয় ব্যৱস্থা কৰিলে । কম দামতে মাতি খিনি ল'লে আৰু তাত এটা পুখুৰী খন্দাৰ ব্যৱস্থা কৰিলে আৰু লগতে এখন  বাগান । তাত এটা কুুটিৰো সাজিলে ! এটা শুভ দিনৰ শুভ লগ্ন চাই তালৈ যাত্ৰা আৰম্ভ কৰিলে এভাগ শিৱ পূজা পাতি তাতে অকলশৰে বাস কৰিবলৈ ধৰিলে।ঠাই খনত ভিন্ন জাতৰ ফুলৰ গছ, ফলৰ গছ ৰূপন কৰিলে ।  ৰমেনৰ হাতৰ পৰশ পাই ঠন ঠৰি উঠিল গছ বিলাক । অতি কম দিনৰ ভিতৰতে ফলে ফুলে জাতিস্কাৰ হৈ উঠিল আৰু সকলোৰে চকু থৰ লগা হ'ল । পুখুৰীতো মাছ কাচৰ উৎপাদন কৰিলে । ৰমেন সম্পূৰ্ন হিচাপে ব্যস্তু হৈ পৰিল বাগান খনৰ বিকাশত।দুই এজনে ৰমেনক সহযোগ দিলে দিন হাজিৰা হিচাপে । ফল -ফুলে অতি মনোমোহা ৰূপ ল'লে আনকি পাহাৰৰ পৰা হৰিণা ও আহি চৰিবলৈ ল'লে ৰমেন যেন সিহঁতৰ বন্ধু হৈ পৰিছিল ! বিভিন্ন প্ৰকাৰৰ চৰাই চিৰিকতি আহিব ধৰিলে সিহঁতেও বাহঁ সাজিলে। মুঠৰ ওপৰত সেই পথে যি য়ে নাযাওঁক কিয় ক্ষন্তেকৰ কাৰনেও হ'লেও তাত পদাৰ্পণ  নকৰাকৈ নাযায় ।ৰমেনে সময় উলিয়াই লিখা-মেলা বিলাকতো ব্যস্তু হৈ পৰিল ।ৰমেনৰ বয়স যিমানেই বাঢ়িছে সি যেন সুঠাম ডেকা হৈ পৰিছে । যিয়ে তাত গৈছে ৰমেনে কিবা নহয় কিবা এটা খুৱাই পঠাই । এনেয়ো তাৰ বাগান খনত ভিন্ন জাতৰ ফল-মুল বিলাক বাৰ মাহে থাকে । ৰমেনৰ বন্ধু বিলাক সঘনাই আহ-যাহ কৰিব ধৰিলে কোনোয়ে ৰাতিও থাকি যায় ! ইয়াৰ মাজতে ৰমেনৰ প্ৰিয় বান্ধৱী কল্পনা একেবাৰে আহি ৰমেনৰ লগত সহবাস কৰিবলৈ ধৰিলে ৰমেনে প্ৰথমতে আপত্তি দৰ্শাইছিল কিন্তু তাই মান্তি হোৱা নাছিল ।উপায়হীন হৈ ৰমেন আৰু কল্পনাই একেলগে থাকি বাগান খনৰ সৌন্দৰ্য বৃদ্ধি কৰাত দিনে ৰাতি প্ৰয়াস কৰিলে ।অৱশ্যে ৰমেন আৰু কল্পনাৰ সম্পৰ্ক আছিল কেৱল বন্ধুত্বৰ , ৰমেনে কুটিৰৰ সংখ্যা বৃদ্ধি কৰিলে তাতে এখন নৃত্য কৰ্মশালাৰ সৃষ্টি কৰিলে কল্পনা সত্ৰীয়া নৃত্যৰ বিষাৰদ আছিল । তাতে সৰু সৰু লৰা-ছোৱালী আহি যোগ দিলে এই নৃত্য কৰ্মশালাত ।  ৰমেনৰ দৃষ্টি চৰকাৰৰ ঘৰতো পৰিছিল আৰু আৰ্থিক সাহাৰ্য্য আগবঢ়াইছে লগতে প্ৰংশসাৰ প্ৰত্ৰ দিছে । ৰমেনৰ ঘৰৰ মানুহো মাজে সময়ে আহে আৰু যায় । আজি ৰমেন সম্পূৰ্ন ৰূপে ব্যস্তু  তাক বহুত ঠাইলৈ নিমন্ত্ৰণ কৰে লগতে সাহিত্য অনুৰাগী অনুষ্ঠান বিলাকলৈও । সি ইতিমধ্যে কেইবাখনো গল্প , কাহিনীৰ কিতাপ প্ৰকাশ কৰিছে । আজি ৰমেনক চিনি নোপোৱা মানুহ নাই বুলি ক'লেও ভুল কোৱা নহয় ।কেইবাবাৰো সংবাদ মাধ্যমৰ মানুহ আহিও সাক্ষাৎকাৰ লৈছে আৰু প্ৰকাশ কৰিছে সংবাদ মাধ্যমত । ভাল কামত শলাগৰ শৰাই সকলোয়ে আগবঢ়াই । ৰমেন আজি বৰ সুখী তাৰ মনৰ আশা পূৰন কৰিছে ! ময়ো ভাবিছো সময় সুবিধা কৰিব পাৰিলে ৰমেনৰ আত্মজীৱনী এখন লিখিম ৰমেন মোৰ বন্ধু প্ৰায়ে মই যাওঁ তাৰ লগত হাঁহি ধেমালী কৰো তাৰ পুখুৰীত মাছৰ লগত খেলা খেলো মাছলৈ লৈ যোৱা আহাৰ বোৰ দলিয়াওঁ মোৰ বৰ ভাল লাগে ।  ৰমেনৰ ইচ্ছা বাগান খনৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে তাৰ বাবে চৰকাৰৰ ওচৰতো আবেদন কৰিছে । হয়তো এদিন আৰু ধুনীয়া হৈ উঠিব ৰমেনৰ বাগান খন ।

✍️উজ্বল বৰঠাকুৰ ,গুৱাহাটী । 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)