ৰেচিপি-ডিমৰ কালিয়া ঝুমুৰ দে~পুতলী কোঁছ

Unknown
0
উপকৰণ ---- 

১ . কণী ২ টা
২ . আলু দুটা
৩ . কাল জীৰা
৪ . নহৰু ৮ -৯ ফুটা
৫ . জলকীয়া ৪ - ৫টা ( পিচি লোৱা )
৬ . পিয়াঁজ ১ টা ( মিহিকে কাটি লোৱা )
৭ . তেল ৫ - ৬ চামুচ ( ৰিফাইন )
৮ .হালধি গুৰি ১ চামুচ
৯ . জীৰা গুৰি ১ চামুচ
১০ . নিমখ ( আন্দাজ মতে )

প্ৰণালী ---- 
প্ৰথমতে কণী দুটা সিদ্ধ কৰি বাকলি গুচাই দুফাল কৰি লব ।
মছলাৰ কাৰণে ---- 
কালজীৰা ( কালনজি ) ২ চামুচ , নহৰু ৫ -৬ ফুটা একেলগে পিচি লব । ( মিশ্ৰণত অলপ চেনি দি দিব যাতে কালজীৰাৰ তিতাটো নালাগে আৰু বৰ সোৱাদ লগা হয় ) 
 জলকীয়া ৪ - ৫ টা মান পিচি লব ( জলা কম বেছি কৰিব পাৰে )
  এতিয়া এখন কেৰাহিত ৫ - ৬ চামুচ তেল ।( ৰিফাইন তেল ) গৰম কৰি তাত কাটি থোৱা পিয়াঁজ ১ টা অলপ সময় ভাজি , পিচি থোৱা জলকীয়া খিনি দি হালধি গুৰি ১ চামুচ , নিমখ ( আন্দাজ মতে ) জিৰা গুৰি ১ চামুচ দি অলপ পানী দি ভালকে ভাজি ১০ মিনিটৰ পাছত পিচি থোৱা কালজীৰা খিনি দি ৫ মিনিট মান উতলাই লব ।
    একেবাৰে শেষত দুফাল কৰা কণী খিনি দি মিশ্ৰণ খিনি যেতিয়া শুকাই আহিবলৈ ধৰিব তেতিয়া গেচ টো বন্ধ কৰি গৰমে গৰমে পৰিৱেশন কৰিব ।

নাম --- শ্ৰী পুতলী কোঁছ
জিলা --- লখিমপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)