বুকুৰ অবুজ বেদনা-অলকেশ খাটনিয়াৰ

    এটা অবুজ বেদনাই মোৰ বুকুত
     থিতাপি লৈ বহু দিনৰ পৰাই
     খুন্দিয়াই আছে মোক ৷
     এই অবুজ বেদনাই
     বুকুত আঘাত কৰি
     মোক চিৰদিনৰ বাবে
     ঘূণীয়া কৰি পেলাইছে,
     এই অবুজ বেদনাই
     তিলতিলকৈ মোৰ বুকুখন
     খুলি-খুলি খাইছে 
‌     নাজানো কেতিয়ানো এই
     অবুজ বেদনাৰ পৰা
     নিজকে মুক্ত কৰিব পাৰিম!!!

      ✍️অলকেশ খাটনিয়াৰ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send