চিনাকি অতিথি
ৰাংঢালী ফাগুনী
ধূসৰ শীতৰ ওৰণি গুচাই
ধূলিয়ৰি বাটেৰে
সৰাপাত গচকি ৷৷
হাঁহি হাঁহি আঁকি দিলেহি
প্ৰকৃতিৰ নিৰস বুকুত
মদাৰ,শিমলুৰ ডালে ডালে
বুটা বচা ৰঙীণ দলিচা
ফাগুনৰ উতলা পছোৱাজাকে
বিলাই দিলেহি ৰঙৰ বতৰা
চটিয়াই দিলে
হৃদয়ৰ আঁহে আঁহে
বসন্তৰ নিজৰা৷৷
✍️দীপাজ্ঞলী চহৰীয়া