তামোল গছ-কবিতা~ৰাজেন দাস

©Admin
0
গোটেই বাটটো বতাহে কোবাইছে,
বাত-বিষ থকা ককাই অতীত সুঁৱৰি লাখুটিকে এৰিব খুজিছে ৷
এলেহুৱা মখাক
তামোল-গছৰ দৰে হ'বলৈ মৰিয়াই-খুটিয়াই নোৱাৰিছে,
ইমান বতাহত থমথম মদন গোপাল হৈ বহি থাকি কি লাভ
লাভতকৈ লোকচানৰেই কদৰ বেছি যে ৷
ককাই পুনু লাখুটিতে বিচাৰিছে অতীত ৷
পাব,
পাবনে?
পাইছে
পাইছিল
পাবই!

✍️ৰাজেন দাস
বেলগুৰি,যোৰহাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)