গাঁৱৰ সেই ৰাংঢালী ছোৱালীছোৱালীজনী আজি মোৰ পত্নী হ'ল-অঞ্জনা শইকীয়া

ব'হাগ মই ভাল পাওঁ; ব'হাগে সকলোৰে জীৱনলৈ নতুনত্ব সঞ্চাৰ কৰি ৰঙীন কৰি তোলে মন - প্ৰাণ । ব'হাগৰ আজি বাৰটা দিন পাৰ হ'ল... আৰু আজি গাঁৱৰ সেই ৰাংঢালি ছোৱালীজনী মোৰ পত্নী হ'ল।
         মোৰ ভাৱনাৰ দুৱাৰ খুলি কেঁচা মাহ হালধীৰ গোন্ধ এটি ভাঁহি আহিল.. ঘূৰি চাই দেখো ন -কইনাৰ সাজত মোৰ মন আকাশৰ অঞ্জনাজনী... কঁপালত মোৰ নামৰ সেন্দুৰ আৰু মূৰত দীঘল উৰণি টানি লাজ লাজ দৃষ্টি  আৰু কঁপি উঠা বুকু যাৰ প্ৰতিটো উশাহতে কেৱল মোৰ নাম। সদাই দেখি অহা অঞ্জনাক আজি সঁচাই বেলেগ দেখাইছে...!! মনত পৰিছে অতীতৰ সেই সময় বোৰ.....
              
          সকলোৰে মৰমৰ, সমাজত জিলিকা ৰাংঢালী পক্ষী.... যাৰ মন কেৱল ৰঙেৰে ভৰি থাকে.. যিয়ে ব'হাগৰ ৰঙত নিজৰ লগতে আনৰ জীৱনো ৰঙীন কৰি তোলে। ভাল লাগে তাইক, ভাল লাগে তাইৰ স্বভাৱ, ভাল লাগে তাইৰ প্ৰতিটো কথা, ভাল লাগে তাইৰ সপোনবোৰ ...তাইক নিজৰ কৰাৰ হেঁপাহবোৰ মোৰ মন মগজুত বাৰুকৈয়ে শিপালে। তেনেকৈয়ে কেইবা বছৰ পাৰ হোৱাৰ পিছত মাঘৰ প্ৰথমটো দিনতে তাইক প্ৰেমৰ প্ৰস্তাৱ দিলোঁ। কিন্তু তাই মোৰ প্ৰস্তাৱ নস্যাৎ কৰি মোৰ মুখলৈকো নোচোৱা হ'ল , না মোক মাতে না মোলৈ চাই এক প্ৰকাৰে ক'ব গ'লে মোক তাই ঘৃণা কৰিবলৈ ল'লে ! মনটো সেমেকি গৈছিল যদিও তাইক পোৱাটো মোৰ জেদ হৈ পৰিছিল। তাইক পঢ়াই শুনাই সমাজত এক আগ স্থান দিয়াটো মোৰ লক্ষ্য হৈ পৰিছিল। কিন্তু কোনোদিন তাইক মই প্ৰেমৰ বাবে  হেঁচা নিদিলোঁ কাৰণ মই বিশ্বাস কৰো সঁচা অন্তৰে নিস্বাৰ্থ ভাবে বিচাৰিলে সকলো পোৱা যায়।তাইৰ পৰা আঁতৰি থাকি মই তাইৰ সপোন পূৰণ চেষ্টা কৰিছিলোঁ কাৰণ তাই মোক খুউব বেয়া পাইছিল মই দিয়া বুলি ক'লে তাই খোৱাই বাদ দি দিয়ে...এক প্ৰকাৰে ক'ব গ'লে তাইক সন্মতি কৰোৱা আৰু ধেৰুৱা ঠাৰি সিজোৱা একেই আছিল...!! তথাপি মোৰ প্ৰেম নাঁৱৰ বঠা চলিয়ে থাকিল। প্ৰতিটো ব'হাগতে মনলে নতুন ব'হাগ আহে  ... বিহু পাতোঁ, বিহু গোৱাৰ চলেৰে চকুলৈ চাওঁতে কিন্তু তাই মুখ ঘূৰাই দিয়ে। এনেকৈয়ে ছটা বছৰ পাৰ হ'ল...এদিন হঠাৎ মেচেজ টনটো বাজি উঠিল ফোনটো চাই দেখো I love you বুলি মেচেজ এটা... মোৰ  অঞ্জনাই দিছে.. মনৰ আনন্দই নধৰা হ'ল ।কি কৰো নকৰোকৈ কান্দি য়ে পেলালোঁ। 

        প্ৰেম ,ভালপোৱা, প্ৰেৰণাৰ মাজেৰে আমি কেবাটাও বসন্ত পাৰ কৰিলোঁ। আমাৰ সম্পৰ্ক আনতকৈ বেলেগ আছিল...মই তাইৰ পথ প্ৰদৰ্শক হৈ বেয়া ভালটো বিচাৰ কৰি দিও তাই যি কৰে কৰিব পৰাকৈ সাহস দিও অভিভাৱক হৈ চকু দিও বন্ধু হৈ তাইৰ মনৰ সুখ দুখৰ খবৰ ৰাখোঁ। সকলো ঠিকেই আছিল... এদিন  খবৰ পালোঁ তাইক চাবলৈ দৰা আহিব । বুকুখন বিষাই গ'ল ; উশাহবোৰ চুটি হৈ পৰিল কি কৰিম মই তাইক এৰি কেনেকৈ?তাই জানো সুখী হব পাৰিব? মোৰ চাকৰি নাই, পেটৰ তাড়নাত পৰি সৰুতেই কাঠৰ কামত হাত দিলোঁ এতিয়া ডিজাইন কটা মোৰ নিচা হৈ পৰিল । মই জানো তাই মোৰ এই বিদ্যাক সন্মান কৰে তাইক সুখী কৰিব পৰাকৈ মোৰ সামৰ্থ্য আছে কিন্তু ঘৰখনে জানো?? মনত হাজাৰ প্ৰশ্ন লৈ তাইলৈ ফোন কৰিলোঁ ''তই সুখী হ'ব পাৰিবনে? যদি তই সুখী তেনেহলে মইও সুখী?''  তাই উচুপি উঠিল...মোৰ হৃদয়ে কান্দি উঠিল.. তাই  নিজক শেষ কৰি দিব!! নাই নাই তাইক হেৰুৱাব নিবিচাৰো মই। সকলো কথা ঘৰত জনাই বিয়াৰ প্ৰস্তাৱ দিলোগৈ। সকলোৱে বাধা দিছিল যদিও আমি আমাৰ প্ৰেমেৰে সকলোৰে মন জয় কৰিলোঁ।
     
          সম্পূৰ্ণ বাৰ বছৰ ভালপোৱাৰ অন্তত সমাজক সাক্ষী কৰি আমাৰ মিলন হল। গাঁৱৰ সেই ৰাংঢালী ছোৱালীজনী আজি মোৰ পত্নী হ'ল.....!!!!

      ✍️ অঞ্জনা শইকীয়া
                টীয়ক

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send