আমি নাৰী-মাৰজিয়া আহমেদ

পংখী মৰাণ
1
আমি নাৰী, 
দুটি বৰ্ণৰে গঠিত হ'লেও আমাৰ নাম
তথাপিও তোমালোকে আমাৰ বৰ্ণনা দিব নোৱাৰিবা,
দিব নোৱাৰিবা আমাৰ মূল্য।

আমি সেই নাৰী, 
যাৰ বাবে তোমালোকে এই ধৰাৰ সুন্দৰতা উপলব্ধি কৰিব পাৰিছা,
পৃথিৱীৰ সকলো কৰ্ম তোমালোকৰ দ্বাৰা সম্ভৱ হ'লেও
এগৰাকী মাতৃ হোৱা সম্ভৱ নহয়।

সেয়ে আমাক কামনাত বলি কৰাৰ আগত
এবাৰ ভাৱি চোৱাছোন তোমাৰ আইৰ কথা,
ভাৱি চোৱা নিজৰ অতি আদৰৰ ভগ্নীৰ কথা;
আমিওতো আই-ভগ্নীৰ দৰে, 
নে দেখাত অইন কিবা কামনাত লিপ্ত পশু?

তেন্তে আমাক অসহায় অৱস্থাত পালেই
স্থিৰ থাকিব নোৱাৰা কিয়?
সহায় কৰাৰ পৰিৱৰ্তে
নিজৰ মোহ, তৃপ্তি আৰু প্ৰয়োজন পুৰাবলৈ
আমাক কিয় কলংকিত কৰা?

সমাজত মুখ দেখুৱাবলৈ অলপো ঠাই নোথোৱা
তোমালোকৰ
আমাক কলংকিত কৰাৰ পূৰ্বে এবাৰো
মনত নপৰেনে  নিজৰ মাতৃ-ভগ্নীৰ কথা?

আমি নিৰাপত্তা নোহোৱা পক্ষীৰ দৰে
আৰু কিমান তোমালোকৰ চিকাৰত বলি হ'ম?
পিঞ্জৰাবদ্ধ হৈ নো আৰু কিমান থাকিম?
আৰু, আৰু! 
কিমান সহ্য কৰিম তোমালোকৰ উৎপীড়ন? 

মানুহ হিচাপেও কি আমি নিৰাপত্তা নাপাম নেকি?
সংবিধানিক নিৰাপত্তাতো সংবিধানত আছেই,
সেই বিধান কামত খটোৱা!!!
দিয়ানা,!
অলপ সম্মান,
অলপ স্বাধীনতা,
আৰু অকণমান জীয়াই থকাৰ অধিকাৰ
লগতে অলপ নিৰাপত্তা।।

বিঃ দ্ৰঃ সকলো পুৰুষেই এক নহয়, ভুল হ'লে দয়া কৰি অপৰাধ মাৰ্জনা কৰিব🙏

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিলোঁ,,,, মোৰ কবিতাটো আলোচনী খনত প্ৰকাশ কৰাৰ বাবে 🙏

    ReplyDelete
Post a Comment