লেখিকা হোৱাৰ সপোন-স্বেতা ঠাকুৰীয়া

Unknown
0
   
"সপোন" - এক অবুজ শিহৰণ । প্ৰত্যেকজন ব্যক্তিয়ে সপোন দেখে , সেইয়া স্বাভাৱিক ।  হয়তো কোনোৱে চকু মুদি সপোন দেখে ,  আন কোনোৱে আকৌ সাৰে থাকিয়ে সপোন দেখে । পিছে এই সপোনবোৰৰ বাৰু বাস্তৱৰ সৈতে সংযোগ আছেনে ! যদিহে আছে তেন্তে সেইয়া কেনেধৰণৰ সংযোগ ! হয়তো এগৰাকী  সফল ব্যক্তিৰ আঁৰত থকা প্ৰধান উৎসই হৈছে তেওঁৰ সপোন । সপোনক কেন্দ্ৰ কৰিয়েইতো প্ৰতিজন মানুহৰ জীৱন যাত্ৰাৰ আৰম্ভণি হয় ,যাৰ অন্তিম লক্ষ্যত থাকে সেই সপোনটোৰেই বাস্তৱ ৰূপ।
পিছে জীৱনৰ এই নবন্ধোৱা আলিত হাঁহি কান্দি, ওফৰি জাফৰি হাজাৰ কষ্ট অতিক্ৰমি গন্তব্যস্থানলৈ আগবাঢ়িলেও প্ৰত্যেকেই যে সেই‌ গন্তব্যস্থানত উপনীত হ'ব সেয়া নিৰ্ধাৰিত নহয় । দুৰ্ঘটনা , বাধা - বিঘিনি , বিফলতা ইত্যাদিবোৰেই এই যাত্ৰাত পথিকৰ  সঘন লগৰী ।  কেতিয়াবা এই লগৰীবোৰৰ উদ্‌ভাণ্ডালিত উজুটি খাই পথিক বিফল হৈ ঘৰমুৱা পক্ষীৰ দৰে উলটিব লগা হয়  ,  আনহাতে কেতিয়াবা আকৌ  এই সকলোবোৰক হেলাৰঙে নেওঁচি আগবাঢ়ি  যাব পৰাজনৰ সুকীয়া ভৱিষ্যতে পোখা মেলে । সপোনবোৰে বাৰু বাস্তৱৰ ৰূপ নাপালে তাৰ গোচৰ ৰুজিব পৰা নাইবা  তাক দিঠকত পৰিণত কৰাৰ সহজলভ্য উপায় দিব পৰা কোনোবা আছেনে !  হয়তো সপোন এক অদৃশ্য শিল্প ।  হৃদয়ৰ অযুত বাসনাবোৰ কল্পনাৰ পৃথিৱীতে উপভোগ কৰিব পৰা এটি কলা । 
          জীৱনৰ পোৱা নোপোৱা হাবিয়াসবোৰৰ মাজতেই এমুঠি সপোন যে মোৰো আছে । যান্ত্ৰিকতাৰ পৰা বহু নিলগত ভাৱনাৰ সাগৰত মোৰ শব্দৰে এখনি বিশাল পৃথিৱী গঢ়াৰ আকাংক্ষাও আছে ।  নীলা কলমৰ চিয়াহীৰে এগৰাকী মায়াময়ী যাদুকৰ  হোৱাৰো প্ৰকত ইচ্ছা পুহি ৰাখিছো ।  প্ৰত্যেকৰে হৃদয় চুই যোৱা এশাৰী বাণীৰে মোৰ পৰিচয় হ'ব , নিজৰ শব্দৰে । অসমীয়া সাহিত্য জগতৰ  ঠুনুকা পৰিস্থিতিক পুনৰ শক্তিশালী ৰূপত গঢ়ি তোলাৰ অংশীদাৰ হ'ব বিচাৰো ।  মোৰ শব্দৰে   ,  মোৰ ভাষাৰে  হতাশাত ভূগি থকাজনৰ মনোবল বৃদ্ধি কৰিব বিচাৰো । জীৱন সংগ্ৰামত পৰাজয়ৰ চিহ্ন দেখাজনক মোৰ কথাৰে ,  মোৰ বাণীৰে সফলতাৰ বাট দেখুৱাব বিচাৰো । কম্পিউটাৰ ,  মোৱাইলফোনৰ পৰ্দাত অথবা সামাজিক মাধ্যমত ব্যস্ত থকা আজিৰ প্ৰজন্মক কিতাপ  আৰু আখৰৰ মোহ মায়াৰে আকৰ্ষিত কৰিব বিচাৰো । শব্দৰ নগৰীলৈ আজিৰ সমাজক আজুৰি আনিব বিচাৰো । কলমৰ চিয়াঁহীৰে কেইবাহাজাৰো ওকা কাগজৰ বৰণ  সলনি কৰিব বিচাৰো । ভাষাৰ জেউতিৰে  অন্ধকাৰ জগতখন পোহৰাই তুলিব বিচাৰো । ভৱিষ্যত প্ৰজন্মৰ মাজতো ভাষা , সাহিত্য ,  সংস্কৃতিৰ  লগতে প্ৰত্যেকজন সাহিত্যিকক জীয়াই ৰাখিব বিচাৰো । আজিৰ ল'ৰা - ছোৱালীৰ লগতে আগন্তুক  শিশুসকলকো কবিতা - কানন   ,  গল্প - অনুগল্পৰ পৃথিৱী   ,   প্ৰৱন্ধ  ,  মহৎ লোকৰ বাণী ইত্যাদিৰ সৈতে পৰিচয় কৰোৱাব বিচাৰো ,  এইবোৰৰ সঠিক মূল্য অনুভৱ কৰোৱাব বিচাৰো । 
           মোৰ ভয় হয় , আধুনিকতা আৰু এই জটিল যান্ত্ৰিক জীৱন প্ৰণালীৰ লগে লগেই যেন এদিন অসমীয়া সাহিত্যৰ বিলুপ্তি ঘটিব । কলমডালৰ যেন হঠাৎ এদিন মৃত্যু হ'ব । শব্দবোৰৰো যে' সমাধি গঢ়া হ'ব । কাইলৈৰ শিশুৱে যেন  নৱকান্ত বৰুৱা  ,   সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ নাম শুনিলেই এক অচিন সুৰত  তেওঁলোক কোন বুলি অভিভাৱকক প্ৰশ্ন কৰিব । আৰু সেই প্ৰশ্নৰ সঠিক উত্তৰ যে অভিভাৱকৰ হাততো নাথাকিব । জীৱনৰ মাদকতাবোৰ ,  তিতা - মিঠা অভিজ্ঞতাবোৰ ব্যক্ত কৰি , উঠি অহা প্ৰজন্মক অনুপ্ৰেৰিত কৰিবলৈ শব্দৰ অভাৱ হ'ব ।  সেয়েহে আজিৰ দিনতো  মই  চিকিৎসক  ,  অভিযন্তা বা আৰক্ষী বিষয়া হোৱাৰ পৰিৱৰ্তে এগৰাকী লেখিকা হোৱাৰ সপোন দেখিছো । অসমীয়া ভাষা , সংস্কৃতি  ,  সাহিত্য   , সাহিত্যিক ইত্যাদিবোৰক সমাজত জীয়াই ৰখাৰ প্ৰচেষ্টা অৱিৰত ৰাখিব বিচাৰিছো ।  অনুভৱ  ,   অভিজ্ঞতাবোৰ চিৰদিন সজীৱ কৰি ৰাখিবৰ বাবে মোৰ ভাষাৰে ,  মোৰ শব্দৰ সমাহাৰেৰে বাস্তৱিক  ৰূপত এখনি গ্ৰন্থ প্ৰকাশৰ এটি জীয়া সপোন পুহি  ৰাখিছো । 
          "  মোৰ সপোনত মই সাৰ পাই আছো  ,  আৰু মোৰ সৈতে সাৰে আছে মোৰ সপোন  ,  যাক মই বাস্তৱৰ সৈতে সংযোগ কৰিম -  এটি জীয়া সপোন । "  

✍️স্বেতা ঠাকুৰীয়া
     ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)