ভেঁটগুটিয়া- লুইজা ৰাণী গগৈ

Aditi Tanti
0
সোণালী গাঁৱৰ 'মহাত্মা বিদ্যালয়'ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত টিংকু আছিল আটাইতকৈ সৰু । সি বয়সতো সৰু আকাৰতো সৰু । জন্মতে মাকক হেৰুওৱা বাবে টি‌ংকুৱে আন শিশুৰ দৰে যত্ন পাই ডাঙৰ হোৱা নাই । সেইবাবে তাৰ স্বাস্থ্যও বেয়া । সকলোৱে তাক 'ভেঁটগুটিয়া' বুলি মাতে । এই কথাত সি বৰ দুখ পায় । তাক কোনেও আচল নামেৰে নামাতে । কেৱল বিদ্যালয়ৰ ডেকা ছাৰেহে তাক প্ৰশংসা কৰে । ডেকা ছাৰে আন শিক্ষকসকলকো কয় । টিংকু এদিন নিশ্চয় ডাঙৰ মানুহ হ'বই । তাৰ সমান মনোযোগ কাৰো নাই আৰু তাৰ আখৰো ভাল । সমনীয়াই টিংকুক 'ভেঁটগুটিয়া' বুলি ঠাট্টা-মস্কৰা কৰিলেও টিংকু দৌৰাত পাকৈত আছিল ।   

            বছেৰেকীয়া পৰীক্ষা শেষ হোৱাৰ পাছত ডেকা ছাৰৰ নেতৃত্বত সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল মানাহলৈ বনভোজ খাবলৈ গ'ল । দুপৰীয়ালৈকে সকলো ঠিকে আছিল । ৰাজুহঁতে একাষৰীয়াকৈ গৈ খেলাত ব‍্যস্ত হৈ আছিল । টিংকুৱে দুখ মনেৰে শিল এচটাত বহি সকলো চাই আছিল । তেনেতে ববিতাই কিহবাৰ মৰম লগা পোৱালি এটা কোলাত লৈ ডেকা ছাৰক ক'লে , "ছাৰ চাওঁকচোন এইটো ইমান ধুনীয়া মৰম লগা মেকুৰী পোৱালি" । হঠাতে ডেকা ছাৰে চিঞৰি উঠিল , "এইটো বাঘৰ পোৱালি । ইয়াক ইয়াতেই থৈ পলোৱা ।" সকলোৱে দৌৰিবলৈ ধৰিলে । টিংকুৱে ওখ ঠাইৰ পৰা সকলো চাই আছিল । সি চিঞৰিলে - "বাঘজনী সিফালৰ পৰা আহিছে । ওলোটাফালে দৌৰি বাছত উঠাগৈ ।" বাঘে দূৰৈৰ পৰা চোঁচা ল'বলৈ আৰম্ভ কৰিলে । টিংকুৱে বিষম দেখি বাঘজনীৰ গা‌ লৈ এটা শিলগুটি দলিয়াই দিলে । আৰু পাৰেমানে চিঞৰিলে । বাঘে এইবাৰ আন ল'ৰা-ছোৱালীবোৰক এৰি টিংকুৰ ফালে চোঁচা ল'লে । টিংকুৱে একে জাঁপে শিলচটাৰ পৰা নামি প্ৰচণ্ড গতিৰে দৌৰি গৈ এজোপা গছত বেগাই উঠি ওপৰ পালে । বাঘে গছৰ তলত গুজৰি-গুমৰি থাকিল । আৰু বাঘে কিছু সময় তেনেদৰে থকাৰ পাছত বাঘজনীয়ে পোৱালিটোক কামুৰি ধৰি বহু দূৰলৈ গুচি গ'ল । বাঘ আৰু পোৱালি চকুৰ আঁৰ হোৱাৰ পাছত 'ভেঁটগুটিয়া' টিংকু বীৰদৰ্পে নামি আহি সকলোকে অভয় দান দিলে । সকলোৱে টিংকুক প্ৰশংসা কৰিলে । ৰাজুয়ে তাৰ হাতত ধৰি চলচলীয়া চকুৰে ক'লে - "তই আজি আমাৰ সকলোৰে জীৱন ৰক্ষা কৰিলি । আজিৰ পৰা তোক কোনেও 'ভেঁটগুটিয়া' বুলি মাতিব নোৱাৰে । মই কথা দিলোঁ । আজিৰ পৰা তই 'ভেঁটগুটিয়া' নহয় ; আমাৰ স্কুলৰ হিৰো''। ৰাজুৰ কথা শুনি সকলোৱে কিৰীলি পাৰি উঠিল । ডেকা ছাৰে ক'লে - "এতিয়া নতুন বিপদ হোৱাৰ আগতে আমি উভতি যাওঁগৈ ব'লা । সিফালে আকৌ টিংকুৰ সাহসিকতাৰ পুৰস্কাৰৰ বাবে আবেদন পত্ৰ লিখিবও লাগিব ।" 

সকলোৱে অভিজ্ঞতা এমোকোৰা 
লৈ বিদ্যালয়লৈ উভতি গ'ল ।
    
                      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)