তাইৰ প্ৰেম-যদুমণি গগৈ

©Admin
1
তাই অন্তহীন প্ৰেম
প্ৰেমে দিছে তাইক
ঐশ্বৰ্যভৰা সুৱাস ।

প্ৰেমে আলোকিত
তাইৰ চিন্তা প্ৰতীতি
নিগৰি বয় অমল প্ৰেমৰ
আৱহমান প্ৰশান্তি ।

প্ৰেম অবিহনে
সৃষ্টি ধৰ্মিতা আচ্ছাদিত
 অভিমানৰ পুখুৰীত
অৱগাহন এবাৰ নহয়
দুবাৰ নহয় বহুবাৰ ।

তাইৰ মালা ধাৰীত
বিচাৰি পাওঁ "আমাক" ।
বুকুভৰা প্ৰেৰণাত
লহপহকৈ বাঢ়িব শিপা
ভৰি পৰিব ডালপাত
ফল-ফুলৰ মাণিকী মধুৰী সম্ভাৰ ।

✍️যদুমণি গগৈ

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. খুব সুন্দৰ কবিতা। আপ্লুত হৈ পৰিলোঁ।

    ReplyDelete
Post a Comment