খাকী পোছাক পিন্ধা মানুহজনৰ
প্ৰিয় কি হ’ব পাৰে বাৰু ?
পোছাক কিম্বা বন্দুকটো
প্ৰিয়তমা কিম্বা জন্মদিয়া মাজনী
নে স্বদেশৰ মানুহবোৰ ?
তেওঁৰ প্ৰত্যাশা কি ....
জনতাৰ জাগ্ৰত প্ৰহৰী হৈ দেশ সেৱা কৰা
নে বৃদ্ধ আইজনীৰ যত্ন লব পৰাকৈ মাহিলী বেতনকেইটা ?
কোনে দেখিছে ?
তেওঁৰ দুচকুত তিৰ্বিৰাই থকা সেউজীয়া বোৰৰ আঁৰৰ দুখৰ পাহাৰখন...
তেওঁতো সপোনৰ ঘৰ এখনৰ আল্পনা আঁকে
খাকী ৰং মানেই কেৱল গুলী-বাৰুদৰে খেলা এটা হিংস্ৰোক মন নহয়
তেঁওকো পৰিচালনা কৰে আৱেগে ৷
বন্দুকৰ ট্ৰিগাৰত বহা আঙুলি যেতিয়া কলমেৰে বগা কাগজত নিগৰিব
তেতিয়া শাওণৰ দোপালপিটা বৰষুণ সৰিব
খাকীপোছাক পিন্ধা মানুহজনৰ হৃদয়খন তেতিয়া বোকা মাটিৰ দৰে উৰ্বৰ হ’ব ৷৷