দেশৰ বৈভৱ-অঞ্জুমণি হাজৰিকা

দেশৰ বৈভৱ 
সফলতাৰ মাপকাঠী
স্বাচ্ছন্দ্যৰ দুৱাৰ
সৌৰ্য বীৰ্যৰ দলিচা পৰা
দেশৰ জনগণৰ স্বাভিমান ,
বিশ্বৰ দৰবাৰত মূৰ তুলি থাকিবলৈ
অফুৰন্ত শক্তি যোগায় ,
জিলিকি থাকে ইতিহাসৰ পাতত
সোণোৱালী লিপি খোদিত কৰাই ,
গৰিমাৰ মন্ত্ৰ বুকুত লৈ
আগবাঢ়ে সময়ৰ বুকুৱেদি
বলুকাত সবল খোজ আগবঢ়াই ।।

✍️ অঞ্জুমণি হাজৰিকা 
       যোৰহাট --১০
     

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send