কিহৰ পৰিণাম লাগে তোমাক
আপোন হাতেৰে গঢ়া
ৰঙা নীলা গাঢ় নীলা কাৰেংঘৰৰ
নে আপোন হাতেৰেই ভাঙি চুৰমাৰ কৰা
সেউজ কোমল সম্পৰ্কবোৰৰ...
ক্ষণিক সুখৰ বাবেই
ইমান স্বাৰ্থপৰ কেনেকৈ হ’ব পাৰিলা ...!
জন্মদাত্ৰী আপোন মাতৃক
বেঘৰ কৰোঁতে
এবাৰলৈও হাত নকঁপিল তোমাৰ
জন্মৰে পৰা লালন-পালন কৰি
নিজে তিনিদিনীয়া লঘোণীয়া পেটেৰে থাকিও
তোমাক এমুঠি খুৱাবলৈ চেষ্টা কৰা
তোমাৰেই চিন্তাত উজাগৰী ৰাতি কটোৱা
চেনেহৰ পিতৃ মাতৃক
বৃদ্ধাশ্ৰমৰ কোঠাত এৰি থৈ আহি
কোন সতেৰে ভাতৰ টেবুলত বহিলাহি ...
মাছে মঙহে পত্নীয়ে সজাই দিয়া
ভাতৰ কাঁহিত হাত বোলাওঁতে
কি এবাৰলৈ কঁপি উঠিছিল নে তোমাৰ
কোমল হাতৰ আঙুলিবোৰ ...
কি বা খাইছে তেওঁলোকে !!
হৃদয়ৰ কোনোবা কোণত
প্ৰবল বিষ এটাই আমনি কৰিছিলে নে !
পত্নীৰ দুচকুত সুখৰ সোণোৱালী আভা
তাতোটো তুমিও ৰং বুলালা ...
আৱেগৰ উমাল দুহাতেৰে সাৱটি ...
কি ক’লা তুমি ...
ঘৰখনৰ সুখৰ বাবেই এনে কৰিলা ....
নিৰ্লজ্জ অপদাৰ্থ পুত্ৰ তুমি .....
পিতৃ মাতৃৰ বাবে অশান্তি হয় ঘৰত ...
কোনে ক’লে , ক’ত শুনিলা তুমি !
সৌ সিদিনা লগ পোৱা পত্নী আৰু পুত্ৰ....
পৰিণাম মাথোঁ দুদিনমান ৰোৱা
আপোন পুত্ৰৰ হাততে
যিদিনা বেঘৰ হৈ বৃদ্ধাশ্ৰমৰ বাসিন্দা হ’বা
“ পৰিণাম ” আপোনা আপুনি বুজি পাবা
তোমাক কিহৰ পৰিণাম লাগে ....
আপোন হাতৰ সুকৰ্মৰ নে
স্বাৰ্থপৰ মনেৰে কৰা দুষ্কৰ্মৰ
সেইদিনা নিজেই নিজকে সুধিবা
কি “ পৰিণাম ” ৰ বাবে যোগ্য তুমি !!
" পৰিণাম " আপোন হাততেই আছে ...
✍️পূৰ্ণিমা বৰঠাকুৰ বেজবৰা
নগাওঁ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ