চৌদিশে কবিতাই এপলক চাইছে
বুকুৰ বৰণীয়া বাগিচাত তেতিয়া
বা ৰি্বৰিব্ মৃদু বতাহ বলিছে ।
নীলাভ আকাশৰ ফাঁকে ফাঁকে
শিমলু ফুলীয়া সপোন এটাই
গা ঘেলাই ফুৰিছে ----
লাজুক লাজুক ৰং-বিৰঙী ফুলৰ আঁৰে আঁৰে।
ৰিহাৰ আঁচল টানি
ছেগ চাই নিলাজ ফাগুনে
চেংগুটি খেলিছে ...
কবিতাৰ বুকুত গুপুতে গুপুতে।
আবিৰ সনা বা লাগি
ধেনুভিৰীয়া কবিতাৰ চকুত
কামনাৰ মৃদু মিঠা আৱাহনী ।
ফাগুন-চ'তৰ সলাজ পৰশ লাগি
কবিতাৰ বুকুত এবুকু খলকনি ।
তোমাৰ খোজৰ চিনে চিনে
একো পাহি গোলাপ ফুল ফুলে ।