একাঁজলী বিৰহ ~ খণ্ড ২ | ধাৰাবাহিক উপন্যাস | বিটুমনি ভূঞা কোছ

©Admin
0
ফেঁটি সাপৰ দৰে ফেট তুলি, পানী কাউৰীয়ে গা-মূৰ  জোকাৰী অহা দৰে মেখেলা খন দাঙি অহা বৰমাকলৈ চাই, গেৰেলা যুদ্ধাৰ দৰে সুযোগ সন্ধানী ৰনে কৈ উঠিল, তোমাক বিচাৰি এইখিনি পালোঁহি, বৌ কাণ্ড দেখি আচৰিত হলোঁ।হেৰৌ "বাটি খালে আটি যায়।" একুৰা জুইৰ দৰে হৃদয়ত জ্বলি থকা পুত্ৰ হেৰুৱাৰ জুই,মুখত অপ্ৰকাশিত বেদনাৰ ছবিখন লৈ জীয়াই থকা বৰমাজনীৰ হাতে বৌয়ে ভাত কেইটা খালে কি হয় !বৰমা আপোনাৰ ঘৰত দুটা মহৰ খুটি থকাৰ পিছত বৌয়ে যদি কয়,মোলৈ গাখীৰ ভাগত নপৰে, নাইবা বৰমা ,তুমি আৰু বৰদেউতা বুঢ়া বয়সত ,এই ১৪ বছৰতে বোৱাৰী কৰি অনা ছোৱালী জনীয়ে যদি কেতিয়াবা ঘৰৰ আঁতৰত কোঠা এটা বনাই অকলে থাকোঁ বুলি কয়, সেই বাবে কথা বোৰ ভাবি চাব।নহ'লে বৰমা বৌক ঘৰলৈকে পঠিয়াই দিয়ক।

ৰনৰ দৰৱে কামত দিলে।বৰমাক শান্ত হৈ পৰিল।ৰনলৈ চাই ক'লে,-এই মতা মূৰ চোবোৱা জনীক লৈ যাবলৈ,  মাক বাপেকক কৈছিলোঁ ,মাকে নিনিয়ে,তাইক ঘৰলৈ উভতাই নিলে চাৰিজনীকৈ ভনীয়েকক কোনে বিয়া কৰাব।বিয়া কৰায় অনা ৩ বছৰেও ল’ৰা ছোৱালী এটা মুখ দেখাব নোৱাৰিলে।

এটা দুখৰ হুমুনিয়াহ কাঢ়ি ৰন গুছি গ'লগৈ।
আঠু দুটা মাজত মূৰটো ভৰাই তগৰ বহি থকাতেই আঙুলি টোৱাই শাহুয়েকে ক'লে, পৰ পুৰুষৰ মুখ নাচাবলৈ কোৱাৰ পাছতো তই মোৰ কথা নুশুনিলি,তিনি দিনলৈ খোৱা বোৱা বন্ধ।তোৰ বাবে এই শাস্তিয়েই ঠিক।

দপদপাই দৰ্জা খন বন্ধ কৰি  ওলাই যোৱা শাহুয়েকক তাই একো ক’ব নোৱাৰিলে।নাল নাইকিয়া কোঠাৰখনৰ দৰে অকামিলা সম্বলহীন তাই জীৱন। পেটৰ ভোকত  তাই বিচনা খনতে চটফটাই আছে ।ৰুমৰ খিৰিকি খন খুলিব পাৰি।তাই ৰনক আকৌ এবাৰ দেখা পোৱা হেঁপাহত ডিঙিটো উলিয়াই ইফালে সিফালে চালে।নাই ,ইমান জোৰেৰে তাই ভোক লাগিছে যে মুখৰ পৰা পানী উলাই গৈছে।পেটটো চিকুট মাৰি ধৰিছে।অবশ দেহাটো বিচনা খনত তাই এৰি দিলে।মূৰটো তাইৰ আচন্দ্ৰাই কৰিলে।

ৰনৰ কথাবোৰ শুনি তাই ভাল পায়,তাৰ কথাত যুক্তি আছে।কিন্তু তাই যে বৰ অসহায়।মূৰ তুলি কাৰোবাক কিবা এটা কথা ক’ব পৰাকৈ এই পৃথিৱীত তাই কোনো আপোন নাই। কাৰ আগত তাই ভূগি থকা এই নিৰ্যাতনৰ কথা  ক’ব?দুচকুৰ পৰা বাগৰি অহা দুধাৰী চকলোৱে গাৰুটোত আশ্ৰয় ল’লে।

তিনি দিনৰ দিনা শাহুয়েক তাই ৰুমলৈ সোমাই আহিল।বিচনা খনত চেপেটা লাগি শুই থকা তাই দেহাটোলৈ চাই তেওঁ যেন ঘিণহে লাগিল।

উঠ, ভাত বনাই খা।শাহুয়েকৰ ভয়ত তাই মূৰটো দাঙি থৰক-বৰককৈ উঠি আহিছিল, যদিও লুটিখাই পৰি গ'ল। তাই চকুহালে চাৰিওফালে অন্ধকাৰ দেখিলে।জ্বৰত কপনি উঠা দেহাটো লৈ কুঁচি-মুঁচি বিচনাখনত আকৌ শুই থাকিল।

তাই অৱস্থাটো লক্ষ্য কৰি শাহুয়েকে বৰ ভয় খালে।দৰ্জাখন মাৰি দৌৰি ওলাই গ'ল।

এটা সময়ত ৰনে ডাক্তৰ লৈ আহিল।পাছে পাছে শাহুয়েক।শাহুয়েকে বৰ ভয় খাইছে।সিহঁতৰ ঘৰৰ প্ৰতিটো অসুবিধাত ৰনৰ প্ৰয়োজন।ৰনে বৰমাকক বেয়াকৈ কিবা ক'ব বুলি তেওঁ ভয় খাই আছিল।

ডাক্তৰে তগৰক চাই আচৰিত হ'ল।তাই একো নোখোৱাকৈ থকাৰ বাবে এনে অৱস্থা হৈছে বুলি শাহুয়েকক জানিবলৈ দিলে।শাহুয়েকে কাজলীবৰণ ধাৰণ কৰিলে।

ভাক্তৰ ছাৰ, লৰাটো মৃত্যুৰ পাছত বোৱাৰী জনীয়ে একো খাবলৈ মন নকৰা হ'ল।

কথাৰ চেগতে ৰনে তাই হাত খন তাৰ হাতৰ মুঠিত সাবটি ধৰিলে।নিজকে ভাল পাবলৈ শিকা বৌ।

ডাক্তৰে শাহুয়েকক ভাল খবৰটো দিলে।তগৰ অন্তঃসত্তা ।খবৰটো শুনি সকলোকে আচৰিত কৰি শাহুয়েকে তগৰক সাবটি ধৰিলে।
আই অ' কিয় বাপুলৈ মনত পেলাই নোখোৱাকৈ থাকিব লাগে।ভগৱানৰ মহিমা দেখিলা ,বাপুৱে আমাক উত্তৰাধিকাৰী দি গ'ল।

বৰমাকৰ নাটক খন দেখি ৰনে তগৰলৈ চাই ক'লে, বৰণ সলনি কৰা মানুহৰ বাবে চিন্তা নকৰিবা।আমি যাওঁ।
ডাক্তৰ আৰু ৰন গ'লগৈ।ডাক্তৰে দিয়া চেলাইন লৈ তাই অলপ সুস্থ হৈ পৰিল।শাহুয়েকে মৰমেৰে গৰম ভাত খাবলৈ দিলে।

বিচনাখনত গাৰুটো সাবটি তাই ভাবিলে, চৌপাশে আগুৰি থকা তাই এই দুঃসময়ত তাইৰ গৰ্ভস্থ সন্তানে তাইৰ বাবে এইয়া সুখবৰ লৈ আহিছে নে দুঃখবৰ।
আগলৈ,,,,,,,,।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)