জনমৰ এৰি অহা বাটেৰে॥
(সপোনটোৱে সাৰ পাই আজি ৰিঙিয়াই মাতে)
পোহৰ এটাই খেদি ফুৰে
অজান প্ৰহৰে প্ৰহৰে॥
মইয়ো পোহৰ বোৰ খুন্দিয়াও
এন্ধাৰবোৰে মুখ থেকেচে॥
আকৌ এন্ধাৰ, আকৌ পোহৰ
জীয়া সপোনটোৱে মোক চুব খোজে
উজুটি খাওঁ, উলটি চাই পোহৰ পাওঁ॥
সপোনতে বুকুত এটা শূলে বিন্ধে
লাহে লাহে ঠাল ঠেঙুলি বাঢ়ে, গজালি মেলে
বগোৱা বায় বুকুৰ জখলাৰে॥
মৃত সপোন এটা গচকি আহিছিলো
সেই পোহৰ নমাৰ বাটেৰে॥
✍️শ্যামল বৰা, সাপেখাতী