সূৰ্যোদয় সপ্তম অধ্যায় -আত্মদীপুভৱ | ধাৰাবাহিক উপন্যাস -ৰাজেন দাস

পংখী মৰাণ
0
(১) 
কত পৰে নষ্টালজিক হৈ আছিলোঁ। টলকিবই পৰা নাছিলোঁ। বিজ্ঞাপনৰ কথা মনত পৰি আছিল। "অপেক্ষাৰ অন্ত পৰিল! আমাৰ মৰমেৰে ভৰপূৰ চহৰখনেই হৈছে যোৰহাট ...সৰু চহৰ অথচ আপোনৰ সীমা সংখ্যা নাই। এই আপোনাখিনিৰ মাজত ভালপোৱাৰ ৰিব ৰিব মলয়া। 
 জীৱনে যৌৱনে সাৰ পোৱা চহৰৰ অলিয়ে গলিয়ে কত জনৰ কৰুণ আৰতিৰ মাজতো পুৱাৰ পখীৰ কল কলনিয়ে জীৱনৰ ছন্দ ওভটাই  আনে । ধনাত্মক চিন্তাক বোকোছাত বান্ধি আধুনিক মনৰ গৰাকী হৈ সাংস্কৃতিক বাতাৱৰণ আমি (নিউ জেনেৰশ্বন) য়েই গঢ় দিব লাগিব। 
  এই বৈশিষ্ট্যকে সৰোগত কৰি  যোৰহাটত আমাৰ এক নৱ আশাবাদী যাত্ৰাৰ আয়োজন।  GoForfood (উদাহৰণ বহু আছে,মই আৰু যোৰহাটৰ শিৱাণী বৰুৱাবৰুৱাৰ লগ হৈ এই বিজ্ঞাপন প্ৰস্তুত কৰিছিলোঁ) ৰ পহিলাতে আপোনালোকৰ অকুণ্ঠ সহাঁৰিৰ বাবে অশেষ ধন্যবাদ। 

  আপোনালোকৰ দিহা-পৰামৰ্শ, মৰম তথা আৰ্শীবাদে এই নৱ যাত্ৰাক নতুন মাত্রা প্ৰদান কৰিব বুলি আমি অতিকে আশাবাদী। গতিকে, "Go For food" ৰ জৰিয়তে জুতি লওঁক নতুন নতুন তৃপ্তিৰ।বন্ধুবৰ্গ অথবা নিজৰ আপোনজন/আপোনগৰাকীৰ সৈতে, মনৰ দুৱাৰ খুলি কথা পাতক , জীৱন উপভোগ কৰক,নতুন নতুন তৃপ্তিৰ সোৱাদ লওঁক... 
 ঠিকনা-
..... 
  (২) 
 যোৰহাট' শব্দটোৰ অৰ্থ হৈছে 'দুখন বজাৰ' (যোৰ-দুই, হাট-বজাৰ), ১৮শ শতিকাত ভোগদৈ নদীৰ দুয়োপাৰে থকা "চকীহাট" আৰু "মাছৰহাট"ৰ পৰাই এই নাম আহে। ই আছিল আহোম ৰাজ্যৰ অন্তিম ৰাজধানী। ১৭৯৪ খ্ৰীষ্টাব্দত আহোম ৰজা গৌৰীনাথ সিংহই ৰাজ্যৰ ৰাজধানী শিৱসাগৰ( পূৰ্বৰ ৰংপুৰ) ৰ পৰা যোৰহাটলৈ স্থানান্তৰিত কৰে
যোৰহাট । অৰ্থাৎ মাছৰ হাট আৰু চকীহাটে লগ লাগি যোৰহাট হৈছে বুলি জনা যায়।। দুই বন্ধুৱে যোৰহাটৰ কেন্দুগুৰিৰ মানুহ ঘৰৰ বাৰান্দাত এঙাৰে  দাঁত ঘহিঁ ঘঁহি হাঁহি থাকোঁতেহে  হুচ আহিল। আচলতে মই ফেৰিৰ পৰা নামিয়েই চাইকেলৰ পিছফালে নহয় যেন বাইকৰ পিছফালে বহাদি বহি আহিছিলোঁ। ভাগৰত হেনো লেটুসেতু। তাতে মই অলপ দুৰ্বলোঁ। গা-টো মঙহ কম। বুদ্ধি কণাশুক্ৰ। সিহঁতে চাইকেলৰ পৰা এজনে নামি কৰি ডাংকোলাকৈ ডাইৰেক্ট বিচনাত শুৱাইহে দিছিল। মোক হেনো ভাত খাবলৈ পানী ঢালি, কাণৰ কাষৰত ঢোলৰ বোলনি,পেপাঁৰ পিহিটিপিটাও(দুপৰৰ মোহনাত...গানটোত বজোৱা পেঁপাটোলৈ মনত পৰে) , মোবাইলৰ ৰিংটংৰ ভলিউম ইনক্ৰিছ কৰিও দিছিল। বিফল হৈ পৰিছিল। ভয়ো লাগিছিল বোলে। মই যেতিয়া দুভৰি আৰু গা-টো ভাগৰুৱা দেহে কৰাদি ইকাটি -সিকাটি হে জীৱ থকা অনুমান হৈছিল। এনেকুৱা বৰজনা আমি দেখা নাই। সি যেন মাউন্ট এভাৰেষ্ট হে জয় কৰিলে। এৰা ইমান দুৰ্বল। আকৌ বোলে সি কাইলৈ দেশৰ গুৰি ধৰোঁতা। হা হা হা হা...। সিহঁতৰ হাঁহিটো  ক্ৰমশঃ কৌতুহলী হৈ পৰিল। মইয়ো দাঁত মাৰিবলৈ গছৰ সৌৰাৰ ঠাৰিকে লৈ লৈছোঁ। তাতে বেগত কলগেট, ব্ৰাছত কি কি বা বীজাণু সোমাইছে।
কোনে মাজিব। বনৌষধি সম্পর্কে দুই এখন গ্ৰন্থ পঢ়িবলৈ পাঁও। মোৰ এখন প্ৰিয় গ্ৰন্থ ড° গুণাৰাম খনিকৰৰ "সমগ্ৰ বনৌষধি "(প্ৰথম প্ৰকাশ-২০১২,ডিচেম্বৰ,ৰেখা প্ৰকাশন) ইংৰাজসকলৰ আগমনৰ পূৰ্বে ভাৰতত টুথপেষ্ট  বা টুথব্ৰাছ কি বস্তু নাজানিছিল । তেতিয়া আঙুলি বা দাঁতৰ ৰোগ প্ৰতিষেধক দাঁতোনেৰেই দাঁত মাজিছিল । কিন্তু ইংৰাজ সকলক দেখি আমাৰ ভদ্ৰসমাজে বা আজিৰ দিনত আমি সকলোৱে ব্ৰাছ হাতত ললোহি । মহানিমৰ ঠাৰি, সৌৰাগছৰ ঠাৰি,ভেৰেনা বা ভতৰা বা ভেন্দেৰা,কেঁচা তামোলৰ বাকলি, পচতিয়া এইখিনিয়ে সকলো দাঁত পৰিস্কাৰক আৰু দাঁতৰ সৰ্ব ৰোগ প্ৰতিষেধক হিচাপে কাম কৰে। আৰু নাম আছে-এঙাৰ , নিম , সৰিয়হ তেল মিহলাই ঘহা দাঁতৰ যতন আৰু বিভিন্ন ৰোগৰ বাবে উত্তম ব্যৱস্থা।

(৩) 
দাঁতৰ নানা বেমাৰত বকুল ,আদা,লং,ভীমকলৰ ঠাৰি,বাহৰ কুমলীয়া এচাৰি,মধুৰিআমৰ পাত, হিং ফিটকিৰি ,বিষ হৰি,কৰ্দৈৰ শিপাৰ ৰস,পিপলী  উত্তম ঔষধী হিচাপে আমি পঢ়িবলৈ পাইছোঁ। বৰজনাই যেন কৌশলেৰে ঘটানাটো আমাক পাহৰাব বিচাৰিছে। ধান খোৱা মুৰ্গী কত যাবা। এইদৰে প্ৰদীপে ভাবি ভাবি ফোনটোত কিবাকিবি চোৱাৰ দৰে লিৰিকি বিদাৰি  আছে। বৰজনাই দাঁতৰ ওপৰত বিজ্ঞাপন দিয়া যেনহে লাগিল। এইবুলি প্ৰশান্তই হাঁহিৰ শুভাৰম্ভ কৰিবলৈ পালেহে। পিৰালিৰ কাষৰতে থকা মানুহখিনিয়েও যোগ দিলে। ভিতৰত টি. ভি. ত হিন্দী চিৰিয়েল কুমকুম ভাগ্য চাই থকা বাবে সেই মজাৰ পৰা বঞ্চিত হ'ল। হাঁহি আমাৰ শৰীৰৰ এক ঔষধ বুলিব পাৰি। আমি যেতিয়াই তেতিয়াই হাঁহো । প্ৰাণ খুলি হাঁহিলে বহুত ভাল। আনক ভেঙুচালি কৰি হাঁহি থকাতকৈ স্বাস্থ্যৰে কিবা এটা উপকাৰ হয় যদি মন প্ৰাণ খুলি হাঁহিবলৈ শিকক। চকুৰপানীতকৈ হাঁহি-মাতিয়েই জীৱনটোক সুখী কৰিব নোৱাৰিনে!
লাহে লাহে সিহঁতৰ সৈতে সহজ হৈছোঁ। সিহঁতেও মোক একপ্ৰকাৰৰ শক্তি দি দিয়াৰ দৰে লাগিল। দুৰ্বলতাৰ দৰে কথাখিনিৰ পৰা। সেয়েহে মই তেনে দুৰ্বলতাক আৰু প্ৰশ্ৰয় নিদিও। তিনিও দুদিনমান যোৰহাটৰে ওচৰে পাজৰে ফুৰিলোঁ। মইনা পাৰিজাত নামঘৰ, বৰভেটি নামঘৰ আদি। 
 (৪) 
মানুহৰ সপোন থাকে। কিছুমানে সপোনক পাগলা দৰে ভালপাই। কিছুৱে প্ৰেমৰ দৰে ভালপাই। কিন্তু সপোনটো দেখে। জ্ঞাতে-অজ্ঞাতে। আকাশ চোৱাৰ। বাস্তৱ নহবও পাৰে। হ'বও পাৰে। স্নাতক মহলাত দেৰগাঁও কমল দুৱৰা কলেজত পঢ়ি আছোঁ। গোলাঘাটস্থিত এখন ডাঙৰ কলেজ। বহু ছাত্ৰ-ছাত্ৰী অধ্যয়ন কৰে।  কলেজ খনৰ সৈতে বহু মানুহৰ শ্ৰম, সাধনা তথা উৎসাহ জড়িত হৈ আছে। ইয়াতেই হাজাৰজনৰ সপোনৰ ঠিকনা পায়। সপোনে পাহি মেলে। বহুতে সপোন খেদি ফুৰে । কোনোৱে সপোনটোক মামুলি বুলি ভাৱে। কোনোৱে পাগলৰ দৰে ভালপায়। সেয়েহে পোহপাল দিয়াত লাগি থাকে-"লাগি থাকিলে মাগি নেখায়।"
দেশ (বাংলা), আছাম ট্ৰিবিউন(ইংৰাজী), 
অসমীয়া প্ৰতিদিন, জনমভূমি,আমাৰ অসম, ,(অসমীয়া) কাকতখিনি কলেজখনলৈ আহে। আমি বহু জ্ঞান আহৰণ কৰোঁ, চুডকো খেলোঁ,লেখা-মেলাও পঢ়া-শুনা কৰোঁ । মই অলপ মধ্যমীয়া। লগৰবোৰে ক্লাচৰুমত প্ৰশ্নৰ উত্তৰ টকচ-টকচ দিয়ে। লাজ লাগে।দিলেও পাৰফেক্ট নহয়। বৰ উৎসাহী। কোনোবা এদিনা দিওঁ। মনটো বিৰাট ভাল লাগে। পিছদিনা প্ৰশ্ন সুধিলে দিবি বৰ কষ্ট কৰোঁ। কিন্তু সেইদিনা আকৌ গোটেই ক্লাচবোৰতে শ্ৰুতলিপি বা আন আন দিশৰহে আলোচনা নহয়। ঘৰৰ পৰাও কিতাপ পত্ৰ কৌৰ্চবোৰহে যেনেতেনে পঢ়ো । মই যেনিবা কলেজ বন্ধ হোৱা দিনত হাজিৰা কৰি দুই এখন পঢ়ো। তেনে ইনকামৰেন সাতসৰী,গৰীয়সী,প্ৰকাশ,প্ৰান্তিক পঢ়িবলৈ যত্ন কৰোঁ। তাকো মাহেকীয়া গ্ৰাহক নহয়। 
তাতে ঘৰতো দিব লাগে। টিউশন ৰ পইচা বহুত কম। সেইকেইটাই কোনো অভাৱ পূৰণ নহয়। এদিনাখনৰ কথা। স্নাতকৰ  সন্মানীয় অসমীয়া বিষয় লৈ পঢ়ি আছোঁ। মোৰ ধাৰণা হৈ থাকে। অসমীয়া অভিধান দুই-এখন কিনিব লাগিব।কাৰণ অভিধানত যিকোনো  এটা ভাষাৰ শব্দৰ একত্ৰ সংগ্ৰহ। অভিধান এখনৰ মাজত পদ্ধতি অনুসৰি ভাষাটোৰ মাজত ব্যৱহৃত/অব্যৱহৃত শব্দসমূহক অন্তৰ্ভুক্ত কৰি ৰখা হয়। ইয়াৰ দ্বাৰা ভাষা এটা সঠিক ৰূপত জনাত সহায় হয়। সেয়েহে সেইদিনা শনিবাৰ আছিল। যোগালিবোৰে পইচা পায়। সপ্তাহৰ অন্তত। মইয়ো চৈধ্যশমান পাইছোঁ। ঘৰৰ ইটো-সিটো লৈ অলপ বচাইছোঁ। দেৰগাঁওস্থিত কিতাপৰ দোকান (নামটো মনত পৰা নাই যদিও কিতাপৰ বিপণী কেইখনৰ নাম এনেধৰণে-দত্তবুক স্টল, বৰা বুক স্টল, টেলেন্ট) ৰ পৰা হোমকে খন কিনি পেলালোঁ। অভিধান লৈ আহিছোঁ। কি প্ৰশান্তুি লাগিছে। সন্ধিয়া হৈ আহিছে। গাত পাতলীয়া বতাহ এছাটিও লাগি গৈছে। পাঁচশ টকা দি এই গ্ৰন্থ মোৰ বাবে গুৰুত্বপূৰ্ণ সম্পত্তি। বহুত কষ্ট কৰি যি দুই-এখন কিতাপ কিনিছোঁ। সেইয়া মোৰ বাবে স্মৰণীয়। ডিকেডী কলেজৰ নৰেন শৰ্মা লাইব্ৰেৰী টোৰ ভিতৰত এটা বাক্য পাইছিলোঁ-"কিতাপ পঢ়া এমাহত এখনকৈ"। 
অৰ্থৰ অভাৱৰ বাবে কম পঢ়া হয়। অভাৱত যেন স্বভাৱ নষ্ট। উপায় নাই। এদিন এই অভাৱক ধনাত্মক দিশত লৈ যাব লাগিব। 
 বহুত কম পঢ়ো বাবে বহুত লাজ পাব লাগে। মনে মনে থাকোঁ। তথাপি চেগাচোৰোগাকৈ দিওঁ। শুদ্ধ হ'লে নিজৰে ভাল লাগে। অশুদ্ধ হ'লে জীৱন ধিক্কাৰ জন্মে। মনে মনে শীতল যুদ্ধ এখন অহৰহ লৈ আছোঁ। 
(৫) 
আন এদিন। মই মোহাদেউ (ভদেশ্বৰ তাতি বুলিলে অঞ্চলটোত জনাজাত )ৰ লগত বজাৰলৈ ওলালোঁ।মোহাৰ শাক-পাচলি, মাছ-পুঠিৰ ব্যবসায়ে পৰিয়াল পোহ-পাল দি আহিছে। ছোৱালী দুজনী।সৰুকৈ ঘৰতে পাচলি বাৰী কৰি, বজাৰলৈ গৈ বছৰ বছৰ দিনটো খেদায় । ককাই ভাই আছে।" ভাই ভাই বোলে ঠাই ঠাই।"মোহাৰ চুলি কম। সামান্য টপা।গালতে তিল এটা আছে। ধুনীয়া পেপা বজাব জানে। বিহু নাম জানে। বজাৰলৈ যাওঁতে দুই এফাঁকি ঠাইতে জোৰা শুনিছোঁ।  নাহৰণীৰ ওচৰৰ দক্ষিণা গাঁৱৰ বজাৰ। এখন ভাল বজাৰ। চাহ-বাগানৰ মানুহ, দিন হাজিৰা কৰা মানুহ, চাকৰি কৰা মানুহ, খেতি-বাতি কৰা মানুহ, পাইকাৰী দৰত কিনা বেপাৰী, গেলামালৰ দোকান দিয়া মানুহ হাত সোমোৱাব নোৱাৰা। মুঠতে মানুহ আৰু মানুহ। ভাগৰে জুগৰে আহে। ইমান দৰ-দাম পিহি নেথাকে।নিদিষ্ট কৰি থোৱা দৰত কিনি লৈ যায়। দিনটো কপালৰ ঘাম মাটিত পেলাই ৰাতিলৈ হেনো কঁকাল কেতকেটাই যায়। তাৰোপৰি ঘৰখনৰ ইটো-সিটো আছেই। মই মোহাৰ লগত জাতিলাও,ৰঙালাওৰ আগ, ঢেঁকীয়া শাক, শোতৰা,কণবিলাহী, কলমৌ,মানিমুনি, জিলিমিলি.. লৈ গৈছিলোঁ।ঘৰৰ তেল নিমখ কিনিও মোৰ সেইদিনা ৭০০ পকেটত ৰৈছিল।মনটো ভাল লাগিছিল। বজাৰ-সমাৰ সামৰি আহি থাকোঁতে মোহাই সেইদিনা কি ধুনীয়া গান এটি গাইছিল। বিহুতলি বিহুতলি লাগিছিল লাগিছিল যদিও -
"ধনকে ধনে কৰি ধনকে ঘটিলি
পৰম যতন কৰি ;
ধনে যাব চলি দেহা যাব পিছলি
লগত যাব দুছলি খৰি। "

   (৬) 
মাজে-সময়ে বৰ ধুনীয়া কৈ গাই শুনাই থাকে। এই গান ভাগৰ জুৰোৱাৰ। এই গান মনত সাহস দিয়াৰ। গান শুনা, আনক শুনোৱা। এইদিশসমূহ মন কৰিবলগীয়া। দুয়ো একাপ চাহ খাই লৈছোঁ। নিজৰ নিজৰ বজাৰ কৰি ল'লোঁ। টিউবডাল চাইকেলৰ দগা-পালা, বস্তাৰ সৈতে একেলগে সামৰি লৈছোঁ। পাঁচলিখিনি আনোতে কলপাত দি আনিছিলোঁ বাবে সেইখিনি কাষৰতে থকা দাষ্টবীণলৈ পেলালোঁ। "পাত পচলা লাভতে খাবা, লংকাৰ বন্ধ হাততে পাবা" কথাষাৰ মনলৈ আহি থাকে। ব'ল ব'ল। ব'লক। ব'লক। ল'ৰা। দেৰি হ'বগৈ। নহ'লে আমাৰ উধানৰ তিনিজনাও অগ্নিশৰ্মা হৈ পৰিব। সংসাৰৰ মায়াজাল আছেই। মানুহগৰাকী, ছোৱালী দুজনীয়ে  চিন্তা কৰি থাকিব। যিমান পাৰোঁ সোনকালেই যাঁও। মোহাৰ কথাত হয়ভৰ। মোহাদেউ আগে আগে। মই পিছে পিছে। বাগানৰ মাজে মাজে । ঠেক ৰাস্তা। চাহপাতৰ  কেচাঁ গোন্ধে নাকত কোবাইছে। আকৌ যেন শুনিমেই ঝুমুৰৰ জুনুক জানাক। ভৰিৰ কলাফুলত জুনুকা বজাদি মনটো বাজি গৈ আছে। তেওঁলোকৰ নিজা সংস্কৃতি আছে। কৰম পৰৱ, টুচু পূজা, ফাগুৱা পৰৱ, হুহৰাই পৰৱ ইত্যাদি।  কৰম পৰৱত  ‘ঝুমুইৰ’নৃত্য-গীত পৰিবেশন কৰে। তেতিয়া আঁঠুৰ তললৈকে কলাফুল ওলাই থকা "লাল পাৰী বগা শাড়ী" পৰিধান কৰে। বাগানীয়া ছোৱালীয়ে হাতত ৰুমাল লয়। সেওঁতাত ‘সীতাপটি ভৰিত পয়ৰী’,হাত আৰু ভৰিৰ আঙুলিত আঙঠি, ডিঙিত হাৰ মালা, হাতত খাৰু আদি পৰিধান কৰে। তালে তালে সুৰে সুৰে গীত-নৃত্য পৰিবেশন কৰে। বহুত ভাল লাগে। শিৱসাগৰৰ ৰংঘৰৰ বাকৰিলৈ মনটো উৰি উৰি যায়। পেদেল যিমান জোৰে ঘূৰাইছে। সমানেই মোহাদেউৱে এটি মিছিং ঐনিতমৰ সুৰ তুলিবলৈ প্ৰয়াস কৰি আছে। মোৰ আকৌ 'মোক কাম লুপ চু-মা-পে"বাবা দলেৰ সংলাপটো কিবা ভাল লাগে। সেইটো আহি থাকে। পৰিৱেশ্য কলাৰ পৰা আহৰণ কৰা জ্ঞান সচাঁকৈ গৰ্ভত ৰৈ বৈ যায়। আকৌ খলা-বমা ৰাস্তা পাৰ হৈছোঁ। পকী ৰাস্তা। মোহাদেউৱে সুৰ তুলিছে। চাইকেল চলাওঁতে গা ত বতাহে কোবাই থাকে। ৰৈ দিলে গৰমে আবৰি ধৰে
। মই আকৌ শুনিবলৈ চেষ্টা কৰি আছোঁ। ইমান গহীনকৈ গাই গৈ আছে। মই এসময়ত 'চেষ্টাৰ অসাধ্য একো নাই'দৰে শুনিবলৈ পালোঁ- মিচিং ঐনিতমৰ সুৰীয়া কলি-চাহবাগী চাহ দ চাঙ মে টু-লা-পে... "
(৭) 
সৰুল'ৰা। গাঁৱত বায়েন বুলি জনাজাত। মোৰ প্ৰিয় বন্ধু। মোতকৈ সৰু যদিও ভাল বন্ধু। বেলগুৰি প্ৰাথমিকতে দুই এক শ্ৰেণী পঢ়িলে।পঢ়াবলৈ ঘৰত মন আছিল যদিও সি সিমান চোকা নহয়। নহয় উৎসাহিত। এদিন মাক-দেউতাকে স্কুল এৰুৱাই  দিলে। তাক কি কৰা যায়। সিদিন সিদিন পাৰ হ'ল। সিও স্কুল এৰি বেলেগ কামত সোমাল। পঢ়া-শুনাত টকা পইচাই লাগে তথাপি লাগে পৰিয়ালৰ অকুণ্ঠ সমৰ্থন। অৰ্থনৈতিক দিশে কত শত মেধাৱীক আগবাঢ়িব দিয়া। তথাপি আগনবঢ়াকৈ থকা নাই। 
সৰুল'ৰা গাঁৱত বায়েন বুলি জোকাই ৰস লয়। "অ বায়েন ভাওনাত খোল নবজাৱ নে "? সি আমাৰ ঘৰলৈ আহে। নাগৰনিত ছাছি কামত সোমোৱাৰ পৰা ঘৰলৈ আহোঁতে মোক লগ কৰে। যেতিয়া মই ঘৰত থাকোঁ তাক লগ কৰোঁ। আগতে ডেকা হওঁতেও ঘৰলৈ আহে। সাংসাৰিক জীৱনটো আহে। সেই লগ পোৱাৰ সময়তে তাৰ পৰা তাৰ জীৱনৰ সংগ্ৰাম খিনি জানি থাকোঁ। সি কৈ যায়। গৰু'চৰুৱা সময়। 
বগাতী(আমাৰ গাঁৱৰ দাঁতিকাষৰীয়া বোকা মিচিং এলপিস্কুলৰ শিক্ষক)-২০০কৈ,১বছৰ, কলিয়াগাঁও এল পি স্কুলৰ ওচৰত-৩ মাহ, বাবাই জানিব পইচাটো। 
ৰমেশ(তেওঁ এজন প্ৰাথমিক স্কুলৰ শিক্ষক) চিনাইচুক-৭মাহ, ২০০কৈ মাহে ,লুহিত(আমাৰ গাঁৱৰ ভিতৰত সিহঁতৰ গৰু-গাই সৰহ বুলি নাম আছে) ৰ ঘৰত ধানলৈ,মাহঁতে গম পাব, ২মান 
, নেপালী গাঁৱত-৩০০কৈ, ৮মাহ ইত্যাদি। যোৰহাট জিলাস্থিত বৰমুকলিৰ ওচৰৰ নেপালী মানুহঘৰত গৰু চৰাওঁতেই তাৰ বেমাৰটো হৈছে। 
বেমাৰ আৰম্ভ-তেল ঘঁহে মালিকৰ ঘৰৰ
, ঘৰত বেজালি কৰি-যোৰহালৈ, ১লাখ মানখৰচ । ঘৰলৈ মোক লৈ গৈছিল। মানুহ ঘৰৰ লগত একো বেয়া হোৱা নাই। বেজ-বেজালিৰ কাম আৰম্ভ। সেই পইচাৰে উন্নত চিকিৎসা কৰা হ'লে । আজি মই এটা হাতৰ মুঠি নুখুলি,ভৰি লেকেচিয়াই লেকিচিয়াই আহিব লগা নহ'লহেঁতেন।ক্ৰমশঃ তাৰ কথাৰ সুৰটো মোৰ সহ্যৰ বাহিৰত। মানে বেয়া লাগিল। বৰ কষ্টকৈ আছে। সেইবাবেই তাক কিছুমানে কামত নিনিয়ে, কোনো ছোৱালীয়ে চকুপাৰি নেচায়, কিছুৱে ফিচিঙা ফিচিং কৰে, তাল জোৰা দি খং তোলাই। মই মাত্ৰ মোৰ কাম কৰি যাঁও। আমি সেইবোৰ কথা ভূ-ভাগকে নেপাঁও। মা-দেউতাহঁতে গম পাই যদিও নেজানো।ডাক্তৰী চিকিৎসাকে গুৰুত্ব দিব লাগে। গাঁৱলীয়া চিকিৎসা ওপৰত সকলো ভৰসা কৰিব নেলাগে। সেয়েহে কিছুমান মানুহ উচিত চিকিৎসাৰ পৰা বঞ্চিত। মৃত্যুও হয়। জনা-শুনা মানুহো কেতিয়াবা এনে মেৰপেচত সোমাই পৰে। জনা-শুনা লোকক কিছু কথা সোধ-পোচ কৰি ল'ব লাগে। নিজৰ মতত অচল অটল হিমাচল হ'লে ন'হব।" নাও বুৰিলেও টিঙৰ পৰা ননমা" লোক আছে। 
সি তাৰ স্কুলীয়া জীৱনৰ কথা কৈ যায়।  বহিবলৈ বস্তা লৈ, চিলেটত লিখিবলৈ ফলিগুটি। বাঁহৰ স্কেল এপাট। বীণাবেগত কিতাপ। এনেকৈ সি পঢ়িছিল। পঢ়াত মধ্যমীয়া। ঘৰৰ মানুহেও জোৰ নিদিলে। টকা-শিকাও সিমান নাই। বোলে-জোৰ যাৰ মুলুক তাৰ "ৰ চেষ্টা কৰিবলৈ।
সি এদিন ডাঙৰ হ'ল। লোকৰ ঘৰে ঘৰে গৰু-গাই চোৱা-চিতা কৰি। বহু সৰু সৰু অভিজ্ঞতা বুটলিছে। যৌৱনেও সাৰ পাইছে। যিটো কিছুমান সমাজত স্বাভাবিক। সময় নৈ হওঁতেই  সাংসাৰিক জীৱনৰ পাতনি মেলে। ঘৰে ৰাজি নহ'লে পলুৱাই আনে। পলুৱাই আনেও আনে আজি কালি তাতে লাইভ কৰি ভিডিও(ছ'চিয়েল মিডিয়াত) বনাই। নব্য মাধ্যমে কিমানক কেনেকৈ ক'ত কেতিয়া মাধমাৰ সোধাই আছে আমি নেজানোৱেই। অৱশ্যে মানুহখিনিক পৰম সুখ দিয়ে। বহুতে কৰিব পৰা কাম এজনেই সম্পাদন কৰি দিয়ে। আনফালে আকৌ এলেহুৱা, সোৰোপা,অকামিলা কৰি গৈছে। সমান্তৰালভাৱে জীৱনৰ আয়ুসো কমাই পেলাইছে। মানুহৰ মৰিবলৈ ভয়। কিন্তু মৰিব নোখোজে। জানি শুনিও কৰালগ্ৰাসৰ পৰা ওলাব নোৱাৰে। ইয়াৰ ব্যতিক্রমো নোহোৱা নহয়। সৰু ল'ৰাইয়ো ফোনৰ দ্বাৰাই দুই-এখন পখিলীৰ সৈতে চিনাকি হৈছে। সৰুল'ৰাইয়ো কথাত জোৰ আছে।
  (৮) 
" তুমি চোৱা, মানুহৰ সুখ ক'ত। তুমি আজি চাকৰি বাকৰি কৰা নাইবা অন্যান্য দিশত জড়িত মানুহখিনিলৈ চোৱা। সকলোৱে সুখৰ বাবেই কপালৰ ঘাম মাটিত পেলাইছে। মোৰ বিশ্বাস মণি-মুকুতাৰে উপচাই দিব নোৱাৰিলেও মৰমেৰে সদায় উপচাই ৰাখিমৰাখিম"। মোৰ 'যি মানুহে কোনো চিন্তা নোহোৱাকৈ এসাঁজ ভালকৈ খাব পাৰে তেওঁৱেই সুখী মানুহ" বুলি কোনোবাখিনিত কথাষাৰ পাইছিল৷। 
সিফালৰ  পৰা কথাত যে কটা যায়, কথাত যে বঁটা পায়, এনে ভাৱ হৈছিল বুলি মোক সি কৈ দিয়ে। এদিন সি বিয়া পাতিলে। দেখাই-শুনাই, ঘৰৰ মানুহ লৈ গৈ আনিলে। তাৰ হাতখন যে এনেকুৱা কইনাই  ভালকৈ ধৰিব পৰা নাছিল। হাতখন চাওঁতে ভয়ো খাইছিল। তাইতো বুকুখাল...এনে দৰা চাই অহা নাই। আন্তৰিক ভাৱে ভালপাই আহিছে। লগতে দহেজনৰ দৰে কাম কৰি খোৱাব পাৰিব বুলি তাই বুজি উঠিল। তাতে ঘৰৰ খৰচ, ভায়েকৰ পঢ়াৰ খৰচ সিয়েই বহন কৰে। কৈ থকা শুনো-মই যি হ'লো ,হ'লো সিয়েই অলপ পঢ়ক। তেনেকৈ সি সেইয়াও বহন কৰে। তাৰ পিচত সি আকৌ নাহৰণীৰ সেই চাচীগছৰ পৰা যে তেল ওলায় সেই কামত নিয়োজিত হ'ল। এতিয়া তাতে। নিৰহ-নিপানীকৈ সংসাৰ চলি আছে। মালিকজনৰো সি প্ৰিয় পাত্ৰ। ঘৰৰ লগতে বিয়াখন সুকলমে হৈ যোৱাত মালিকে অৰ্থনৈতিক ভাৱে সহায় কৰিছে। মালিকৰ সি খুব বিশ্বাসী। সি ও কৰ্তব্যত ফাং-ফোং নকৰে। 

(৯) 
পুৱাই এজাক ফিৰফিৰিয়া। ফিৰফিৰিয়া বতাহ। গোটেই আলিবাটটো দেখিছোঁ গছবোৰ হাউলি হাউলি পৰোঁ যেন কৰে। ভয়ো লাগে। কোনোবা কোবত বহাতৰ সৈতে পাতল বৰষুণ জাকে ভয়টো কমাই আহিছে। বাটটোত ঘনকৈ গছবোৰ আছে। সেয়েহে বতাহৰ চাপটো সিমান গম পাব পৰা নাই। গান্দো কজুৱা আহি গৈছেহে। তই কেনেকৈ গম পালি। সৰুপোনাই টপৰাই মাত দিলে। সৰুমাইক হাত দুখনত ধৰি পদূলিলৈ আনিলে। আৰু ক'লে-দেৰগাঁৱৰ পৰা গাখীৰ নিবলৈ আহোতে চাইকেল খনৰ ওজন কম, কিন্তু ঘূৰি যাওঁতে গাখীৰৰ ওজনত চাইকেলৰ চকাৰ চিন চা আকৌ। হয়টো গাঁৱৰ নিভাঁজ মানুহে গাখীৰটো পানী নিমিলায়। চাধা-চিধা মানুহ। আনৰ পৰা অন্যায় কৰা নিয়ম নাই। সৰুপাই তধা  লাগিল। ইমান পোৱালি। চিন্তা মানিলোঁ। লক্ষ্য কৰিছে। এই লক্ষ্য দিগন্ত প্ৰসাৰিত হওঁক। কোনখন চাইকেলৰ চকা। মিহি হাঁহিৰে দুয়োটি ঘৰলৈ সোমাই আহিল। স্কুললৈ যাব হ'লেই এথোন। অৱশ্যে স্কুল দূৰ নহয়। চোতালৰ পৰাই দেখি। আন ল'ৰা-ছোৱালী অহালৈহে চাই থাকোঁ। তাতে পঢ়া-শুনা কৰিবলৈ ইমান মন-চন কম। সেয়েহে ওলাও-নোলাওকৈ থাকে। যেন ছাৰ অংকটো এবাৰ সোমাইছে।এবাৰ ওলাইছে। এবাৰ যাবলৈ মন যায়। এবাৰ নেযাবলৈ  মন যায়। নেযাবলৈ মন যায়টো বেছি। তথাপি কেটেৰা-জেঙেৰাখন কৰি থাকে মা-দেউতাই।যাবটো লাগিবই। তাতে স্কুলখনো পিৰালিতে। ভাবি থাকোঁতে মাৰ হুতাশুনীয়া মাতটো শুনিলোঁ-অই সৰুল'ৰা ওলালি নে? 

 (১০) 
"পিৰালিতে স্কুল খন ইমান পৰ কৰ যে। দূৰৈৰ ল'ৰা-ছোৱালী আহি সাজু। আমাৰ এই গেবাৰীচৱ। কি কৰি খাব নহয় । পঢ়িব নেজানে, কুতা এগছ দাঙি ধৰিব টান পায়। কামৰ কথা কলেই ওলট-পালটকৈ কিতাপখনকে হোৱাই-নোহোৱাই পঢ়িব। তাতে বাপেকৰ গেমেৰা ভুকু আছেই। তেৰি মেৰি কৰা দিনা ভালকৈ এসেকা পাই। দুদিন মানলৈ চুপচাপ। তাৰ পিচত আকৌ আগৰ নিচিনা। স্পিৰিং  টাইপ মন। "সেই গালি-শপনি খোৱা সৰুলৰাই যেন আজি নিজক নিজে পোহৰলৈ আনিলে। বেংক বেলেঞ্চ, পাহাৰসদৃশ সম্পত্তিৰে নহয়। জীৱন-যাপন কৰিব পৰাকৈ কাম কৰি। 'কৰ্মই ধৰ্ম'ৰ দৰেই। সি বাপেকী  হ'লহি।
  বতৰ সেমেকা। বেল বাজিল।ঠেলা-হেচাকৈ ওলাই আহিছে। কিৰিলি পাৰি পাৰি। প্ৰাৰ্থনা। সকলোৱে সেয়েহে বাৰান্দাত থিয় হৈ প্ৰাৰ্থনা কৰিছে-"ব্ৰহ্মাই আদি কৰি জীৱ যত...
সৰুল'ৰাৰ মাক ৰান্ধনি। কম পইচা পায়। তাতে সুখী। ঘৰৰ কাষৰতে বেলগুৰি প্ৰাথমিক বিদ্যালয়। গতিকে যাতায়াতৰ কোনো অসুবিধা নহয়। সোৱাদযুক্ত ৰান্ধে। মইয়ো কেইবাবাৰো সৰুল'ৰাৰ মাকৰ হাতেৰে ভাত এসাঁজ খাইছোঁ।বৰ তৃপ্তি। পৃথিৱীৰ সকলো মা ই বঢ়িয়া ৰান্ধে। সকলো মাৰ বিশাল অন্তৰ আছে। যিয়ে বিপদ-আপদ সকলো সমাধান কৰে। মাৰ কোলা যেন পৃথিৱীৰ আটাইতকৈ সুৰক্ষিত ঠাই। মই সেয়েহে পৃথিৱীৰ সকলো মাক শতকোটি প্ৰণাম কৰোঁ।...

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)