শুনিছেনে কেতিয়াবা তাইৰ
সেন্দুৰীয়া কবিতা!
মনত পৰেনে ?
তাইৰ ভালপোৱা গর্ভৱতী পথাৰবোৰৰ
হিয়া ভগা কান্দোন!
মনৰ দাপোনত সাচি ৰখা
এটুকুৰা সেউজ কলিজা
যেন-----
পোৰা পেট্রলৰ গোন্ধত
হেৰাই যোৱা হৃদয়ৰ পৰশ
নদীৰ পাৰৰ কেতেকীজনী
হেৰাই গ'ল আৰু
হেৰাই গ'ল তাই ভালপোৱা
গছ-লতাবোৰ
এতিয়া তাইৰ গীতৰ সুৰ
নিঃসঙ্গতাৰ পথত।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ