সূৰ্যোদয় । ষষ্ঠ অধ্যায় | ৰাজেন দাসৰ ধাৰাবাহিক উপন্যাস

পংখী মৰাণ
0

মাজুলীৰ এঙাচলীয়া ৰ'দ

(১) 
মাজুলীত আমাৰ আজিলৈ এসপ্তাহেই হ'ল। আজি ভাবিলো ঘৰখনতে থাকোঁ। ইফালে-সিফালে আলেখ-লেখ চাঁও। আইতাৰ ল'ৰা এটি আছে। লাজুক লাজুক চাৱনি তাৰ। মুখমণ্ডল কৈশোৰ দুখযুক্ত। লিংলিঙীয়া, খিংখিঙীয়া ওখ-পাখ, প্ৰায় ৫ ফুট। সামান্য মিঠাবৰণীয়া। বৰ আমোদ লাগিল। হয়, দাদা, মই গোবৰধন।দা---দা...দে...দা...,চাহ-পানী খাব? চাহপানী--? কৈ থাকিব ঢেকঢেকাই হাঁহি থাকিব।চেলেপু শাৰীত পৰিবই নোৱাৰে কাৰণ-
হিঃহিঃহিঃ, হাঃহাঃহাঃ, হুঃহুঃহুঃ ইয়া হু হাঁহি সি নাথাকে। পঢ়িবলৈ পোৱা মতে-বিখ্যাত সাংবাদিক খুশৱন্ত সিঙে কৈছে যে -ভাৰতত কেৱল বঙালী আৰু পঞ্জাৱী বোৰেহে হাঁহিব জানে। বঙালীবোৰে হাঁহে আনৰ ওপৰত আৰু পঞ্জাৱীবোৰে হাঁহে নিজৰ ওপৰত। লক্ষ্মীনাথ বেজবৰুৱাৰ লেখাত পোৱা মতে এজন ইংৰাজে ভাৰত ভ্ৰমণ কৰি কৈ গৈছে যে ভাৰতৰ মানুহে হেনো হাঁহিবই নেজানে। 
বেজবৰুৱাই আকৌ কয়--এনেও আমি হাঁহিব নেজানো? (হাঁহি নামৰ পাঠ এটা পঢ়া মনত নপৰা নহয়) খাম,খাম নিশ্চয়। ৰঙাচাহ তিনি কাপ কৰি আনিলে। গোটেইটো মাইকী মানুহেই। ঘৰৰ দহোবন কৰে। সি হেনো একেটা কথাকে শলাগী কৰি কেইবাবাৰু কৈ থাকে। ৰেপেটিয়াই-চেপেটিয়াই,পেঘেনিয়াই-পেঘেনিয়াই। সেইদিনা কিমানবাৰ যে চাহপানী দিলে লেখ নাই।" অকৰা মৈত উঠিলে লাগে হুৱা-দুৱা"দি হৈছে। কথাটো নজনাৰ পূর্বে কিমান যে মুখ টিপি হাঁহিলোঁ। 
আইতাৰ মুখে গম পালোঁ ।জন্মতে তেনে নাছিল। মাজতে হৈছে। বহুতো চিকিৎসা কৰা হৈছে কোনো সুফল পোৱা নাই। গুৱাহাটী লৈকে কেইবাবাৰো নিছে। প্ৰেছক্ৰিপছনত ঔষধ লিখি দিলে, স্কেনজাতীয় কিবাকিবি কৰা হৈছে নাই তাতো সেই একে অৱস্থা। হয়টো আমাৰ পঢ়া-শুনা কম বাবে কিছু কথা জনাৰ পৰা বঞ্চিত ও হ'ব পাৰোঁ...
(২) 
ল'ৰাটোৰো সুকীয়া পৃথিবী আছে। সি সেইদৰে কিমান কষ্টত আছে উমান লৈছোঁ নে? সেইদৰে সি কেনেকৈ যে দিনৰ পিছত দিন, মাহৰ পিছত মাহ , বছৰৰ...পাৰ কৰি আছে। আভ্যন্তৰীণ জগতত কি বা খেলাই আছে।আৰু বাহ্যিক জগত? যৌৱনৰ ভৰপক জীবনেও ওচৰ পাইছে। স্বাভাবিক জীবনলৈ আহিবলৈ কিমান যে প্ৰয়াস কৰিছে। মই আৰু কৈছোঁ তহঁতে শুন---কৈ যাঁওক। আইতাই একেৰাহে কৈ যায়---মুখেদি লেলাৱতি বৈ থাকে, মই অটাই পিটাই দিও। চকুদুটাই হাঁহি থাকে। ফেচকুৰি মোহাৰি দিওঁ। দেশ, দুনীয়াৰ কথা সাধ্যৰ অলপ বাহিৰত। কেতিয়াবা ভয়ে লাগে। বাৰম্বাৰ চাহপানী কৰি কৰি খৰি, ৰন্ধন গেছ জ্বলাই শেষ কৰি দিব, মানুহ আহিলে সন্মানেৰে মাতে, বাৰে বাৰে মাতি থাকে,...। সেয়েহে প্ৰথমে বহুতে ভুল ধাৰণাই কৰে। শেষত আমি বুজাই কওঁ। কি কৰিবি বিধাতাৰ লিখন কোনে খণ্ডন কৰিব পাৰে, আমিটো নিমিত্তহে! 

(৩) 
এদিন কি হ'ল জান্ ! নেজানো? কি হ'ল? আমাৰ উৎসুক বাঢ়ি গৈছে। ৰাতিয়ে ঘৰৰ পৰা নাইকীয়া হ'ল। ইফালে হোজা ল'ৰা। ভালকৈ একো কথাও কব নেজানে? মই গোঁসাই ঘৰত চাকি-বন্তি জ্বলাইছোঁ, টোপোলা ও আগবঢ়াইছোঁ। হে প্ৰভূ! তাক উদ্ধাৰ কৰিব। সি একো নাজানে? সকলোৱে এই ধৰাত কিবা নহয় কিবা প্ৰকাৰে নিজে জীৱন জীয়াই থাকিবলৈ সুবিধা দি পঠাই।সেইমতে কোনোবা নহয় কোনোবা দিশত নিপুন কৰে, যাতে সি অনাগত দিনত চলি যাব পাৰে। বেজৰ  হতুৱাই চোৱালো। কোন দিশত নো আছে? বেজে দিয়া দিহামতে সি পশ্চিমফালে আছে। তেন্তে গুৱাহাটীত আছে। 
(৪) 
মই সেইদিনা একো বুজিব পৰা নাই। ক'লৈ কেনেকৈ, কিয়,কেতিয়া,কাৰ লগত ক'লৈ গৈ আছোঁ গম পোৱা নাই, কিন্তু গৈ আছোঁ, কাৰ কাৰ  লগত গৈছো তাকো নেজানো, বৰ নিৰৱে নিৰলে গৈ আছোঁ, মোক পৰুৱাই (ভূত-পিষাচ,..) পোৱা নাইটো? , সেইটোৱে  বা কেনেকৈ পাই,তাকো এই অধমৰ মগজুৰ বাহিৰত,...। সেইদিনা মৰি যোৱা যেন পালোঁ অ, সেতুৰ জাতীয় কিবা আছিল নেকি? এইবোৰ কি অদ্ভূত শক্তি। মানুহ পাগল কৰি মাৰিব...। 
 টেটু চিনেমাত দেখিছোঁ।(উদাহৰণস্বৰূপে-এন ইলিগেল ট্ৰেভেল টু ইণ্ডিয়া)অৰ্থাৎ টেটু অঁকাৰ কথা কৈছোঁ। ই এক কলা কৰ্ম। বহু লোক স্বাৱলম্বী ও হৈছে। টেটু সম্ৰাট অভিজিৎ চেতিয়া ৰ নাম নজনা নোলাবই কিজানি। 

   আমাৰ দুই এটা ল'ৰাই তাতে মানে গুৱাহাটী ত ব্যৱসায়সূত্ৰে আছিল। ইয়াৰ কথা গম পাই সিহঁতৰ ৰুমতে ৰাখিছিল । আমাক ফোনেৰে সকলো কৈছিল । পিছত ককা আৰু দাদা মই গৈ তাতে মেডিকেলত অলপ দেখুৱাই ঘৰলৈ লৈ আহিছোঁ । অলপ জ্বলা-কলা খুওৱা নাই। তথাপি সি আমাৰেই পো। তাক টো দলিয়াই পেলাব নোৱাৰি। "হাজাৰ হওঁক নিজ পো...। "
আমাৰ সেইদিনা কাহিনী শুনি এনে লাগিল যেন -জোনাক নিশা আইতাই চোতালত বহি বহি নাতি-নাতিনীহঁতক লক্ষ্মীনাথ বেজবৰুৱাৰ 'বুঢ়ী আইৰ সাধু' কৈ আছে। সেইদিনালৈ" আমাৰো কাপোৰ কানি লেতেৰা হ'ল আমিও গুচি আহিলোঁ "ৰ দৰে সন্ধিয়াটো সামৰি পেলালোঁ। 
(৫)
‌প্ৰশান্তই সেই মানুহঘৰৰ পিছফালে আমাক লৈ গ'ল। সামান্য হাবি।দুই-এজুপি গছ। ভলুকা, মোকাল, কাক' ইত্যাদি বাঁহ আছে। হাবিৰ কাষতে থকা সৰু পুখুৰীলৈ মাছ ধৰা বৰচালনী এখন লৈ গৈছে। গুৰুজীও সহযোগিতা কৰিছে। মেটেকাত  চালনিখন সোমোৱাই দি পানীয়ে চানিয়ে, মেটেকাই-চেটেকাই ভাৰী হয়। 
‌'গৰৈ , গৰৈ, চিৰিকাহে, ভেচেলীও, কঠালগুটি, কুচিয়া (সাপ বুলি ভাবিছিলোঁ,মামৰে ধৰা লোহাৰৰদৰে ৰংটো বাবেহে ধৰিব পাৰিলোঁ), পুঠি... ইত্যাদি মাছ উঠিল। আটাইকেইটাই  ধুনীয়া কৈ ধুই-পখালি আনিলোঁ । এসাজ হ'ব। আইতাই ধুনীয়া কৈ দিহা কৰি ধান দাৱলৈ গ'ল...

‌(৬) 
মাজুলীৰ পৰা কাইলৈ যাম গৈ। ৰাসবন্ধও শেষ হ'ব। আকৌ গতানুগতিক। এইকেইদিন  স্বৰ্গত থকা নিচিনা লাগিল। গুৰুজনাৰ নিদর্শন সচাঁই পৰি পৰি নমস্কাৰ। অসমীয়া জাতিটোক শকত-আবত কৰি থৈ গ'ল।
 এনেতে আইতাৰ ঘৰৰ ৰেডিঅ'ত---
"-গুৰু তুমি গ'লা গৈ অ, আমাক নিঠৰুৱা কৰি থৈ..."।
লাহে লাহে বাজি ক্ৰমশঃ শেষ হৈছে। আ--আ-- আ কি সুন্দৰ। গানে কিমান সুখ দিব পাৰে, সোণৰ গহনাইয়ো দিব নোৱাৰিব কিজানি! সকলো টোপনিৰ লাল কালো হৈ পৰিছে। 
মই ৰাতি শুব পৰা নাই। বহু চাব থাকি যাব। এই অল্পমতিৰ ভাষাৰ অভাৱ অনুভৱ বখানিবলৈ। ইমান নান্দনিক ঠাই। ভোগালী। পিঠাগুৰি ওলোৱা দ'লৰ কথা মা ৰ মুখত শুনিছিলোঁ। চাবলৈ আগ্ৰহ আজিও আছে। বালি, নৈ,জান, জুৰি, গছ-গছনি, ধাননি পথাৰ, সত্ৰৰ সৌন্দর্য,নদীৰ মনোমোহা, মানুহৰ আল-পৈচান, চাংঘৰ, বজাৰ-সমাৰ, স্কুল-কলেজ,... ইত্যাদি এ মুহূর্তে মুহূর্তে পুলকিত কৰি ৰাখিলে। ইমানখিনি আমি দৃশ্য দেখিলোঁ নহয় নে গুৰুজী। হা হা চহী বো-লা। লেকিন-লেকিন-- হমাৰী জু বিমাৰী ফোন মে টু জ্য়াদা ছে জ্য়াদা ফটো ৰ খ নহী পা য়ি...। 
(৭) 
মাজুলীৰ পৰা আহিব মন নাই। তথাপি সময় কাৰোঁৰে বাবে ৰৈ নাথাকে। মানুহঘৰ, মাজুলীখন মনত সোমাই যোৱা যেন অনুভৱ। ফুলি থকা সৰিয়হ ডৰা,পকি সৰি সৰি থকা মাটি মাহৰ মুঠাবোৰ,মূৰৰ ওপৰৰ ভৰদুপৰীয়াটো, ফেৰীঘাটৰ ধূলিয়ৰি ৰাস্তাটো,বগে ঢক ঢকি বালিডৰা, প্ৰকাণ্ড মথাউৰিৰ চৌপাশৰ মিচিং ঐনিতমৰ সুৰ ভাহি অহা গাঁওখন... ইত্যাদি য়ে আহি বৰকৈ কোবাই গ'ল। 
ঘৰলৈ সাজু। নিজৰ নিজৰ কাপোৰ কানি, মাজুলীৰ পৰা কিনি অনা বয়-বস্তু, কিতাপ-পত্ৰ... ভৰাই লৈছোঁ। পাটনাৰহঁত "দৰ্জা-খিৰিকি বন্ধ কৰা, কাৰ কি হেৰাইছে বিচাৰি লোৱা'" (এলপিস্কুল চুটিৰ সময়ত কোৱা সতৰ্কবাণীকেইষাৰ) ৰ দৰে নিজৰ বস্তু যি য'ত আছে ঠিক-ঠাক কৰি ল। কেইবাকিলোমিটাৰ চাইকেল চলাব লাগিব। তাতে ডাঠ বালি। মাজে মাজে বৰ একোটা খোজৰ চাপ। তাতে চাইকেলৰ চকাৰ ঘৰ্ষণ । তাতে চিংগুলো চলালেই বালিয়ে চকা সোফা মাৰে। ডাব্বল হ'লেটো কথাটি সুকীয়া। পুৱা প্ৰায় ৬ মান বজাৰ ফেৰিখন ধৰিব লাগিব। নহ'লে পিচবেলাৰ প্ৰায় ৩-৩০ মান বজাৰ উভটনি ফেৰিলৈ ৰৈ থাকিব লাগিব৷ পূৱ আকাশৰ সেন্দূৰীয়া বেলি ওলালেই। কিন্তু তাৰ বিপৰীতে বতৰৰ সিফালে পানীশৌচো লগতেই আহিব যেন পাঁও। পসানে ৰগৰ উঠাবলৈ কিবা নহয় কিবা গুণগুণায় থাকে। "ৰাম ৰাম ভেকুলীৰ বিয়ালৈ ৰাম আহে ইন্দ্ৰদেৱে, বতাহ-বৰষুণত তিতিহে... । 
(৮) 
ৰাস্তাৰ আশে-পাশে বহু মানুহ। বহু বেলেগ সম্প্ৰদায়ৰ।ঘৰৰ বাৰান্ডাই বাৰান্ডাই ল'ৰা-ছোৱালীবোৰে পঢ়ি আছে। ৰাতিপুৱা চিকুণ পোৱা। এইখিনি সময় কিছুমানৰ বৰ প্ৰিয়। মোৰো। পঢ়া-শুনাৰো সবাতোকৈ ভাল। মনটো সোনকালেই ৰয়। কণ কণ ল-ছালি কেইটাইটাৰ কোনোবাটোএ গাই থকা শুনিলোঁ--"ৰ'দো দিছে, বৰষুণো দিছে, বৰ শিয়ালৰ বিয়া, ঘৰচিৰিকাই তামোল কাটিছে আমাকো এখন দিয়া...। "
চিৰলা-চিৰিলি ৰ'দ চাতি ভালেই লাগে। গা-টঙাবলৈ ভাল ৰ'দ এছাটি দৰকাৰ। যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰুৱ জুবিনে সুৱলাকৈ গাই পেলোৱা গানটো প্ৰশান্তই  ওঁঠত মিচিকি হাঁহিৰ সৈতে গুণগণালেই--"ৰ'দ আজি কেনি গ'ল, খিৰিকি মেলোতেই এন্ধাৰহে পাঁও... "লাহে লাহে গানটোৰ তালে তালে লয়ে লয়ে আমাৰ পেদেল কেৰেকেৰালে...। 
(৯)
আমি আইতা-ককাৰ চৰণত সেৱা এটা কৰি তিনিও ৰাওণা হৈছোঁ। হঠাৎ দা-দা... দা--... অস্পষ্ট শব্দটি বাজি উঠিল। আমাৰ বুজিবলৈ বাকী নেথাকিল সেইয়া আইতাৰ ল'ৰাটো। পিন্ধনত এটা ভৰি চুটিকৈ লংপেন্ট পিন্ধি, বনায়ন পিন্ধি শোকে খুন্দা মাৰি থকা যেন ভাবিলোঁ।শব্দই উচ্চাৰণ কৰিব নোৱাৰোঁ। কান্দো  নো কেনেকৈ। চেষ্টা কৰিছোঁ দাদা বুলি মাতিবলৈ । বৰ কষ্ট হৈছে মোৰ। ডিঙিৰ নলীডালক কিহবাই বাধা দিছে। তাতে গলাটোও শুকাই থাকে। ছেৰছেৰিয়া হৈ আছিল। মই অপ্ৰস্তুত আছিলোঁ যদিও তিনিও চাইকেল এৰি মোক গবা মাৰি ধৰি কোনো নুশুনাকৈ এসোঁতা কান্দি পেলালোঁ। মাকে পিছত বুজাই-বঢ়াই নিলে। আমি পিছলৈ এপাক-আগলৈ এপাক কৰি চাইকেল চলাই গৈ আছোঁ। মাক অভ্যস্ত। আকাৰে-ইংগিতেৰে কেনেকৈ বুজাব লাগে। আমি দহ-পাঁচ -বিশ টকা তাক জেপত ভৰাই দিছিলোঁ। সেইটোকে উলিয়াই উলিয়াই মাক ক দেখুৱাই হাঁহি হাঁহি হাতত ধৰা-ধৰিকৈ ভিতৰলৈ সোমাই যোৱা দেখিছোঁ...। ক্ৰমশঃ আমিও আগবাঢ়িছোঁ। সেইদিনাৰ সেই সময়খিনি সচাঁই মনত পৰিলে কিবাখন লাগি যায়। মানুহঘৰৰ ঘৰুৱা আতিথ্যই সচাঁই আপ্লুত কৰি ৰাখিলে।
(১০) 
 কোনো কষ্ট নোপোৱাকৈ দহোদিন পাৰ কৰিলোঁ। এদিন এদিন লাগি আছে। ধনৰ ধনী নহলেও মনৰ ধনী। এনে মানুহ কাচিৎহে পোৱা যায়। -"দুখীয়াৰ ঘৰত খাবলৈ যাবি, ধনী ঘৰত চাবলৈ যাবি উক্ত বাক্যকেইষাৰি ফেৰিত বহি থাকোঁতে কাণত বাজিব ধৰে আকৌ মেচিনৰ শব্দত শব্দবোৰ ভাগি-ছিগি যায়। মানুহ বৰ কমতে সুখী হৈ থাকিব পাৰি। সুখী হবলৈ বৰ বিশেষ একো নেলাগে। সুখী হ'ব জানিলেই হ'ল। সুখী জীৱন যাপন কৰাৰ আমেজেই  সুকীয়া। মোৰ মনলৈ "কাৰ সুখ নাই"কবিতাটি স্তৱক বিলাক আহিবলৈ ধৰিলে---
(কবি-বলদেৱ মহন্ত) 
"সুখ নাই সুখ নাই ক'তো ধৰুৱাৰ,
অণুমাত্ৰ সুখ নাই চিৰ ৰূগীয়াৰ।...
(১১) 
যথাসময়ত  ফেৰি যোৰহাটৰ নিমাতিত  লাগিল। আমি তিনিও চাহ এটোপা খাই বাট ধৰিলোঁ। মই চাইকেলখন পাৰলৈ উঠাই আনি ওচৰৰ দমকলটোত ভৰি ধোৱাত লাগিলোঁ। হঠাৎ মানুহ দুটা না পা ট্টা । অ-- ক'ত গেল। আ--ৰে--। ভাল বিপাঙত পৰিলোঁ। ফোন মাৰিছোঁ নট ৰিচিবুল কৈছে-আপকে দ্বাৰা দাইল কিয়া নম্বৰ অভি নেটৱৰ্ক ছে বাহাৰ হে... আৰু শুনিব মন নগ'ল। খঙেৰে কাটি দিছোঁ। ধৈর্য অলপ গোটাই ৰৈ দিছোঁ। সুৰীয়া  বতাহ এজাকে কোবাই গ'লহি। তেতিয়া অলপ টোপনি ভাবটো জাগ্ৰত নৌ হওঁতেই... । বতাহজাকে নষ্টালজিক কৰি পেলালে। হঠাৎ চকুৰে দেখি আছোঁ মোৰ চোনাক । লগৰে সীমাক সিদিনা ক্লাচ টেনত চিঠি দি উত্তৰলৈ বাট চোৱাৰ মুহুর্তটোলৈ... 
মোৰ চিঠিখন খুলি দেখা পাইছিল লেতেৰা পেতেৰা তাতে মেটেকা ফুলৰ পাতল চিয়াঁহিৰ দুখীয়া আখৰ কেইটামান। অ'ত-ত'ত দুই এঠাইত কটাকটি।চিঠিখন (লগৰবোৰে ইটো-সিটোৰ,ইজনীয়ে সিজনৰ ঘটক/ঘটকী কামফেৰা কৰি দিয়ে কিবাকে)মেলিলোঁ--
মৰমৰ... , 
      
মোৰ মৰম ল'বা। মই কি বুলি বা কেনেকৈ চিঠি লিখে সেইয়া মোৰ জ্ঞানৰ বাহিৰত। তাতে জন্মৰ পৰা লিখি পোৱা নাই। প্ৰথম তুমি ক্লাচ এইটলৈ আহোঁতে মোৰ মনলৈ -"ঘৰতো নবহে মন সমনীয়া,পথাৰটো নবহে মন কমোৱা তুলাবোৰ যেনেকৈ উৰিছে তেনেকৈ উৰিবৰ মন..."যেন লাগিল । মই তোমাক ভাল পাই পেলাইছোঁ ? অন্ত:কৰণেৰে ! যদি যোগ্যতা তুলাচনিত উঠোঁ সোনকালেই উত্তৰ জনাবা। সীমাৰ হাততে। 

ইতি তোমাৰ 
সোণ-
১/১/২০১০, সোমবাৰ

তাইৰ সংগ্ৰামক স্বীকাৰ কৰোঁ। তাইৰ ভালপোৱাত বহু অনুপ্ৰেৰণা আছে। মোৰো ভালপোৱাই তাইক জীয়াই থাকিবলৈ সাহস দি আহিছে। বিহু আহিলে সেয়েহে মোৰ  মনত যোজনা বাজেই--
"চৰাইলৈ বুলি চিটিকা পাতিলোঁ ঐ
ঐ ডাউকলৈ পাতিলোঁ সাঙী
ঐ মনৰে ভিতৰত ফাঁচিজাল পাতিলোঁ
ঐ তোমাক লগামে বুলি"। 


  তাই অৰ্থাৎ চোনা। তাইৰ কাহিনী বহুত। সকলো মানুহৰে জীৱনত কাহিনী থাকে। কাৰোবাৰ দুখৰ। কাৰোবাৰ সুখৰ। কাৰোবাৰ সুখ-দুখৰ। কাৰোবাৰ দুখ-সুখৰ। চোনাহঁতৰ ঘৰৰ মানুহ সৰহ। তাই সৰুজনী মাকৰ দ্বিতীয় জীয়ৰী। বুদ্ধি চোকা ৰ'দৰ দৰে। লাখেৰাজ জনজাতি হাইস্কুলৰ পৰা মেট্ৰিক পাচ কৰি যোৰহাটৰ সৰ্বোদয় কলেজত হায়াৰ চেকেণ্ডৰী পাচ কৰিলে। তাৰ পিচত আগবাঢ়িব নোৱাৰি- "বাৰীৰে আকোঁৰা কাঠ, ছমাহৰ মূৰত মেলি লৈছোঁ তাঁত" ত ধৰিলে। 

   তাঁতৰ পাতত গুৰুজনাৰ সৃষ্টি ৰাজি উজ্বলি উঠাও দেখিছোঁ। আৰু কাৰু-কাৰ্যই প্ৰতিভাৱান শিপিনিয়ে বয়নশিল্পই সৌন্দর্য, প্ৰগতি লগতে আন আন ব্যক্তিসকলৰ সৃষ্টিৰাজিক বিশ্বদৰবাৰলৈ নিয়াত ই বাট কাটি দিছে। ই-জোনাকী যুগত যে সঁচাকৈ বহুখিনি মানুহে শিকি,বুজি গৈ আছে...। 

ছপা বা প্ৰিণ্ট মেডিয়াত বহু তথ্য পঢ়িবলৈ পাঁও লগতে -লণ্ডনৰ মিউজিয়ামত সংৰক্ষণ কৰি থোৱা জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ বৃন্দাৱনী বস্ত্ৰৰ কথা । ইয়াৰ ইতিহাস সকলোৱে গম পায়। চমুকৈ ক'ব পাৰি এইদৰে-
শংকৰদেৱে ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ পৰা কংসবধলৈকে সমস্ত ঘটনা পৰিক্ৰমা ৰ চিত্ৰ প্ৰস্তত কৰিবলৈ মন মেলে ।তেওঁ বহুটো গুণৰ অধিকাৰী। টোলৰ ছাত্ৰ ওজা,দেৱ উপাধি, শাস্ত্ৰ, কাব্য-মহাকাব্যৰ পৰা-সাহিত্য,সংস্কৃতি,ধৰ্ম,ইতিহাসলৈকে প্ৰচুৰ জ্ঞান অৰ্জন কৰি লোৱা গুৰুজনাই  চিত্ৰ সমূহ বস্ত্ৰত অংকন কৰি তাত বোলাবলৈ ৰং সন 
 বৰপেটাৰ আশে পাশে বনাঞ্চল সমূহৰ পৰা সংগ্রহ কৰে। প্ৰাকৃতিক উপাদান উদাহৰণত ক'বলৈ গ'লে গছৰ ছাল, ফুল, ফল, গুটি, পাত, মূল আদি। এইবোৰৰ পৰা নানাবিধ ৰং প্ৰস্তুত কৰি লৈছিল আৰু সূতাবোৰত বুলাই সাজু কৰিছিল। জোখৰ কথা যদি কওঁ সেই গুৰুজনাই কাপোৰখন ছকুৰি হাত দীঘল আৰু তিনিকুৰি হাত বহল কৰাৰ পৰিকল্পনা কৰিছিল।সেই সময়খিনিত কাপোৰ বোৱা তাঁতী সকলকলে বহু সহায় নিষ্ঠাৰে আৰু শ্ৰদ্ধাৰে পালন কৰিছিল। এই কামখিনি চোৱাৰ  দায়িত্ব গুৰুজনাৰ বঢ়াৰ পো বুলি খ্যাতি থকা মাধৱদেৱক দিছিল।
বৃন্দাৱনী বস্ত্ৰখনৰ প্ৰথমতে কৃষ্ণ জন্ম হোৱা সুতিকা গৃহটোৰ ছবি চানেকীৰ আকাৰে উঠাইছিল। ইয়াৰ পিচতে বস্ত্ৰখনিৰ একাদিক্ৰমে আছিল এনেকুৱা-বাসুদেৱে যমুনা নদী পাৰ হোৱা, নন্দৰ গৃহ পোৱা, কৃষ্ণই পুতনাৰ স্তনপান কৰি বধ কৰা আদি চিত্ৰ। গুৰুত্বপূৰ্ণ কথাটো হৈছে ঘটনাৰ বৰ্ণনা কাপোৰখনত চানেকী আকাৰেও লিখা হৈছিল। সময়ৰ প্ৰয়োজন হৈছিল ছমাহ। এইদৰে কৈ কৈ এদিন চোনাৰ টোপনি অহা মনত পৰি যায়। "তুমি টোপনি গৈছিলা ন"
নাই নাই। মই আকৌ কিয় টোপনি যাম। অ। ঠিকেই আছে। কোনোবাই সুধিলে বৃন্দাৱনীস্ত্ৰখনৰ বিষয়ে এনেকৈ চমুৱাই কৈ পেলাবা। অ। অ। চোনাইয়ো মোৰ দৰে চমু উত্তৰ দিবলৈ শিকি পেলাইছে। 

ৰ'বা আৰু আছে। ফোনত  অসমীয়াতে বিভিন্ন তথ্য পাবলৈ উইকিপিডিয়া,বিকাশপিডিয়া ,নেচনেল ডিজিটেল লাইব্ৰেৰীত এই বস্ত্ৰখনিৰ তথ্যও ফটোসহ পাবাই। শ্ৰীকৃষ্ণৰ বাল্যকালৰ লীলাসমূহৰ চিত্ৰসহ বৰ্ণনা। প্ৰকৃত বৃন্দাৱনী বস্ত্ৰখনৰ কিছু অংশ আজিকোপতি লণ্ডনৰ ভিক্টোৰিয়া আৰু এলবাৰ্ট সংগ্ৰহালয়ত আছে। কিছু অংশ পেৰিছৰ গুইমেটত সংৰক্ষিত হৈ আছে। বস্ত্ৰখনিত খোদিত চিত্ৰই মধ্যযুগৰ অসমীয়া শিপিনীৰ কলা-কৌশলতাৰ নিদৰ্শন দাঙি ধৰিছে। 
আৰু এটা চমুকৈ জুনা সম্বন্ধীয় কৈ সামৰিলোঁ। এনেকৈ কৈছোঁ শুনি যোৱা। সোণে লাচিত কিবৰ্ডতে কথাখিনি টাইপিং কৰি চোনাৰ ককায়েকৰ হোৱাটচআপলৈ চেন্ড কৰি দিলে। টাইপিংত বৃন্দাবনী বস্ত্ৰ ৰ তথ্যখিনিৰ লগতে এনেকৈ আহিল- কৃষ্ণ-ৰাধাৰ কাপোৰৰ প্ৰসঙ্গত জুনা গীতত কৈছে-
"আনন্দে মোহন বংশী বজাই৷
গৈলন্ত গোঁসাই তাঁতীৰ ঠাই৷৷
দূৰতে দেখিয়া তাঁতী হাসয়৷
আমাৰ গৃহক হৰি আসয়৷"
 চোনাই কথাখিনি শুনি চাই আমনি লাগিছিল। তাঁতৰ পাতত যে কত কি হৈ থাকে সেইবোৰ ফেচবুক নাইবা ছ'চিয়েল মেডিয়াত পালেই মোৰ বাবে দাদাৰ  ফোনলৈ পঠাই। মইহে কাপোৰত ফুল তোলা বা আনুসঙ্গিক দুই এটা কামৰ বাদে সিমানবোৰ পৰা গৈ নাই। আন আন শিপিনীয়ে কৰা এনে কামে অনুপ্ৰাণিত কৰে বাবে চাই পঢ়ি থাকোঁ...

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)