স্কুললৈ যাওঁ ব’লা-আব্দুল হাই

Unknown
0
অংক ছাৰে অংক শিকায়
অতি সৰল নীতি।
সমাজ অধ্যয়নৰ ছাৰে শিক্ষা দিয়ে
সমাজ সংস্কাৰৰ নীতি।

বিজ্ঞানৰ ছাৰে বিজ্ঞান শিকায়
প্ৰমাণ কৰি কৰি।
হিন্দী ছাৰে হিন্দী শিকায়
অতি যত্ন কৰি।

ইংৰাজী ছাৰে ইংৰাজী শিকায়
সুৱলা মধুৰ বাণী।
এৰাবিক ছাৰে এৰাবিক শিকায়
কোৰাণৰ সত্য বাণী।

অসমীয়া ছাৰে অসমীয়া শিকায়
আমি অসমীয়া বুলি।
মাতৃ বাইদেউয়ে আমাক যত্ন কৰে
নিজৰ ল’ৰা-ছোৱালী বুলি।

মাজে সময়ে কৌতুক কয়
আমনি লাগে বুলি।
হেড ছাৰে অনুশাসন কৰে
স্কুললৈ নাযাওঁ বুলি।

ব’লা ভাইহঁত ভন্টিহঁত মিলিজুলি
স্কুললৈ যাওঁ।
জ্ঞানৰ পোহৰ যাতে আমি
সকলোৱে পাওঁ।

জ্ঞান আহৰণ কৰি আমি 
দেশৰ কৰিম উন্নতি।
আমাৰ সকলোৰে ওচৰত
এক সচাঁ প্ৰতিশ্ৰুতি।

✍️আব্দুল হাই

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)