১০ জুলাই - ইতিহাসৰ পাতত আজিৰ দিনটো

Rinku Rajowar
0
  • ১৯৬০ চনৰ আজিৰ দিনটোতে ভাৰত-কানাডাৰ যৌথ নিউক্লিয় ৰিয়েক্টৰ ‘ছাইৰাছ’ কাৰ্যক্ষম কৰা হয়।
  • ১৯৬২ চনৰ আজিৰ দিনটোতে - আমেৰিকাৰ দ্বাৰা মহাকাশলৈ পৃথিৱীৰ প্ৰথম দূৰসংযোগী বাণিজ্যিক কৃত্ৰিম উপগ্ৰহ ‘টেলিষ্টাৰ—১’ উৎক্ষেপণ কৰা হয়।
  • ১৯৬৫ চনৰ আজিৰ দিনটোতে - গোৱালিয়ৰত ভাৰতৰ প্ৰথমখন মহিলা এন চি চি কলেজ মুকলি কৰা হয়।
  • ১৯৭৩ চনৰ আজিৰ দিনটোতে - কেৰিবিয়ান সাগৰৰ দ্বীপৰাষ্ট্ৰ বাহামে স্বাধীনতা লাভ কৰে॥
  • ১৯৯২ চনৰ আজিৰ দিনটোতে - প্ৰথম ভাৰতত নিৰ্মিত (প্ৰথম) দ্বিতীয় প্ৰজন্মৰ উপগ্ৰহ INSAT-2A আমেৰিকাৰ পৰা উৎক্ষেপণ কৰা হয়।
  • ২০০৭ চনৰ আজিৰ দিনটোতে - গুৱাহাটী উচ্চ ন্যায়ালয়ত ‘ই-কোৰ্ট’ আচনি প্ৰৱৰ্তন কৰা হয়। সম্প্ৰতি ই-কোৰ্ট আচনিখন ৰাষ্ট্ৰীয় ই-গৰ্ভনেন্স আচনিৰ অধীনত সামৰি লোৱা হৈছে।
  • ২০০৮ চনৰ আজিৰ দিনটোতে - ভাৰতীয় বংশোদ্ভৱ ব্ৰিটিছ সাহিত্যিক ছলমান ৰুশ্বদিয়ে বিশ্বৰ সন্মানীয় ‘বেষ্ট অব বুকাৰ এৱাৰ্ড’ লাভ কৰে।
  • ২০১১ চনৰ আজিৰ দিনটোতে - ৰঙিয়াত পুৰী এক্সপ্ৰেছত ভয়াবহ বোমা বিস্ফোৰণ সংঘটিত হয়।
  • ২০১২ চনৰ আজিৰ দিনটোতে উত্তৰ-পূবৰ বিকাশৰ বাবে এছিয়ান ডেভলেপমেণ্ট বেংকে ২০০ নিযুত ডলাৰ ঋণ প্ৰদান কৰে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)