বিষাক্ত তোমাৰ কাহিনী
ক্ষুব্ধ হৃদয়ৰ মৰীচিকা
তৃষ্ণাতুৰ তুমি মৰুভূমি।
পৰীক্ষা তুমি বিফল
অথচ কৈ আছা তুমি সফল বুলি ।
অহংকাৰৰ তুমি ধ্বংসকৰ্তা
অথচ কৈ আছা তুমি সৃষ্টিকৰ্তা বুলি।
কাৰোবাৰ অভিশাপৰ সাফল্যতা তুমি,
অথচ কৈ আছা
অভিশাপৰ বিফলতাত আশীৰ্বাদৰ সাফল্যতা বুলি।
অপবিত্ৰ তুমি উন্মনা ।
পিছে তুমি আজি কিন্তু পবিত্ৰতাৰ মুখা পিন্ধা যাযাবৰী।
তোমাৰ দুচকুত একুৰা অভিমানী অশান্ত বহ্নি,
যি বহ্নিৰ সন্মোহণত
জাহ যাব তোমাৰ আপোন মনৰ চিনাকী।
তোমাৰ দুচকুৰ চাৱনিত
শিহঁৰিত ক'ত বিষাক্ত মনৰ সুন্দৰ গৰাকী।
তোমাৰ দুটি ওঁঠত
এটি মিঠা মগন হাঁহি।
যি হাঁহিৰ আঁৰত লুকাই আছে
মৰি যোৱা হৃদয়ৰ কিৰিলি।
তেজপিয়া দুটি ওঁঠত
ক'ত যৌৱানপিয়া ওঁঠৰ কমিনী।
ৰিক্ত জীৱন পৰিক্ৰমাত
দকৈ আঘাত সানি
তোমাৰ গৱেষণাত
দুচকুৰে বৈ আহিছে
তেজৰ তৰংগিনী।
হেই অভিযাত্ৰী!!!
কি লাগে তোমাক?
তেজৰ চেঁকুৰা
নে এখন তেজাল নদী?
নে তেজেৰে লুতুৰি- পুতুৰি এটি শৰীৰ?
যি লাগে লৈ যোৱা।
অনতিপলমে লৈ যোৱা।
ভয় লাগিছে তোমাৰ দীঘলীয়া আয়োজন দেখি!!!
তোমাৰ প্ৰতিশোধৰ জুইত চাগে অনাথ হ'ব
কত নিৰ্দয়ী প্ৰেমিকৰ সপোনপুৰী।
✍️বিভাস ভট্টাচাৰ্য।
(নলবাৰী জিলা)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ