প্ৰেমে পেৰি পেৰি-দুৰ্লভ বৰুৱা

অসমীয়া সাহিত্যৰ চানেকি
0
 চমৎকাৰী অন্ধ প্ৰেমৰ মায়াত সন্তানে ধনে-ধানেৰে ভৰা সংসাৰখনৰ জয়ৰাজে পিন্ধোৱা শিৰৰ সেন্দূৰখিনি মোহাৰি তৰাই হিতেশ্বৰৰ হাতৰ সেন্দূৰ পিন্ধি ল'লে। নতুন প্ৰেমৰ উজনি সোঁত। উজাই উজাই চাকনৈয়াতহে পৰিলগৈ। প্ৰেমেই জীৱনৰ সৰ্বস্ব নহয় , বৰঞ্চ নিষ্কৰ্মা প্ৰেমত সংসাৰ সৰ্বস্ৰান্ত! দুৰ্দশা-দৰিদ্ৰতাক দুৱাৰেদি সোমাবলৈ দিলে প্ৰেম-ভালপোৱা খিৰিকিৰে পলাই। নিপোটল মুখখন শুকান চূণৰ টেমি যেন হৈ পৰাৰ যন্ত্ৰণাত তৰাই চিঞৰি উঠিল----" ..... মোক তপত ভাতৰ ধোঁৱাই খালে ! হিতেশ ! তোৰ শুকান প্ৰেমে মোক পেৰি পেৰি কুঁহিয়াৰৰ জাবৰ কৰি পেলালে। কুঁহিয়াৰৰ জাবৰ মানেই মৰা শ .. উস্ .....!!! 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)