কর্ম, ধৰ্মৰ লগত
কিন্তু অধর্মৰ সৈতে নহয়।
ই হয়তো এদিন মোক
মৃত্যুৰ মুখলৈ ঠেলি পঠিয়াব পাৰে
সেয়েহে মই জীয়াই থাকিব
বিছাৰোঁ মুক্ত মনে শান্তিৰ মাজত
কিন্তু অশান্তিৰ সৈতে নহয় ।
মাথোঁ এই পৃথিৱীত
সৃষ্টিশীল মানৱতাৰ লগত
একতা সম্প্ৰীতি আৰু ভ্রাত্ববোধৰ মাজত
বিভেদ বৈষম্যৰ সৈতে নহয়।
মই মুক্ত সহনশীলতাৰ মাজেৰে
জীয়াই থাকিবলৈ বিছাৰোঁ ।
হয়তো উগ্রতাই এদিন
মোক মৃত্যু ঘটাব পাৰে ,
সেই বাবে মই সত্য, প্ৰেম মৰম
আৰু ভাল পোৱাৰ লগত
জীয়াই থাকিবলৈ খোজো ,
সেই বুলি অহংকাৰ আৰু ঘৃণাৰ লগত নহয়
হয়টো এই হিংসাই মোক
এদিন ধ্বংস কৰিব পাৰে ,
মোৰ বিবেকত
জ্যোতিষময় হিমাচল পৰ্বতৰ
আদিম গুহাৰ মাজত
ঋষি মুনিষীৰ দৰে
সত্যৰ সম্ভেদ বিছাৰি
মহান মানৱতাৰ দৃষ্টিত
এক নতুন পৃথিৱীৰ
আদৰ্শ বিচাৰি
সৃষ্টিশীল
মহান মুনিষীৰ
আশীৰ্বাদ বিছাৰি
যাওঁ পূৰ্ণতাৰ আশ্ৰমত
ই হয়তো চিৰ পূজ্য
মহান মুনিষীৰ
অপাৰ কৃপা তোমাৰ
দিয়া মোক মুক্ত জীৱন দান ।
✍️সুমন্ত নায়ক ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ