বিদিশা আহিলে-বিকাশ শৰ্মা

বিদিশা আহিলে মহানগৰীখন ৰোমাণ্টিক হৈ পৰে, ৰিক্সা, ঠেলা, অ'টো উজাগৰে থাকে।চানমাৰিৰ মানুহবোৰে ফুচফুচাই কথা পাতে।


বিদিশা আহিলে পূৱৰ বেলিটো পশ্চিমলৈ যাওঁ যাওঁ কৰে, গাভৰু তৰাবোৰে তাইৰ কলদিলিয়া খোপা চাই থাকে।আবেলিৰ বতাহজাকে তাইৰ মেঘালী চুলিৰ আগত ব্যস্ত হৈ পৰে।


বিদিশা আহিলে জুবিন গাৰ্গে নিলাচল পাহাৰত বহি গান গাই থাকে।চানমাৰিৰ ৰোমাণ্টিক ব্ৰিজখনে হাঁহি থাকে।দীঘলীপুখুৰীৰ মাতাল চৰাইবোৰে উৎপাত কৰে।


বিদিশা আহিলে চিটিবাছবোৰ অচল হৈ পৰে।পুলিচ পইণ্টত ট্ৰেফিক পুলিচবোৰে হাহাকাৰ কৰে,গধূলিৰ ৰঙা সূৰ্য কটন কলেজত পাগলৰ দৰে ঘূৰি ফুৰে।পাণবজাৰৰ অস্থায়ী দোকানবোৰে পেটত গামোচা বান্ধে।


বিদিশা আহিলে দিছপুৰৰ এম.এল.এ হোষ্টেলত জুই লাগে, ফাঁচীবজাৰ ক'মালৈ গুচি যায়,সন্দিকৈ কলেজৰ প্ৰাক্তন প্ৰেয়সীবোৰে চিঞৰি উঠে, প্ৰণৱ কুমাৰ বৰ্মণে ফুটপাথত মাতাল প্ৰেমৰ কবিতা পাঠ কৰে।


বিদিশা আহিলে ভূটনাথৰ 'শ' বোৰে কপালত হাত থৈ বহি থাকে,অ'ত ত'ত মানুহবোৰে নখ কামুৰি বহি থাকে।
বিদিশা আহিলে মই আদাবাৰীৰ বাছষ্টেণ্ডত ৰৈ থাকোঁ...।


                         ✍️ বিকাশ শৰ্মা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send