শৈশৱ ৰোমন্থন আৰম্ভণিৰ সেই দিনবোৰ | খণ্ড- ০১| মিন্টু হাজৰিকা

Unknown
0
গাওঁ খনৰ নৈসৰ্গিক পৰিৱেশৰ লগতে অন্যান্য পৰিৱেশ মন কৰিবলগীয়া। চাৰিওফালে সেউজীয়া। মাঁথো সেউজীয়া। স্থানীয় মানুহৰ দূৰদৰ্শিতাত গাওঁখনক
যান্ত্ৰিকতাই গিলিব নোৱাৰি আচুতীয়াকৈ ৰখাৰ মানসেৰে প্ৰাকৃতিক পৰিৱেশৰ সেউজীয়া আভাই উবুৰি খাই পৰিছে। গাঢ় সেউজীয়া মাজত শাৰী শাৰী শিমলু গছৰ তলসৰা পুস্পবৃষ্টিৰ ৰঙা দলিচাত সৌন্দৰ্য্যৰ উপভোক্তাৰ হৃদয় ব্যাকুল হৈ ন-ন সৃষ্টিৰ পোখা মেলে। হয়তো তেনে প্ৰকৃতিৰ প্ৰেমত ব্যাকুল হৈয়ে বিভিন্ন সুৰ নিগৰি ওলাই কবি-গীতিকাৰে সুললিত ভাৱে ৰাগ নিগৰাই। ঋতু অনুসৰি বিভিন্ন প্ৰান্তৰ পৰা আগমণ ঘটা পৰিভ্ৰমি পক্ষী ঘিলা হাঁহ, বালিমাহী,দাউক, বগলী, শৰালী, বুল-বুল, শগুণ, বৰটোকোলা, মইনা আদিয়ে এই গাঁৱত আহি মন জুৰাই সান্ত্বনা লভে।

গাওঁবাসীৰ অত-তত সিঁচৰিত অযত্ন পালিত পুষ্পোদ্যানত সদা ৰং-বিৰংৰ জবা, নাৰ্জি, বকুল, গোলাপ, তগৰ ফুলৰে জাতিস্কাৰ হৈ  সোন্দৰ্য্যৰ অমিয়া বোঁৱাইছে। ফুলৰ মৃদু সুবাসে ৰঙা- নীলা- ক'লা ভিন্ন ৰঙৰ পখিলা আৰু ভোমোৰা বোৰৰ অবাধ বিচৰণভূমিত পৰিণত কৰিছে। কাষেৰে পাৰহৈ যোৱা মৰনৈ খনে নিমিষ  নেপেলোৱাকৈ গাঁৱৰ ফুলবোৰ চাই থাকে। এবাৰ চুই চোৱাৰ হেঁপাহত মাজে মাজে নদীৰ বুকু চুই বৈ অহা শীতল বতাহে চঞ্চল শিশু এটিৰ দৰে গাঁৱৰ পুস্পউদ্যান বোৰৰ প্ৰাংগণত ভ্ৰমি হেঁপাহ পুৰাই।পাছ ফালৰ পথাৰত হালধিয়া  ফুলৰ শস্যৰ খেতি পথাৰ খনেও হাত বাউলি মাতে। বাৰীৰ চুকৰ বাঁহজোপাই বতাহত মিতিক- মাতাক শব্দ কৰি দাইকী সদৃশ দীঘল আগটোৱে ভৰি থকা পথাৰ খনত নপৰিবৰ বাবে পক্ষী গনক তাগিদা দিয়ে। তাগিদা পাই পক্ষী জাক ওচৰৰ পিতনীলৈ উৰা মাৰে।

গ্ৰাম্য ৰাস্তাৰ দুয়োফালে শিমলু গছ বোৰ। ফাগুণ অহাৰ উমান পালেই লঠঙা ডালবোৰত সন্ধি নোপোৱাকৈ ফুলবোৰ ওলমি থাকে। খেৱালী  বতাহজাকে অনবৰত ফুলবোৰ লিৰিকি-বিদাৰি চুই চায়।  ৰাস্তাটোয়ে হেঁপাহ পুহি ৰাখি মনে-মনে বুকুত গুজি ল'ব খোজে ফুলবোৰ। নিশ্চুপ মনে ৰাতি নিজানত চাই থাকি চকু মুদুতেই হেঁপাহ
 পুৰাই পুৱাৰ ৰাস্তাটো ভমকাফুলিয়া হৈ ভৰি  পৰে। সেই প্ৰকৃতিয়ে পাৰি থোৱা ভমকাফুলিয়া দলিচাত উঠিয়েই গাওঁবাসীয়ে দিনমণিক ওলগ জনাবলৈ পাটভ্ৰমণত লিপ্ত হয়। 

ফাগুনৰ বলিয়া বাৰ অন্তত গাঁৱৰ বুকুলৈ বসন্তৰ আগমণ হয় । গছ-লতা সকলোৱে ন-পাতেৰে আৱৰণ সলাই ধৰাৰ বুকুখন ঘন সেউজীয়া কৰি তোলে। ব'হাগৰ আগমণত শিমলু জোপাই ৰূপ সলাই ন-কুঁহিপাতে ভৰি পৰিছে যদিওঁ অত-ত'ত থুপ খাই ওলমি থকা  শিমলুৰ কল বোৰ পুৰঠ হৈ প্ৰখৰ ৰ'দত ফাটি তুলাবোৰ বতাহত ভ্ৰমি ফুৰি অৱশেষত ভাগৰি খন্তেক জিৰোৱাৰ মানসেৰে কুশবনৰ ওপৰত পৰি তলখন শুভ্ৰ কলি পেলাইছে। দুৰৈৰ পৰা ভালদৰে লক্ষ্য কৰিলে শিমলু জোপা শুভ্ৰ ডাৱৰৰ ওপৰত ওপঙি ভাহি থকা যেন লাগে। যেন এখন স্থল স্বৰ্গহে। কাষতে থকা পুস্প উদ্যানত ৰঙা-বগাকৈ ফুলি থকা জবা- গছৰ ভিন্ন প্ৰজাতিৰ গছবোৰে এই স্বৰ্গভূমিলৈ নিমিস নেপেলোৱাকৈ চাই এই সৌন্দৰ্য্য উপভোগ কৰিছে। কিছু দূৰৈত থকা কলগছ জোপাই পুস্প উদ্যানৰ আঁৰত থকাৰ বাবে এই ৰূপ নেদেখি খঙত জ্বলি-পকি নিজৰ বহল পাতবোৰ নিজেই বতাহক মাতি চিৰিলি-চিৰিলি কৰি ফালি পেলাইছে।

কিন্তু ওচৰলৈ ঢাপলি মেলিলে পুৰঠ শিমলুৰ কলৰ তলসৰা ক'লা চিৰা-চিৰা বাকলিয়ে কুশবনখন কৰ্দয্য কৰি তুলিছে। হয়তো ভালৰ মাজত বেয়াৰ সংমিশ্ৰণতে যে পৃথিৱীৰ আচল ৰূপ লুকাই থাকে তাকে ইয়াৰ মাজেৰে মানৱক ক'ব খুজিছে। ইয়ো সুন্দৰতাৰ আন এক মাদকতা।

গাঁৱৰ ঘৰবোৰৰ বাৰীৰ তামোল গছবোৰত লাগি থকা পৰজীৱি কপৌ, ভাটৌ জোপাবোৰে মাতৃত্বৰ গৌৰেৱে প্ৰস্ফুলিত পুস্পৰে ভৰি পৰে। হয়তো প্ৰকৃতিৰ এনে মনোৰম শিতলতা দেখি  কাষৰ ঝাৰণিত  পৰা হিংসাতে জিলিয়ে চিঞৰ-বাখৰ লগাই। কুকিল কণ্ঠি কুলিটোৱে তাৰ মাতত অসহ্য হৈ গাঁৱৰ মধ্যস্থানত থকা জড়ীগছ জোপাত বহি কু - কু মাতেৰে নিজেই তানপুৰা বজাবলৈ আৰম্ভ কৰে। সুমধুৰ কণ্ঠ শুনি জিলি জনীয়ে লাজত টুপাই বুৰ মাৰে।

বাৰিষাৰ আগমনত গাঁৱৰ দাতিকাষৰীয়া নৈ-খাল ভৰি পৰে। গাতৰ ভেকুলীয়ে বহল পানী পাইসাগৰ বুলি ভাবি আনন্দত টোৰ-টোৰাই গাওঁবাসীৰ গৰাকীয়ে গোৱা সন্ধিয়াৰ স্তুতি প্ৰাৰ্থনাৰ লগত বাদ্য হিচাপে সংগত কৰাৰ প্ৰয়াস কৰে। প্ৰথম জাক মুষলধাৰ বৰষুণ আৰু গাজনী শুনি অপেক্ষাত থকা পিটনীৰ উজানৰ মাছবোৰে কণী পৰাৰ  বাসনাৰ চট্‌-ফট্‌নিত মেলা বহল পানীলৈ ওলাই আহিবলৈ পোহৰৰ অভাৱত থেৰো-গেৰা কৰি থকা দেখি জোনাকী পৰুৱাই টৰ্চ জ্বলাই পোহৰ বিলাই বাট দেখুৱাই পৰোপকাৰিতাৰ পৰিচয় দিয়ে।মাছৰ উভৈনদী পয়োভৰত নিজে ধৰাৰ চখত হাতত জাকৈ , ককালত খালৈ বান্ধি স্থানীয় ৰাইজৰ ডেকা-ডেকেৰীৰ পৰা বৃদ্ধলৈকে একাংশ পথাৰলৈ ঢাপলী মেলে। কোনো কোনো চেঙেলীয়া বয়সৰ চকু চৰহাৰ সেন চকুত সাৰিব নোৱাৰি মাছৰ পোনা বাঁহৰ জাকটো ঘন চালনিৰ সঘন চাকণিৰ অত্যাচাৰত কেবা ভাগত পৰিণত হৈ গুৰু ভাগ পাতত দিয়া মাছলৈ পৰিৱৰ্তন হয়। পোনা বাহৰ মাকৰ বুকু উদং হয়। সদা নদীৰ বুকুলৈ স্নান কৰিবলৈ ঢাপলি মেলা মানুহ বোৰে অজানিতে পেলোৱা খেকা-শেঙুন পয়োভৰ দেখি চেলেকনা মাছে ঠপিয়াই খোৱা প্ৰতিযোগিতাই সকলোকে মন ভৰাই টোলে। ইয়াৰ উপৰিও মৰনৈ বুকুত পতা মাছৰ ফান্দ দলঙা, হুকুমাত বৰালী, গাঁগল, আঁৰি, বাট্‌, কুঁহি, নাৰ,পাভ, কলিয়া জোৱাই, শাল-শ'ল, বামী, ভেলেঙী, পাতিতমুটা আদি লগা মাছৰ যোৰাই স্থানীয় বাসীৰাইজৰ জুতি আৰু ভোগৰ পাৰাপাৰ নোহোৱা কৰি পেলাই। ক'লা পানী কাউৰীবোৰেও মৰনৈ বুকুৰ মাছ থপিয়াই খাই বিতৃষ্ণা লাগি ডেউকা মেলি কাষৰ এঢলিয়া বালিচৰত ৰ'দ ফুৰাই। ঘৰৰ পাৰ কেইটাৰ ৰুণ শুনি ভৰ দুপৰীয়া কৃষকৰ ভাগৰ পলাই সেই এলাৰ্মতে শোৱাপাতিৰ পৰা জপিয়াই পিছবেলা পথাৰলৈ ঢাপলি মেলে।

বাৰিষা অহাৰ লগে লগে সেউজীয়াৰে পথাৰ ভৰি পৰে। যথা সময়ত  সেউজীয়া পথাৰ খনলৈ সোণালিৰ আগমণ ঘটে। গাঁৱৰ  শিপিনীয়ে হাতত কাঁচি লৈ মুঠিৰে পথাৰ ভৰাই পেলাই। তেনেতে পথাৰৰ মোহত ঘৰত মন নবহি শিশু গনেও ঢাপলি মেলে। কলাফুলত আছোৰ খাই প্ৰতিশোধ লোৱাৰ হেঁপাহেৰে নৰাৰ পেপা বনাই মুখেৰে ফু দি পো-পো শব্দ উলিয়াই আনন্দ লভে। ওভটনি পথত  ঘৰ চিৰিকা, টোকোৰা চৰাইৰ তলসৰা সুদক্ষ কাৰিকৰি ঘৰবোৰ মইনা হতে পতা ভাওনাৰ ৰাজমুকুত হয়।মেটমৰা সোণালী ধানৰ বিৰিয়াৰ ভৰত কৃষকৰ দুই কাণ নাচি উঠে। সন্ধিয়া সেই ধানৰে মৰণা পেলাই গৰু হালৰ পাছত তাকুৰি ঘুৰাদি সুতা কাটি গুটি ধানৰ পাহাৰ গঢ়ি স্বস্তিৰ আনন্দ লয়।

     "জ্ঞানকমল" 
  (মিন্টু হাজৰিকা)
  অসম আৰক্ষী অনাতাঁৰ বিভাগ, বৰঘাট আউত পোষ্ট, তেজপুৰ।
জিলা:- বিশ্বনাথ (অসম)।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)