ন- ভুঁই - চিন্ময় ডেকা

অসমীয়া সাহিত্যৰ চানেকি
0
বাৰিষাৰ পথাৰত
ন-ন ৰোৱণীৰে পৰিপূর্ণ।
বোকাৰ গছকত নতুনত্ব;
সেউজীয়া হৈ উঠে, সকলো অনৱদ্য।
কৃষকে হাল,কোৰ মাৰি!
 একোটি আশাৰে পথাৰত কঠিয়া সিঁচি
একাজলী নতুন দিগন্তলৈ বাট চাই,
জানোঁছা, সোণগুটিৰ কল্পনাত বিলীন।
জীৱনৰ বাটত;
কপালৰ ঘাম মাটিত পেলাই,
ৰাতি-দিন একাকাৰ কৰি।
নাঙলৰ সীৰলুত ধৰি,
শেঁতা পৰা হাত দুখন কণ্টকময় পথত;
সপোন সম্ভাৱনাময় অগ্ৰসৰৰ দিশত।
উভয় নদী হৈ পৰে, ন- ভুঁই'ৰে
চিৰ সেউজ পৰিৱেশত এক বিৰল সৌন্দৰ্যত বিদ্যমান 
আকলুৱা কেঁচা মাটিৰ গোন্ধে,
পৰিপূৰক বিশ্লেষণতাৰ গতিলৈ
বোঁৱাই নিয়ে।
কৃষকৰ অদম্য সাহসেৰে ভৰা একাগ্ৰতা!
গাজনি-গুমৰি অহা বৰষুণ জাকে,
প্ৰকৃতিৰ স্বত্বছায়াত আশাৰ সঞ্চাৰ আনে;
ধৰণীৰ পথাৰক নতুন দিগন্তলৈ।
হাঁহি-হেলাৰঙে পাৰ কৰে!
সপোনত উল্লাসিত হোৱা দিনবোৰত কৃষকে
জানোঁছা দুবাহুত সঞ্চাৰ ঘটে,
জীপাল হৈ উঠি কষ্টৰ সাৰ্থক কৰে;
আহিনৰ সেই, সোণবৰণীয়া সোণগুটিৰ ধাননি ডৰা'লৈ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)