সাধাৰণ জ্ঞান

Aditi Tanti
0
১.হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল?
উঃ কুমাৰ ভাস্কৰ বৰ্মন।
২.কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি পাইছিল?
উঃ ১৯৬১চনত।
৩.১৯৭৯চনৰ ১০ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল?
উঃ খৰ্গেশ্বৰ তালুকদাৰ।
৪.গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল?
উঃ ১৯৪৮ চনত।
৫.আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত?
উঃ বশিষ্ঠাশ্ৰমত।
৬.প্ৰথম অসমীয়া বুৰঞ্জীমূলক উপন্যাসখনৰ নাম কি?
উঃ ভানুমতী।
৭.প্ৰথম অসমীয়া আত্মজীৱনীখনৰ নাম কি?
উঃ আনন্দৰাম ঢেঁকিয়াল ফুকনৰ জীৱন চৰিত।
৮.প্ৰথম অসমীয়া ছনেট পুথিখনৰ নাম কি?
উঃ মলাৰ।
৯.' অ'ক টাচাৰ' অসমত কোন চনত প্ৰচলিত হয়?
উঃ ১৯৭২ চনত।
১০.১৯৯৬ চনত ৰাষ্ট্ৰীয় জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত তিনিটা মীট ৰেকৰ্ডসহ নটা স্বৰ্ণপদক বিজয়ী অসমীয়া খেলুৱৈগৰাকী কোন?
উঃ এলভিছ আলী হাজৰিকা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)