আকাশলৈ চাই-দুলুমনি দেৱী

©Admin
1
আকাশলৈ চাই এবাৰ সুধিলো
তুমি কিয় শক্তি নিদিয়া মানুহৰ মনবোৰ বুজি পাবলৈ ?
আকাশে যেন মোক ক'লে
নীৰৱে সোমাই অভ্যন্তৰলৈ
আকৌ ওলায় সুবিধা বুজি
সাৱধান হবা তেনে চাম
মানুহৰ পৰা তুমি,,,,

 জীৱনৰ জটিলতা কুটিলতা
 বুজি নোপোৱা তুমি হলা সাধাৰণ নাৰী
নলবা যন্ত্রনা মূৰ পাতি,,,,,,
 কোনোৱে নকৰিব আদৰ আশ্বাস
দিব মাথো ঠেলা মাৰি,,,,,
 আকাশে আৰু ক'লে
সময়ৰ আহ্বান মানি লৈ যোৱা আগবাঢ়ি
চকুৰ পানীৰ মূল্য বিচাৰি নাখাবা হাবাথুৰি
ৰ'দৰ অমল পুৱাত স্বপ্নৰ চিলা উৰুৱাই
প্রেমৰ তাজ গঢ়িবা,,,,
হেঁপাহৰ এমুঠি জোনাক বিচাৰি পাবা,,,,,
সঁছাই আকাশ তুমি ইমান বিশাল
দিলা সুন্দৰ সমিধান


Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. খুব সুন্দৰ । ভাল লাগিল পঢ়ি ।

    ReplyDelete
Post a Comment