তোমাৰ ঐশ্বৰ্য্য সম্পদ কিমান ,
বিপদ আহিলে কি কৰিবা,
সেই কথা এদিন জনাবানে মোক ?
মই আজি জানিব বিচাৰোঁ
চহকী হোৱাৰ অনুভৱ ইমান প্ৰখৰ কিয় ,
লুণ্ঠনকাৰীৰ শাৰীত কি দৰে থিয় হৈছা তুমি ?
মই জানিব নিবিচাৰোঁ
চাকৰিৰ বাবে মাটি বিক্ৰী কৰি দিয়া টকা
উপঢৌকন হিচাবে কিদৰে হাঁহি হাঁহি লোৱা ---
শিলৰ দৰে কঠিন নেকি তোমাৰ অন্তৰ ?
এই কথা নাজানোঁ মই
কিমান প্ৰলোভনৰ প্ৰতাৰণাত
দৰিদ্ৰ জনে আত্মঘাতী কৰিব লগা হয় ,
তুমিও জানো এজন সামাজিক ব্যক্তি নহয় ?
ক'লাধন ঘটাৰ মন্ত্ৰ কিদৰে শিকিলা,
সম্পদ গঢ়াৰ অস্ত্ৰ চোকা কেনেকৈ কৰিলা ,
উজাগৰি নিশা কি সপোন দেখা ?
মই জানিব নিবিচাৰোঁ
ক্ষমতাৰে কিমান বলিয়ান হ'ব পাৰা তুমি
সেৱাৰ বৃত্তি কিদৰে অৱনমিত কৰা ?
এই কথা জানিব বিচাৰোঁ
কিয় ঘৃণা আৰু অস্পৃশ্যতা উপলব্ধি হোৱা নাই
নিঃকিনজনক শোষণ কৰাৰ স্বত্ব কিদৰে ল'লা ?
নৈতিকতাৰ স্খলনৰ ভাৱৰীয়া তুমি,
সেইয়া কৰ্ম্মজীৱনৰ দক্ষতাৰ প্ৰমাণ পত্ৰ নেকি,
এই কথা জানিবলৈ আমাৰ অধিকাৰ আছে।
মই জানিব নিবিচাৰোঁ ,
লকাৰত থকা অজস্ৰ সোণৰ অলঙ্কাৰৰ হিচাব,
শুনিব নিবিচাৰোঁ অভিজাত্যৰ ভাষা
থাকিব পাৰে তোমাৰ নগদ ধন গোপন কোঠাত।
তুমি এই সমাজত জীয়াই থাকিব লাগিব
অহংকাৰে বিপদাপন্ন কৰিব জীৱন
পাপৰ পৰা মুক্ত হোৱাৰ পথ বিচাৰি নাপাব ।
এই কথা জানিব বিচাৰোঁ
তোমাৰ জ্ঞানৰ চক্ষু কেতিয়া খোল খাব ?
পিচে তেতিয়া তুমি বুঢ়া হৈ যাবা ,
মৃত্যু যন্ত্ৰণাই তোমাক খুলি খুলি খাব ।
টকা আত্মসাৎ কৰিবলৈ হেঁপাহ জাগে তোমাৰ ,
ক'লাধনৰ হিচাব নিকাচ কেনেকৈ কৰা---
মৃত্যু যন্ত্ৰণাই কাকো ৰেহাই নিদিয়ে !
সমাজে জানিব বিচাৰে
জ্ঞান গৰিমাৰে উচ্চ আসনত বহি লৈ
কিদৰে অনৈতিক কাৰ্য্যত লিপ্ত হোৱা ?
মিথ্যাচাৰ কিদৰে সৃষ্টি কৰা
কিহে প্ৰেৰণা দিয়ে ভিন্ন সমস্যা জন্ম দিয়াৰ,
আনক মিছাতে জৱাবদিহী নকৰিবা !
নিৰ্লজ হৈ সুধিব নোৱাৰোঁ তোমাক,
নৈতিকতা কিদৰে শেষ কৰিছা,
ক'লা টকাৰে কিনা ভূসম্পত্তিৰ তালিকাখন,
কোনো দিনা চাব নিবিচাৰোঁ !
মই জানিব নিবিচাৰোঁ
অন্যায় পথৰে গঢ়া সুখময় জীৱন গাঁথা ,
যাত্ৰা পথৰ সেই জকমকীয়া জীৱন ধাৰা ।
আপত্তি কৰা নাই দাম্ভিক কথাৰ
তুমি ক্ষমতাৰ জোৰেৰে কিয় অন্যায় কৰা ?
সুৰঙ্গ খান্দি বাস কৰিলেও এদিন ধৰা পৰিবা,
কাৰাগাৰৰ দুৱাৰ খোলা আছে তোমাৰ বাবে।
ৰাজকীয় কায়দা হেৰাব এদিন
অনুতাপত দগ্ধ হ'ব মন ,
নৰক যন্ত্ৰণাত চটফটাই উঠিব শৰীৰ ,
তেতিয়া মাছ মাংসৰে ভোজ খাব নোৱাৰিবা ।
অন্তিম যাত্ৰাত সকলোৱে হীন চকুৰে চাব
ঘৃণীত অস্পৃশ্য ব্যক্তি ৰূপে শ্মাশানত থ'ব,
চিতাৰ ধোঁৱাই তোমাক ইতিকিং কৰিব,
সম্পদবোৰ এদিন জহি খহি যাব ।
✍️অনন্ত কুমাৰ ভূঞা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ