সৰুৰেপৰাই আকাশীক তিৰবিৰাই থকা তৰাবোৰে আকৰ্ষিত কৰি আহিছিল।দেউতাকক প্ৰায়েই 'অ' দেউতা,তৰাবোৰৰ দুখ নায়েই নেকি' বুলি প্ৰশ্ন কৰিছিল।
আজি তাইৰ মাকো তৰা হৈ গুচি গ'ল।তাই বুজি পালে তৰাবোৰৰ মনতো দুখ থাকে।তথাপি উজলি থাকে,আনৰ মনবোৰো উজলাই তোলে।তায়ো দৃঢ় প্ৰতিজ্ঞ হ'ল তৰাৰ দৰেই সহস্ৰ বাধা নেওচি নিজৰ লগতে সমাজখনকো জিলিকাই ৰাখিব।
✍️অংশুমান ভূঞা
চামতা,নলবাৰী