স্বাধীনতাৰ সন্ধানত বিপ্লৱী বিষ্ণুৰাভা-অনুপম হাতীমূৰীয়া

Unknown
0
১৯৪০ চনৰ কথা । কলিকতাৰ ভিক্টোৰিয়া কলেজৰ বি এছ চিৰ পদাৰ্থ বিজ্ঞান বিভাগৰ ছাত্ৰ বিষ্ণুৰাভা। ইতিমধ্যে চূড়ান্ত পৰীক্ষা শেষ হৈছে। বিষ্ণুৰাভা ঘৰলৈ উভতাৰ সময় হ'ল ।
      পিছে এই সময়ত দেশত স্বাধীনতা আন্দোলনৰ জুই জ্বলি আছে। ডেকা বিষ্ণুৰাভাৰো তেজ উতলি আছে। পৰীক্ষা দি আন ল'ৰাবোৰ সাধাৰণভাৱেই ঘৰলৈ উভতিছে। কিন্তু বিষ্ণুৰাভা 'সাধাৰণ' নহয়। তেওঁ ভিক্টোৰিয়া কলেজৰ তিংখাপলৈ উঠি গ'ল আৰু তিনিবৰণীয়া জাতীয় পতাকা উত্তোলন কৰি থৈ আহিল ।
      পিছে বিপ্লৱী বিষ্ণুৰাভাৰ বিপ্লৱত উতলা তেজ ইমানতে ক্ষান্ত হোৱা বিধৰ নহয়। তেওঁ এই তিনিখন বগা কাগজত ডাঙৰ ডাঙৰ আখৰেৰে তলৰ কবিতাটো লিখিলে -
 "ৰাজ্যে আছে দুইটি পাঠা
  একটি কালা একটি সাদা
  ৰাজ্যেৰ যদি মঙ্গল চাও
  দুইটি পাঠাই বলি দাও ।"
       কাগজ তিনিখন নি তেওঁ ক্ৰমে কোঁচবিহাৰৰ ৰাজপ্ৰসাদৰ সিংহদ্বাৰ, জেন কিনন হাইস্কুলৰ মূধচ আৰু দেৱান বাহাদুৰৰ পদূলিমুখত আঁৰি থৈ আহিল ।
      ব্ৰিটিছ বিষয়াসকলৰ বুজিবলৈ একো নাথাকিল যে কবিতাটোত 'বগা পাঠা' বুলি তেওঁলোকৰ কথাই কোৱা হৈছে আৰু 'ক'লা পাঠা' মানে তেওঁলোকক অনবৰতে তৈল মৰ্দনেৰে সন্তুষ্ট কৰি ৰখা স্বদেশীবোৰক নিৰ্দেশ কৰা হৈছে। বিষ্ণুৰাভাৰ এনে কাৰ্যত ক্ষুণ্ণ হৈ তেওঁলোকে ৰাভাক ২৪ ঘণ্টাৰ ভিতৰত কোঁচ বিহাৰ ত্যাগ কৰিবলৈ নিৰ্দেশ দিলে । পিছদিনা ৰাভা ঘৰলৈ ঘূৰাৰ কথা আছিলেই । পলম নকৰি তেওঁ ঘৰলৈ ঘূৰিল।
       ১৯৩২ চনৰ ৪ জানুৱাৰীত মহাত্মা গান্ধীক ব্ৰিটিছে গ্ৰেপ্তাৰ কৰিছিল। ৰাভাৰ নেতৃত্বত তেজপুৰত বিৰাট প্ৰতিবাদী সমদল গঠন হ'ল আৰু কাছাৰীৰ দিশত আগবাঢ়িল । ব্ৰিটিছে ৰাইজক সঁকিয়াই দিলে যে আৰু আগবাঢ়িলেই লাঠি চালনা কৰা হ'ব । তেনেতে ৰাভাই বুকু ফিন্দাই আগবাঢ়ি আহি পুলিচলৈ চাই গৰজি উঠিল -"ৰাইজক ঘৰ নালাগে, লাগে মাথোঁ স্বাধীনতা । ৰাইজক লাগে মুক্তি।"
       পিছে ৰাভাই বিচৰা স্বাধীনতাও কিন্তু আনে বিচৰাৰ দৰে কেৱল ব্ৰিটিছৰ শাসনৰ পৰা মুক্তিয়েই নাছিল। তেওঁ আছিল সাধাৰণ জনতা আৰু কৃষকৰ নেতা । তেওঁ বিশ্বাস কৰিছিল এই কৃষকশ্ৰেণী তথা শ্ৰমজীৱীসকল পুঁজিপতিৰ শোষণৰ পৰা মুক্ত হ'লেহে সমাজৰ প্ৰকৃত সাংস্কৃতিক বিকাশ সম্ভৱ হ'ব । সেয়ে তেওঁ লিখিছে-
"জাগ্ জাগ্ জাগ্ জাগ্
 মজদুৰ ন-জোৱান 
 নিৰ্যাতিত নিপীড়িত
 কৃষক শক্তিমান"
       ১৯৪৭ চনৰ তথাকথিত স্বাধীনতা সেয়ে বিষ্ণু ৰাভাৰ দৃষ্টিত প্ৰকৃত স্বাধীনতা নাছিল। সেয়ে তেওঁ চিঞৰি উঠিছিল- "ইয়ে আজাদী ঝুথা হ্যেই" । দুহাতৰ এহাতে তুলি লৈছিল ষ্টেনগান আৰু আনহাতে কলম । 
       বিশ্ববিশ্ৰুত শিল্পী পলৰবছনেও লিখিছে যে এটা জাতিৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ বিচাৰ কৰা হয় সেই জাতিৰ শ্ৰমজীৱী জনসাধাৰণৰ অৰ্থনৈতিক অৱস্থাৰ মূল্যায়নৰ ওপৰত । ৰাভাইও বিশ্বাস কৰিছিল যে কৃষিৰ দ্বাৰাহে কৃষ্টি জীয়াই ৰখাটো সম্ভৱ আৰু কৃষ্টিয়েই এটা জাতিৰ মেৰুদণ্ড । এটা জাতিয়ে এই মেৰুদণ্ড পোন কৰি বহিব পৰাটোকহে প্ৰকৃত স্বাধীনতা বুলিব পাৰি ।
      বিষ্ণু ৰাভাই চলোৱা এই কৃষ্টি ৰক্ষাৰ যুদ্ধখনকো আজিও পুঁজিবাদী, সাম্ৰাজ্যবাদী শাসকগোষ্ঠীয়ে স্বীকৃতি নিদিলে । আমি তেওঁক অকল ২০ জুন দিনটোত মনত পেলাওঁ । যি বিষ্ণুৰাভাক ধৰি দিওঁ তাক ১০,০০০ টকা পুৰস্কাৰ দিয়া হ'ব বুলি ঘোষণা কৰা হৈছিল, সেই বিষ্ণুৰাভাৰ নামত এতিয়া চৰকাৰে প্ৰতিবছৰে 'বিষ্ণুৰাভা বঁটা' ঘোষণা কৰে । ই নিতান্তই ভাল কথা । কিন্তু তেওঁৰ আদৰ্শহে যে আজিও তল পৰি আছে, সেয়াহে অতি দুখৰ কথা ।



✍️অনুপম হাতীমূৰীয়া
     বাকচু খেলুৱা, শিৱসাগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)