বুকুত জাগি উঠিছিল
বন্ধুত্ব কৰাৰ প্ৰবল হেঁপাহ।
আনৰ দৰে নহয় দেখোন তই
সেয়ে মন গৈছিল বন্ধুত্বৰ শিকলিৰে
বান্ধ খোৱাৰ।
তই যে কৈছিলি,
তই হেনো নিদিয়া
যাকে তাকে বন্ধুত্বৰ স্থান।
ভাবিছিলোঁ তোৰ সহাঁৰি
নাপাম চাগে কেতিয়াও,
অতি আলসুৱা সূতাৰে
তয়ে দেখোন বান্ধিলি বন্ধুত্বৰ এনাজৰী।
কিছু পাগলামি কিছু হাঁহিৰ ৰঙেৰে
ৰঙীন কৰি তুলিলি।
নাসানিবা দেই তাতে দুখৰ ৰং,
বিশ্বাস, নিষ্ঠা আৰু ভৰষাৰ
থুনপাকত থাকিব দিয়া জীয়াই আজীৱন।
জীৱনেও সলাব সুঁতি
স্বৰ্গতকৈও উচ্চ
পৃথিৱীত কৈয়ো বহল
এক নিভাঁজ জীৱনৰ সাক্ষী।
সচাঁই জীৱনৰ উন্মাদনাত
লাভ কৰা তই দুৰ্লভ উপহাৰ এটি।।
✍️কৰবী দাস
দৰং(নগাওঁ)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ