মানৱ দস্যু-লক্ষীন্দ্ৰ গগৈ

আজি নাই ক'তো সহৃদয়তা ,
নাই ক'তো মানৱতা ,
পৃথিৱীৰ দশোদিশ 
উচ্ছৃঙ্খলে সেতুবন্ধা ।
সহায়ৰ হাতখনে আজি
বিপদলৈ ঠেলি দিয়ে ,
মানৱতাৰ ধৰ্মক আজি
দানৱৰ ৰূপ দিয়ে । 
নম্ৰতাৰ ভাৱৰীয়াই আজি
দস্যুৰ ৰূপ লয় ।
পলকতে নিৰৱতাৰ নিঃশেষ হয়।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send