এমুঠি জোনাক দিয়া-মনশ্ৰী হাজৰিকা


জোনাক ভালপোৱা মানুহবোৰে
আন্ধাৰতো সিঁচি ল'ব পাৰে এমুঠি জোনাক―
দুচকুত পিন্ধি ল'ব পাৰে
ফটফটীয়া পানীৰঙী এখনি ছবি―
বুকুৰ আন্ধাৰ কুঠৰীটোৰ দুৱাৰ খুলি
নিসংকোচে জোনাক আমন্ত্ৰণ কৰি 
নিজেই নিজৰ মাজতে হৈ পৰিব পাৰে
কোনোবা দূৰ দূৰণিৰ স্বপ্নাতুৰ দেশৰ
আলোকসন্ধানী এক পথভ্ৰষ্ট পথিক―!
যাৰ দুভৰিত হাজাৰ কাঁইটৰ খোঁচ ,
দুহাতত ভঙা কলিজাৰ সুৰ ,
তেজৰঙা দুভৰিৰেই আগুৱাই গৈ থাকে
নিৰ্ব্বিকাৰ এটি আলসুৱা মন―
এই যেন ডুবো , এই যেন ডুবো
এপিয়লা জোনাকী নিচাৰ আকুল বন্ধনত !

বহু দূৰ , বহু বাট
ছঁয়াময়া এটি ছাঁ খেদি গৈ থাকে
আকাশ জোনাক―
দুভৰিৰ দূবৰিত ৰৈ যায়
উদং কলিজাৰ এটি সৰল প্ৰাৰ্থনা–
মোক এমুঠি জোনাক দিয়া―
চুবলৈ ,
চাবলৈ ,
বুকুত সী ল'বলৈ―নিগাজিকৈ !

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send