জীৱন যাত্ৰা-অনন্ত কুমাৰ ভূঞা


সুমধুৰ যাত্ৰাৰ 
আমনি লগা ক্ষণৰ
আক্ষেপবোৰ
যোৰা-তাপলি মাৰোঁতেই
সপ্তাহৰ শনি বাৰটো
ওচৰ চাপে ,
কথাবোৰ পাহৰিবলৈ
নৌ পাওঁতেই 
নতুন সমস্যাই দেখা দিয়ে ।

জীৱনৰ মুহূৰ্তবোৰ 
অপচয় হৈছে
মানসিক অৱক্ষয় আগবাঢ়িছে , 
অনুভৱত কেৰোণ ধৰিছে ,
দিবাস্বপ্নত মুচকচ 
গৈছে স্বপ্নিল জীৱনৰ সময় ।

লাহতিৰে পানী সিঁচিবলৈ 
খাল-দোং নাই , 
আলু , দাইল , পিঁয়াজ
দোকানীয়ে উঠনাত নিদিয়ে
দেউলীয়া হয় বুলি ভয় কৰা হ'ল ।

ক্লেশমুক্ত নহয় মন 
ভাগৰ পলুৱাবলৈ
বিছনাখন আছেগৈ লগৰীয়া হৈ ,
ধোদৰ পছলাৰ দৰে
বাতৰি শুনাৰ বাহিৰে কাম নাই----
হেকাৰে হেনো টকা লুটিছে
নাম নজনা নতুন বেমাৰে
টেঁটু চেপিবলৈ খাপপিটি আছে ।

জনসংখ্যা----
বৰ ভয় লগাকৈ বাঢ়িছে
জন্ম দিয়া এই মেচিন বোৰ 
নিয়ন্ত্ৰিত হ'ব কেতিয়া -----?
ডাইনীৰ সন্দেহত 
উখল-মাখল লগাই
সংশয় বিয়পাই দিছে সমাজত ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send