সময়-প্ৰণৱ চক্ৰৱৰ্ত্তী

নৈৰ পাৰত বহি আমি
আকাশৰ কথা পাতিছিলোঁ,
নৈৰ পানীৰ ৰঙ নীলা বুলি
দুয়ো ভুল কৰিছিলোঁ৷
আকাশৰ বিশালতাই
জীৱন গণিতৰ জ্যামিতি
শিকাব পৰা নাছিল,
শিকাব পৰা নাছিল দৰ্শন
অথচ
আকাশলৈ আশাৰে ৰৈ থাকিলোঁ আমি৷
নৈখনে হয়তো ঠিকেই
শিকাব পাৰিলেহেঁতেন সকলো,
অথচ নৈক প্ৰশ্ন কৰাই নহ’ল
ওপৰৰ শান্ত ৰূপ দেখি আমি
অনুমানেই কৰিব নোৱাৰিলোঁ
তলৰ গতি আৰু গভীৰতা৷
নৈৰ পাৰত বহি নৈক এলাগী
কৰাই ভুল হ’ল আমাৰ,
এতিয়া আকাশৰ দূৰত্বই
আমাক এলাগী কৰিলে৷
তুমি আৰু মই এতিয়া
একে পথেৰেই গৈ আছোঁ
লক্ষ্যও হয়তো একেটাই,
হয়তো এই বাটেই শিকাব
আমাক
জীৱন জ্যামিতিৰ সূত্ৰ
জীৱনৰ দৰ্শন।

✍️প্ৰণৱ চক্ৰৱৰ্ত্তী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send