'তিতা - কেহা- মিঠা স্মৃতিৰে ভৰপূৰ বোলে মানুহৰ জীৱন ৷ এই আমুকীৰ জীৱনৰ এছোৱা সময়ো ঠিক তেনে স্মৃতিৰে ভৰি আছে ৷ এ বোলো আজি 'এছজেচিয়ান' খন দেখি 'ফটকচে' সেই স্মৃতিবোৰে মনত খেলিমেলি লগালেহি '' ।
" লুপ্তপ্ৰায় লৱণ "
____________________
কেইবাদিনো ' ঘৰকা খানা ' খোৱা পাছত হোষ্টেললৈ আহিলোঁ ৷ আহি হোষ্টেলত ভৰি দিছোঁ কি নিদিছো , হাঁহ পোৱালিখিনিয়ে ( বৰমাই দিয়া নাম ) গম পালেই , হোষ্টেলত ভৰি দিয়া হাঁহ পোৱালিটোৰ কথা ৷ গোটেইজাকে আহি আমুকীক খুচিব ধৰিলে , বোলে ভনীটিৰ বিয়াৰ পাৰ্টি লাগে ....৷ গৈছোঁ মাৰ লগত , মায়ে মোক হোষ্টেলত থৈয়ে আকৌ টাউন গৈ কিনি আনিলে ' ক’ক’ ' এটা ৷ হাঁহ পোৱালি জাকৰ কি স্ফূৰ্তি .. আজি মঙহ খাব পাব’ , কিহে পায় আও.......
পিছে কথা এষাৰ আছে নহয় , ক্ষন্তেকৰ সুখ বুলি ৷ শিয়ালে কাউৰীটোৰ মুখৰ পৰা কাঢ়ি নিয়া মাংস টুকুৰাটোৰ নিচিনাকৈ আমাৰ মুখৰ মাংস খিনিও যেন কাঢ়ি নিব আজি , তাকো স্বয়ং আমাৰ "অন্নদাতাই" ( হোষ্টেলৰ ৰান্ধনী গৰাকী ) ৷
কেছটো মানে আজি দেওবাৰ ৷ দেওবাৰে হোষ্টেলত ৰাতি মাংস দিয়া দিন ৷ হাঁহ জাকৰ দানা সিজোৱাগৰাকীয়ে ( যাক আমি মৰমত ' 'আন্টী' বুলি কওঁ ) ক'লেহি বোলে , দিনত ' 'ক’ক’টো নাৰান্ধে , ৰাতি ৰান্ধিব আৰু ৰাতিৰ বলিৰ কাৰণে অনা ব্ৰইলাৰ টোৰ বলিৰ তাৰিখ সলনি কৰি পিছুৱাই সোমবাৰলৈ কৰা হ'ব ৷
দুৰ্যোধনে পঞ্চ পাণ্ডৱক বেজীৰ আগকনৰ সমানো মাটি নিদিও বুলি কওঁতে যিমান দুখ লাগিছিল , তাতকৈ বেছি দুখ হয়তো লাগিছে আন্টীৰ কথা শুনি ৷ নাই নাই নাই .... নহ’ব ৷ এইয়া অন্যায় ৷ নাই নহ’ব ...... "We Want Justice" ৷
ন্যায়ৰ আশাত কেইজনীমান গ’ল আন্টীৰ ওচৰলৈ ৷ নাযাওঁ বুলি কোৱা স্বত্তেও লগত নিছে মোক , যিহেতুকে মাংসখিনি আহিছে মোৰ ঘৰৰ পৰা ......গতিকে সেইখিনিত আটাইতকৈ বেছি অধিকাৰ হেনো মোৰ ( সখীসকলৰ ভাষাত ) ৷ কুৰুক্ষেত্ৰৰ ৰণ ৷ আৰম্ভ হ’ল তৰ্কাতৰ্কি , বিষয় এটা কুকুৰা ৷ কুকুৰাটোলৈহে মোৰ দুখ লাগিছিল , বেচেৰা কনফিউজ হৈ গৈছে দুই পক্ষৰ কথা শুনি ........ ডেড চাৰ্টিফিকেটৰ ডেট টোকে যে ফিক্স হোৱা নাই ৷
মোৰো প্ৰায় একেই অৱস্থা ....
এবাৰ আন্টীৰ পক্ষ লৈ কৈছোঁ - ' আন্টী আপুনি জানে কেতিয়া বনাই , যেতিয়া বনালেও হ’ব ৷ '
আকৌ সখীৰ পক্ষ লৈ সখীৰ কথাত হয়ভৰ দিছোঁ ৷
শেষত যেনিবা হাঁহৰে জয় হ’ল ৷ শত্ৰুয়ে পৰাজয় স্বীকাৰ কৰিলে ৷
দুপৰীয়া ভাত দিব হৈছে ,
আন্টীয়ে চিঞৰিলে - ' ঐ ছোৱালী ৷ '
লগে লগে গোটেইজাকে কাঁহী লৈ ৰেডি লাইন পাতিবলৈ ৷ মইয়ো লাহেকে প্ৰত্যেকজনীৰ পৰা 'ধন্যবাদ' টো গ্ৰহণ কৰি কৰি লাইনত থিয় দিলোগৈ ৷ ভাত লৈ চব ৰুমে ৰুমে ৷
এগৰাহ মুখত দিছোঁ , ভাজিখিনি সেৰেকা .... আকৌ এগৰাহ দিলোঁ নাই .... সেৰেকা ৷
হয়তো পৰাজয় স্বীকাৰ কৰিব লগা হোৱাত আন্টীয়ে প্ৰতিশোধ ল’লে , মাংসত নিমখ নিদিলে ৷ খা বাপ্পেকে মাংস ৷ গোটেইজাকে ইজনী সিজনীৰ ৰুমলৈ গৈ নিমখ বিচৰাত লাগি গ’ল ৷
" লুকাভাকু "
_____________
আজি ইউনিট পৰীক্ষা শেষ হ’ল ৷ হাঁহজাকৰো এজনী এজনীকৈ দুজনীমান ঘৰলৈ গ’ল ৷ বাকীখিনিয়ে এতিয়া কি কৰে ... নাই বুলি গল্পৰ কিতাপ এখনো নাই কাৰো ওচৰতে ৷ গোটেইজাকে ভাগে ভাগে এডোখৰ এডোখৰ জেগাত বহি বন্ধন গোটৰ মিটিং বহাদি পাৰ্টী পাৰ্টীকে কথা পাতি আছে ৷ তাৰে এটা গ্ৰুপে লুকাভাকু খেলিব ল’লে , সেইচাট লাগি গ’ল গোটেইজাক লুকাভাকু খেলিবলৈ ৷ দুপৰীয়া গ’ল , আবেলি গ’ল , বেলিও সোমালে , আন্ধাৰ হ’ল খবৰ নাই কাৰো ৷ সৰু ছোৱালী নিচিনাকৈ চব খেলাত ব্যস্ত ৷ মেমে যে কেইবাৰ চিঞৰিলে পঢ়িবলৈ বুলি , নাই কাৰো খবৰ নাই ৷
ওপৰমহলাত আছে আমাৰ হোষ্টেল , তলত থাকে ঘৰৰ মালিক ৷ ২০/২৫ জনী ছোৱালী , তাৰে মাজত আকৌ আছোঁ নহয় কেইজনীমান গজেন্দ্ৰ ....... ৷ যিটো ৰুমত দৌৰি আছোঁ তাৰ ঠিক তলতে হেনো আছে মালিকহতৰ বৰমাৰ ৰুম ৷ ৰাতিৰ সময় ... চাৰিওফালে আন্ধাৰ , নিৰৱতা , সেই নিৰৱতা ভংগ কৰি আমি হৈ - হাল্লা কৰি হোষ্টেল কপাঁই আছোঁ ৷ আমাৰ উৎপাত সহ্য কৰিব নোৱাৰি অৱশেষত বৰমা ওপৰলৈ উঠি আহিবলৈ বাধ্য হ’ল ৷ কোনোবা এজনীয়ে দৌৰি আহি বৰমাৰ আগমনৰ সংকেত দিলেহি ৷ গোটেইজাকৰ মাজত হুৱাদুৱা লাগিল ৷ ক’ত লুকাম , কেনি পলাম ৷ বৰমায়ো মেম’ৰ ৰুমত নোসোমাই পোনে পোনে আমাৰ ওচৰলৈ আহিল ৷
গোটেইজাক ঠাণ্ডা একেচাতে , কেইজনীমান পলাল বেলেগ ৰুমলৈ ৷ ইমান ঠাণ্ডা , ইমান শান্ত , ইমান ভদ্ৰ .... এইজাক কোন অ’ , মোৰে বিশ্বাস হোৱা নাই ৷ ন কইনা একোজনীৰ দৰে গোটেইজাকে নিজৰ নিজৰ ছিটত , ছিট নোপোৱাবোৰে বেৰতে আউজি থিয় দি আছে ৷ বিশ্বাসে নহয় যে এই সৰু ৰুমটোতে ২০জনী (বৰমাৰ ভাষাত হাঁহ আৰু অলপ শুৱনি কৰি আমাৰ ভাষাত ' পাতিহাঁহ ' ) সোমাই আছে ৷ প্ৰায় আধাঘণ্টামান ....কি কি ক’লে কিন্তু এটা কথাও কাণত নোসোমালে ৷ বৰমা গ’ল ৷ মইয়ো লাহেকে বিচনা তলৰ পৰা ওলাই আহিছোঁ ৷ গোটেইজাকে একেলগে হাঁহি দিলে ৷ খেলি থাকোঁতে লুকুৱাৰ পাল পৰাত লুকাব’ লৈছোঁহে , বমাৰ অকস্মাৎ আগমনত তাতে সোমাই থাকিবলৈ বাধ্য হ’লোঁ ৷ এতিয়া যোৱা পাছত ওলাই আহিছোঁ ৷
ওলাইয়ে বিচনাৰ মালিকক কৃত্ৰিম খঙেৰে সতে চিঞৰিছোঁ - "বিচনা তলখন চফা কৰিব নোৱাৰা হা ... গোটেইখন মকৰাজাল - ধূলি হৈ আছে ৷ "
আকৌ মুখ বেকা কৰি বৰমাকো বকিছোঁ - " ইমান দেৰি ভাষণ দিছে ...সোনকালে গ’লেগৈ হয় ৷ "
গোটেইজাকৰ লগত আকৌ এবাৰ হাঁহিলোঁ গিৰ্জনি মাৰি ৷
এইবাৰহে মেমে চিঞৰা শুনিলোঁ -
" তহতে মনে মনে থাক’ নে , মই এচাৰি নিব লাগে ?"
" মেকআপ "
_____________
কাৰো গাতে শান্তি নাই এইকিদিন , কলেজত 'ক্ৰীড়া সপ্তাহ ' চলি আছে ৷ পঢ়া -শুনা বাদেই দিলোঁ ৷ ৰাতি ১২/১ টা লৈকে প্ৰেকটিচ চলে হোষ্টেলত ৷
বেগ গধুৰ কৰি লৈ গৈছোঁ প্ৰয়োজনীয় সামগ্ৰীবোৰ কলেজলৈ ৷ ঢেৰ কিবাকিবি প্ৰতিযোগিতাৰ পাছত আহিল নৃত্য প্ৰতিযোগিতা ৷ সাজিব- কাচিব নাজানো , নিজে সাজু হৈ লৈছোঁ ৷ লগৰখিনিয়ে আকৌ ধৰি-মেলি সজাই দিলে ৷ মেকআপ - চেকআপ কৰি গোটেইজনী একেবাৰে ৰেডি নাচিবলৈ ৷ পাল পৰিল নাচিলোঁ ৷ পাছদিনা আছে ' চালাড প্ৰতিযোগিতা ' , হোষ্টেলৰে দুজনীৰ লগত লগ হৈ ভাগ ল’ম ৷ বজাৰ - সমাৰ আজিয়ে কৰিব লাগিব , কাইলৈ টাইম নাপাম ৷ পিছে এতিয়া যাওঁ কেনেকৈ .....
গৰমৰ দিন .. ৰাতিপুৱাৰ পৰা ইফালে- সিফালে ঘূৰি ফুৰিছোঁ , আকৌ নাচি দিয়া পাছত গোটেইজনী ঘামত টুপটুপীয়া .... ৷ সখীসকলে কৰি দিয়া মেকআপেও অন্য ৰূপ ল’লেগৈ ৷ ঘামত চকুৰ কাজল বিয়পি গৈ পাণ্ডাটোৰ নিচিনা হৈ পৰিলোঁ , চুলিখিনিও ঘামত তিতি চেপেটা লাগিলে ৷ দীঘলকৈ বেণী গুঠিছিলো , বেণী গৈ ঝাৰুটো হ’লগৈ ৷ তাতে এই গৰমত লেহেংগাযোৰ ...... ৷ গছে পাত সলোৱাদি মুঠতে চকুৱে -মুখে ৰূপ সলাই গোটেইজনী " চন্দ্ৰমুখী " যেন ৷ এই ৰূপত নো কেনেকৈ ওলাই যাওঁ টাউনলৈ ....
অৱশেষত সিদ্ধান্ত গ্ৰহণ কৰি সেইদৰেই বজাৰলৈ বুলি ওলালোঁ , সময় নাই .... হোষ্টেল গৈ আকৌ ঘূৰি অহা মানে বহুত দেৰি হ’ব , আকৌ আন্ধাৰ হোৱা আগতে হোষ্টেলত নোসোমালে গালিও শুনিব লাগিব .... ৷
এনেকুৱা লাগিছিল যেন মই " চন্দ্ৰমুখীৰ " শ্বুটিংৰ কাৰণেহে গৈছোঁ , এতিয়াই যেন কোনোবাই ক'ব - " লাইট , কেমেৰা , এক্সন " আৰু মই চকু দুটা টেলেকা কৰি বিদ্যা বালনৰ দৰে মোৰ ডায়লগটো মাতিম -
" আমি মঞ্জলিকা "
নিজৰ ভাৱনাত নিজেই হাঁহি দিলোঁ ৷ ইমান লাজ জীৱনত লগা নাছিল , চন্দ্ৰমুখীৰ বেশত শাকৰ বজাৰ কৰি ফুৰিছোঁ , সোণাৰি টাউনত ....
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ