ৰুষ্ট প্রকৃতি আৰু আমি-অলকেশ খাটনিয়াৰ

       প্ৰকৃতি আমাৰ বাবে এক উল্লেখযোগ্য তথা গুৰুত্বপূৰ্ণ বিষয়। প্ৰকৃতি আমাৰ মাতৃতুল্য। কিন্তু আমি জানো এই মাতৃগৰাকীৰ সম্পূৰ্ণ চোৱা-চিতা কৰিছোঁ?    
             
           প্ৰকৃতিয়ে আমাক বহু দিছে। এতিয়া আমাৰ পাল। আমি প্ৰকৃতিক কি দিম সেইটো চিন্তা কৰাৰ কথা আহি পৰিছে। নহ'লে আমি শেষত নিগমে মৰিব লাগিব। তাৰ বাবে প্ৰকৃতিক সুৰক্ষিত কৰি ৰাখিব লাগিব।   

             আমি মানু্হবোৰ অতি লোভী।  আমাৰ আশা কেতিয়াও শেষ নহয়। কিবা নহয় কিবা আশা কৰি থাকিবই। মানুহৰ আশা কোনেও শেষ কৰিব নোৱাৰে। আজি যদি এটা আশা পূৰণ হয়। কাইলৈ এটা নতুন আশাৰ সৃষ্টি হ'ব।

            মানুহৰ  আশা পূৰণ কৰিবলৈ প্ৰকৃতিক যে ধ্বংস কৰিছে সেয়া কোনেও উপলব্ধি নকৰে। কাৰণ মানুহ অত্যন্ত স্বাৰ্থপৰ। কেৱল নিজৰ কথাই চিন্তা কৰে। মাত্ৰ নিজৰ প্ৰয়োজনৰ কথা ভাবে। প্ৰকৃতিক ধ্বংস কৰি আমি যে বিপদৰ সন্মুখীন হ'ম সেয়াও কোনেও নাভাবে।

              আমাৰ বায়ুমণ্ডলত প্ৰায় ২১% অক্সিজেন আছে। যদি আমি প্ৰকৃতিক ধ্বংস কৰি থাকো তেতিয়া অক্সিজেনৰ পৰিমাণ কমি যাব। বৰ্তমান এই ক’ভিড সৃষ্ট পৰিৱেশত অক্সিজেন নাটনিৰ মুখ্য কাৰণ জানো আমি নহয়? এবাৰ ভাবি চাওঁকচোন।

           উন্নতিৰ শিখৰত বগাবলৈ আমি প্ৰত্যেকেই প্ৰকৃতিক ধ্বংস কৰিছো। যাৰ ফলত বনাঞ্চল কমি আহিছে। তাৰ ফলশ্ৰুতিত খাদ্যৰ অভাৱত বন্য প্ৰাণীয়ে মানৱ সমাজলৈ আহি এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে।

           লাহে লাহে প্ৰকৃতিয়েও নিজৰ খঙাল ৰূপ দেখুৱাবলৈ ধৰিছে। ভূমিকম্প, বানপানী, গৰাখহনীয়া, খৰাং আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগবোৰেও যেতিয়াই-তেতিয়াই আহি মানুহৰ মাজত এক ত্ৰাসৰ সৃষ্টি কৰিছে। এইবোৰ কাৰণ জানো আমিয়েই নহয়।

           আমি কৰা কিছুমান ভুলৰ বাবে প্ৰকৃতি ৰুষ্ট হৈছে। যাৰ ফলত এনেকুৱা প্ৰাকৃতিক দুৰ্যোগে আমাক সকীয়নি দি যায়। আমাক প্ৰকৃতিৰ প্ৰতি যত্নপৰ হ'বলৈ আগজাননী দিয়ে। নহ'লে প্ৰকৃতি ৰুষ্ট হ'লে আমাৰ জীৱনত যতি পৰিব।

            আমি সজাগ হ'বৰ হ'ল। আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰকৃতিক সুৰক্ষা দিব লাগিব। নহ'লে আমি তেওঁলোকৰ ওচৰত অপৰাধী হৈ পৰিম। ভৱিষ্যত প্ৰজন্মক শক্তিশালী কৰি তুলিবলৈ আমি প্ৰকৃতিক সুৰক্ষিত কৰিব লাগিব।

✍️অলকেশ খাটনিয়াৰ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send