কান্দোন -অণুগল্প - অংশুমান ভূঞা

কইনা বিদায় পৰত ভৈৰৱীয়ে হুৰাওৰাৱে কান্দিলে।ৰভাতলিত সমবেত সকলোৱে কান্দিবলৈ বাধ্য হৈ পৰিল।
     ’ঘৰৰ সমস্ত কাম তায়েই চম্ভালিছিল','এতিয়াৰ ছোৱালী হৈয়ো ইমান কান্দিছে'-বাক্যকেইষাৰ উফৰি আহি তাইৰ কাণত পৰিছিল।
     কিন্তু . . .। তাইৰ হোমৰ জুইৰ সমান্তৰালকৈ যে জ্বলি উঠিছিল দীৰ্ঘদিনীয়া প্ৰেমৰ চিতাৰ জুইকুৰা।কোনেও নাজানিলে,কোনেও নুবুজিলে।আনকি দেহে-মনে এক হ'বলৈ শপত খোৱা মানুহজনেও।

✍️অংশুমান ভূঞা
চামতা,নলবাৰী
৬০০২৯৯৪৯৮০

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send